Saturday, 15 April 2017

পুনৰীক্ষণ (৪৬) : ১ - ৭ মাৰ্চ, ২০১৭ : (প্ৰথম খণ্ড)



পুনৰীক্ষণ (৪৬) : ১ - ৭ মাৰ্চ, ২০১৭ : (প্ৰথম খণ্ড) :
পৰ্যালোচক : ড° দীপালী বৰা
কবিতা জীৱনৰ প্ৰতীতি , মানুহৰ চেতনাৰ হিৰণ্ময় প্ৰকাশ ৷ সমাজ , সংসাৰ , প্ৰকৃতি আৰু বোধৰ আধাৰত সুকুমাৰতা তথা সৌন্দৰ্যশালিতাৰ মাজেৰে কবিতাই ৰূপ লয় ৷ মানুহৰ জীৱনত বা প্ৰকৃতিত ঘটিব পৰা যিকোনো সংঘটনাই কবিতাৰ ( সাহিত্যৰ ) বিষয় হব পাৰে যদিহে অন্তৰ্দৃষ্টিৰ গভীৰতা আৰু সাহিত্যগুণৰ সমাহাৰেৰে কবিয়ে ৰসগ্ৰাহী কৰি উপস্থাপন কৰে ৷ মানুহ হিচাপে কবি সামাজিক দায়ৱদ্ধতাৰ আওঁতাৰ ভিতৰ ৷ কবিতা সম্পৰ্কে কব পৰা অনেক কথাই আছে যদিও আজিৰ তাৰিখত এই কথাকেইটাকে প্ৰাসংগিক বুলি ভাৱ হল ৷
আলোচনাৰ বাবে নিৰ্বাচন কৰা কবিতাৰ তালিকা :
১৷ খবৰ -- ৰাজেন দাস
২৷ ফাগুন ঘুৰি ফুৰে -- হিমাংগ দাস
৩৷ আন্তৰিকতিৰ ষ্টপেজ -- ডুলুমণি ৰায়
৪৷ জোক -- অচ্যুত মাধৱ দাস
১ ৷ খবৰ
বাতৰি কাকতখন মেলি লওঁতেই দেখিলো
মৃতদেহবোৰ ওলমি আছে শব্দৰ খাপঁত
শব্দবোৰে চিঞৰিছে
মৰ্মান্তিক ভয়াৱহ
উন্মুক্ত বাক্য এশাৰীয়ে কান্দিছে
নতুনকৈ সংসাৰ পতা ছোৱালীজনীৰ
কপাঁলখন উকা হ'
মানুহবোৰে অভিনয় কৰিছে
এমুঠি চকুপানী
কবি--- ৰাজেন দাস
সাম্প্ৰতিক সময়ৰ ৰূঢ় বাস্তৱ আৰু ভগ্ন মানসিকতাৰ প্ৰকাশ ঘটিছে "খবৰ" শীৰ্ষক কবিতাটোত ৷ "মৃতদেহবোৰ শব্দৰ খাপত উলমি" থকা বৰ্ণনাটোৱে মানুহৰ পৃথিৱীখনক চৌদিশৰ পৰা আৱৰি থকা হত্যা , হিংসাৰ দুঃস্থ পৰিবেশটো উদঙাই দিছে৷ এহাতে মানৱীয় চিন্তাৰ অন্ধ সংগ্ৰাম আনহাতে জীৱনৰ নেপথ্যৰ চূৰ্ণ বিচূৰ্ণ বীক্ষা কবিৰ ভাৱবোধৰ প্ৰাণকেন্দ্ৰ ৷
নৱবধূ এগৰাকীৰ উকা কঁপাল আৰু ভয়ংকৰ সময়ৰ তিতিক্ষাত ৰিক্ত শব্দবোৰৰ মৰ্মান্তিক চিৎকাৰৰ চিত্ৰকল্পৰে সজাই তোলা হৈছে সমকালীন জীৱনৰ হৃদয়হীনতা আৰু কঠিন বাস্তৱ ৷
চাৰিটা স্তৱকৰ মাত্ৰ নশাৰীৰ কবিতাটোৱে আঁটিল শব্দবন্ধৰে প্ৰকাশ কৰিছে উত্তৰ আধুনিক জীৱনযাত্ৰাৰ মানসিক ভীতি ৷
বৰ্ণাশুদ্ধি ঃ
দেখিলো > দেখিলোঁ
খাপঁত > খাপত
কপাঁলখন > কপালখন
২ ৷ ফাগুন ঘূৰি ফুৰে
পকা কৰা দমকলৰ পাৰটো
পুৱা বগা পৰি থাকে
ফাগুন ঘূৰি ফুৰে
.
লেপ কম্বলৰ পৰা ফাঁক বিচাৰি
ভৰি দুখন নাঙঠ হৈ পৰে
ফাগুন ঘূৰি ফুৰে
.
দূৰণিৰ কাৰোবাৰ মাৰৈপূজাৰ ওজাপালিৰ
কঁপা কঁপা সুৰ আহি খিৰিকীত খুন্দা মাৰে
ফাগুন ঘূৰি ফুৰে
.
গাঁওৰ সকলো মানুহ শুই পৰিলে
ইখন বাৰীয়ে সিখন বাৰীৰ পাতেৰে গোপন কথা পাতে
ফাগুন ঘূৰি ফুৰে
.
বিনাসপোনত তোমাৰ কিবা ভাল লাগি পৰে
বিনাসকামত তোমাৰ মন উৰি উৰি ফুৰে
বিনাকাৰণত তোমাৰ বুকুত শিমলুৰ ৰঙাবোৰ ফুলে
ফাগুন ঘূৰি ফুৰে ৷৷
কবি--- হিমাংগ দাস
কঠিন সময়ৰ আঁচোৰতো অৱসান নোহোৱা আশাবাদ " ফাগুন ঘূৰি ফুৰে " কবিতাটিৰ কেন্দ্ৰীয় চেতনা ৷ ফাগুন প্ৰকৃতিৰ অপ্ৰতিৰোধ্য পৰিঘটনা , শুকান নীৰস দিনৰ ৰস শুহি ৰঙীণ পুষ্পমঞ্জৰীৰ ঔজ্জ্বল্যৰে প্ৰকৃতিক প্ৰতিভাত কৰা ঋতু ৷ ফাগুনৰ বৰ্ণময়তাৰ দৰেই জীৱনৰো কিছুমান পৰিঘটনা অপ্ৰতিৰোধ্য ৷ ফাগুনে পৰশি যোৱা জীৱনৰ উন্মাদনাক সুপ্ত কৰাৰ কোনো কৌশল নাই ৷ প্ৰকৃতিৰ এই অনিবাৰ্য সংঘটনাৰ দৰেই মানুহৰ জীৱনলৈও নানানটা প্ৰত্যাহ্বানৰ সৈতে ফেৰ মাৰি ফাগুন আহে আৰু তেতিয়াই সকলোৰে অলক্ষিতে -
" ইখন বাৰীয়ে সিখন বাৰীৰ পাতেৰে গোপনে কথা পাতে"
সময়ৰ কাঠিন্যই বন্ধ কৰি দিয়া খিৰিকীত " দূৰণিৰ কাৰোবাৰ মাৰৈ পূজাৰ ওজাপালিৰ " সুৰ এটাই গুঞ্জন তুলি ফাগুন চঞ্চল অনুভূতিৰে যেতিয়া জীৱনক জীপাল কৰি তোলে -
বিনা সপোনত তোমাৰ কিবা ভাল লাগি পৰে
বিনা সকামত তোমাৰ মন উৰি উৰি ফুৰে
বিনা কাৰণত তোমাৰ বুকুত শিমলুৰ ৰঙাবোৰ ফুলে
ভাৱৰ নিটোল বিন্যাস আৰু সুষম শব্দ প্ৰয়োগেৰে জীৱন আৰু প্ৰকৃতিৰ অনুসংগক একাত্ম কৰি তোলা এক ব্যঞ্জনাময় কাব্য নিৰ্মাণ " ফাগুন ঘূৰি ফুৰে " ৷
বৰ্ণাশুদ্ধি :
গাওঁৰ > গাঁৱৰ
বিনাসপোনত > বিনা সপোনত
বিনাসকামত > বিনা সকামত
বিনাকাৰণত > বিনা কাৰণত
৩ ৷ আন্তৰিকতাৰ ষ্টপেজ
তোমাৰ ব্ৰেণ্ডেড জোতাযোৰতকৈ
আপোন আছিল
তেতিয়াৰ সঁৰিয়হ ডৰাৰ পৰা
ওলাই আহোতে
তুমি পিন্ধি অহা
নিয়ঁৰ আৰু বোকাৰ খৰম ।‌
তোমাৰ উগ্ৰ পাৰফিউমৰ
অসহনীয় গোন্ধটোতকৈ
আপোন আছিল
নিলগৰ পৰা পোৱা
তোমাৰ ঘৰ্মাক্ত গেঞ্জীৰ সুৱাস ।‌
এতিয়াৰ তোমাৰ বিলাসী বাইকৰ হৰ্ণত
প্ৰতিধ্বনিত নহয়
টিলিঙাৰ সেই আগ্ৰহ
নাথাকে ফোনকলসমূহত
চিঠিৰ আৱেগ
চাৱনিত সেই আকুলতা ।‌
সময়ৰ বৰষুণজাকত
টোপাটোপে সৰি পৰিছে
তোমাৰ স্বাভিমান
নিয়নৰ বুকুৱে কাঢ়ি লৈছে
তোমাৰ জোনাকৰ হেঁপাহ ।‌
কায়া এটি হৈ
একেই আছা তুমি
একেই আছো মই
মাথোঁ সলনি হৈছে
ভালপোৱাৰ পথত
আন্তৰিকতাৰ ষ্টপেজ ।‌।
কবি ---- ডুলুমণি ৰায়
সৰল চহামানসৰ জীৱন মাধুৰীৰ বিপৰীতে আধুনিকতাই কঢ়িয়াই অনা বস্তুবাদী ধাৰণাক প্ৰত্যাখ্যান কৰা হৈছে " আন্তৰিকতাৰ ষ্টপেজ" কবিতাত ৷ ব্ৰেণ্ডেড জোতাৰ চিকমিকনিয়েই হওক বা উগ্ৰ পাৰফিউমৰ গোন্ধেই হওক , ই যান্ত্ৰিকতাৰ এক অভিশপ্ত উন্মাদনা যত মাটিৰ গোন্ধৰ মাদকতা নাই , কৰ্মময়তাৰ সৌকৰ্য নাই ৷ তাহানিৰ সৰল জীৱন বীক্ষাৰে আজিও অম্লান , বিলাসী বাইকৰ হৰ্ণ অথবা ফোনকলৰ ধাতৱ শব্দৰ কৰ্কশতাৰ বিপৰীতে চাইকেলৰ টিলিঙাৰ ছন্দোময় শব্দমাধুৰী অথবা চিঠি এখনৰ প্ৰতীক্ষাৰ আকুলতা ৷
সময়ৰ ধামখুমীয়াত হেৰাই যোৱা সৰিয়হফুলীয়া জীৱনৰ জোনাকী হেঁপাহ কাঢ়ি , সৰল চহামানসক পঙ্গু কৰি পেলোৱা আধুনিক জীৱনে মানুহৰ মনলৈ কঢ়িয়াই অনা স্বাভিমানৰ পৰিপ্ৰেক্ষিতত ক্ৰমশ সলনি হৈ গৈছে প্ৰেমৰ পৰিভাষা, আন্তৰিকতাৰ সুবাস৷
"তেতিয়াৰ সৰিয়হডৰা" আৰু এতিয়া নাই , অতীত হৈ গৈছে ৷ অতীতৰ সমস্ত সৌৰভ হেৰাই যোৱা এই কালগ্ৰাসত ক্ৰমশঃ বিলীয়মান জীবন্ময়তাক এক সহজ প্ৰকাশভংগীৰে বৰ্ণনা কৰা হৈছে৷
বৰ্ণাশুদ্ধি :
সঁৰিয়হ > সৰিয়হ
নিয়ঁৰ > নিয়ৰ
৪৷ জোক
বেৰৰ জলঙাৰে সৰকি অহা পোহৰত জিলিকিছিল
মানুহটোৰ পেটত লিপিত খাই থকা
এডাল জোক।
ভদীয়া ভাগৰে হেঁচা মাৰি ধৰা টোপনিৰ জালতো
সি ভোৰ্-ভোৰাই
--
আৰু কিমান তেজ খাৱ
তেজখোৱা জোকবোৰ সি পথাৰৰ পৰা আনে
এইবাৰ আহু ধানত চৰহা পোক পৰিল
তাৰ কলাফুলত লমা-লমে জোক
এইবাৰ শালি ধান বানত মৰিল
তাৰ নৰিয়া দেহত জোকে কিল-কিলায়
এইবাৰ হালৰ গৰু চবকাত পৰিল
তাৰ মূৰৰ তেজ জোকে শুহিল।
এইদৰেই কন্ট্ৰলৰ দোকানৰ খাতাত বাঢ়ে
ভোক আৰু জোকৰ হিচাপ
দ-হোলাৰ মহজোক এডালৰ দৰে বাঢ়ে
বন্ধকীত থোৱা অভাৱ
জোকবোৰ বগাই ফুৰে তেজহীন মানুহৰ গাত
থোপা-থোপে এন্ধাৰ সানি দিয়ে
সৰি পৰা সপোনবোৰৰ ছাঁত
এইবাৰ শুকুৰবৰীয়া হাটত লেউ-লেউ জোক
ৰঙা ব্লাউজতকৈয়ো জিলিকিছে মানুহটোৰ মুখ।
হাটত মালভোগ এথোক বেছি সি
ৰঙা ব্লাউজ এটা আনিছিল মানুহজনীলৈ
তাইৰ শুকান পিয়াহ খাবলৈ
ব্লাউজতো লাগি আহিছে এডাল জোক।
তেজহীন মানুহবোৰে জোকলৈ ভয় নকৰে
চাদা-চূণেৰে ৰঙাকৈ খোৱা তামোলৰ পিকেৰে
জোক মাৰে,
জোকবোৰ মৰে
জোকবোৰ মৰিলেও আকৌ ওলায়
জোকে খোৱা মানুহবোৰ মৰিলে আৰু
দুনাই নোলায়।
কবি --- অচ্যুত মাধৱ দাস
"জোক" শোষণ , দমন আৰু প্ৰৱঞ্চনাৰ বিপৰীতে অহৰহ সংগ্ৰামত ব্ৰতী হোৱা মানুহৰ চিৰন্তন সংগ্ৰামৰ দলিল ৷ অভাৱী , দুৰ্বলী মানুহৰ তেজ শুহি নোদোকা হোৱা শোষকৰ পোনপটীয়া প্ৰতীক হল "জোক" ৷ হাজাৰজন পীড়িতৰ তেজৰ বিনিময়ত গঢ়ি উঠে জোকৰ সাম্ৰাজ্য ৷ জোকৰ নিৰন্তৰ আক্ৰমণত অভাৱী মানুহবোৰৰ ভোক বাঢ়ে আৰু বাঢ়ি অহা অভাৱৰ হেঁচাত ক্ৰমশ তল পৰি যায় তেওঁলোকৰ পোহৰপিয়াসী স্বপ্ন ৷ জোকৰ আগ্ৰাসী পিপাসাৰ পৰা সাৰি যাব নোৱাৰিলেও তেওঁলোক কিন্তু ভীতিগ্ৰস্ত নহয় বৰং গঢ়ি তোলে প্ৰতিৰোধৰ মথাউৰি, কাৰণ জোক মৰাৰ আদিম কৌশল তেওঁলোকে জানে ৷ জোকবোৰ হলে ৰক্তবীজৰ জাত , মৰি মৰি জীয়ে ; মাথোঁ মানুহবোৰ সঁচাসঁচিকৈ মৰে ৷
কবিতাটোত সৰল প্ৰতীক আৰু পোনপটীয়া বৰ্ণনাৰে প্ৰকাশ কৰা হৈছে সমাজ জীৱনৰ এক বিক্ষিপ্ত ছবি ৷ শব্দ ব্যৱহাৰ তথা প্ৰকাশভঙ্গীৰ শিথিলতাৰ প্ৰতি কবি কিছু সচেতন হোৱাৰ থল আছিল ৷
বৰ্ণাশুদ্ধি :
ভোৰ্- ভোৰাই > ভোৰভোৰাই
মা- লমে > লমালমে
কিল - কিলায় > কিলকিলায়
থোপা- থোপে > থোপাথোপে
পৰ্যালোচক ~ দীপালী বৰা
সদস্য, আখৰুৱা।
৭ এপ্ৰিল, ২০১৭
_________________________
ব্যৱস্থাপকৰ মন্তব্য:
---------------------------
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩) এইবাৰৰ পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
ক) খবৰ -- ৰাজেন দাস
খ) ফাগুন ঘুৰি ফুৰে -- হিমাংগ দাস
গ) আন্তৰিকতিৰ ষ্টপেজ -- ডুলুমণি ৰায়
ঘ) জোক -- অচ্যুত মাধৱ দাস
৪) উল্লেখ্য যে পৰ্যালোচকে মূল কবিতাত থকা বানানৰ ভুল আঙুলিয়াই দিছে আৰু তালৈ কবিসকলৰ সঁহাৰি বিচাৰিলোঁ।
ঘোষণা অনুসৰি ১০ এপ্ৰিল, ২০১৭ তাৰিখে প্ৰকাশ পাবলগীয়া এই খণ্ডটো প্ৰকাশৰ ক্ষেত্ৰত বিলম্ব হোৱা কাৰণে আমি দুঃখিত আৰু ক্ষমাপ্ৰাৰ্থী।
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
জোনমণি গগৈ
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
১৫ এপ্ৰিল, ২০১৭

No comments:

Post a Comment