Monday, 24 April 2017

সীমা



সীমা



সীমা কেৱল মগজু থকা
মানুহৰ বাবে
গছ-লতিকা ,জীৱ-জন্তুৰ
কোনো সীমা নাই
কোনো পৰিসীমা ।
সীমাৰ বাবেই বাল্মীকিৰ ৰামায়ণ
সীতা হৰণ -- কুলবধূৰ কাল
হস্তিনাপুৰ ধংস --কুৰুক্ষেত্ৰৰ যুদ্ধত
সীমাও যেন এক সীমাহীন শক্তি
সীমাই ন ন ইতিহাস ৰচে
পৃথিৱীত সীমাৰ পাকচক্ৰত
টানি আনে বিষাদৰ জোৱাৰ
ৰেডক্লিফে আজুৰি ভাঙিলে
সাতামপুৰুষীয়া হেঁপাহ ঘৰবোৰ
হাজাৰ হাজাৰ জনতা গৃহহীন হৈ
নিজৰ বুকুতেই গুজৰি -গুমৰি
হিলৈ ফুটাইছিল নিৰৱে চকুলোৰে
আৰম্ভ হ'য় ভাৰত -পাকিস্হানৰ মাজৰ সীমা-বিবাদ
চিৰবৈৰী হৈ ৰ'ল দুখন দেশৰ সম্পৰ্ক
কাঁটা তাৰৰ বেৰৰ আঁৰত লুকাই থাকে
সীমা বিবাদৰ অশ্লীলতা
ধংসপ্ৰাপ্ত হয় মানৱতাৰ ।
সীমাই সমাজত এৰি দিয়া অজগৰ ডালে
ক্ৰমে গিলি পেলাব নাৰী স্বাধীনতা
আঁউল লাগি যায় সত্বাত
লাহে লাহে গজিব ধৰে এলান্ধুবোৰ ।

কবি:-
লীনা হাজৰিকা

No comments:

Post a Comment