Friday, 21 April 2017

খোজ



।। খোজ ।।
(১)
বাটৰ শেষৰ বাট এটাৰ দৰেই
মুখ বাগৰি সলনি হয় কথা
কিছু এৰে
কিছু ধৰে
এনেকৈয়ে সলনি হয় শিপা।
বনজুই জ্বলাদি জ্বলে কথা,
কথা বুলিলেই বতাহ।
(২)
জোনৰ শেঁতা পোহৰত
দুখে খেদি ফুৰে সুখ
বালি চাপৰিত
নিঁয়ৰৰ অথন্তৰীয়া খোজ।
অনাহুত সময়ে
হেঁচি ধৰে মোৰ
বিৱৰ্ণ মুখ,
ঠিক যেন
আইৰ অসুখ।
বি:-
উইল চিদ্দিকুৰ ৰহমান।

No comments:

Post a Comment