পুনৰীক্ষণ(৪৭):৮-১৪
মাৰ্চ, ২০১৭ : (দ্বিতীয় খণ্ড) :
পৰ্যালোচক ~ অচ্যুত মাধৱ দাস
________________________
সমালোচনাৰ
তত্ত্বৰে কবিতা এটিক ন্যায় দিয়া অথবা সাহ বাজ কৰাটো মোৰ বাবে “মুকং কৰোতি বাচালং পঙ্গুং লঙ্ঘয়তে
গিৰিম্" ৰ সদৃশ। তথাপিও কান্ধপাতি লোৱা দায়িত্বক Reader response criticism ৰ দৰে ঠাঁচ এটা দিয়াৰ যত্ন কৰিলোঁ। দায়বদ্ধতাৰ কথাটো ওলাওঁতেই- ইংৰাজ চিন্তানায়ক চি. এইচ.
লুইচে কোৱা কথা এষাৰি আওৰাওঁ “আধুনিক কবিতাৰ পাঠক কেৱল আধুনিক কবি” অসমৰ প্ৰেক্ষাপটত কথাখিনি সম্পূৰ্ণৰূপে মানি ল’ব নোৱাৰিলেও, সম্পূৰ্ণ ৰূপে নস্যাৎ কৰিবও নোৱাৰি। এই কথাষাৰিয়ে বৰ্তমানৰ
কাব্যচৰ্চাকাৰীসকলক কবিতাৰ প্ৰতি দায়বদ্ধ হোৱাৰ কথাই ইংগিত বহন কৰে।
সেই দায়বদ্ধতাৰেই মোৰ দৰে পংগুৰ এই গিৰি আৰোহণ।
সেই দায়বদ্ধতাৰেই মোৰ দৰে পংগুৰ এই গিৰি আৰোহণ।
সমকালিন ফেইচবুকত
চলিত কাৱ্যচৰ্চাত মাজে-মধ্যে যি হীনমন্যতা দেখিবলৈ পোৱা যায়, সেয়া সমূলি অমূলক। এতিয়া আৰু সেই দিন
নাই। কিন্তু চিন্তাৰ কথা হ'ল, কাৱ্যচৰ্চাত যি শৃংখলাবদ্ধতা থকা উচিত, সেয়া এতিয়াও দেখা পোৱা নাই, হয়তো আখৰুৱাই এখন মঞ্চ যি এই বিষয়ত ঠিক মাইলৰ খুঁটি নহৈ মৰুভূমিৰ
মাজত নাদৰ দৰে অৱস্থান কৰিছে। ফেইচবুকত সঁচা অৰ্থত
চমৎকাৰ কৰিব পৰা কবিতাৰ সৃষ্টি হৈ থকা দেখিছোঁ, যি সঠিক অৰ্থত ন্যায় প্ৰাপ্তিৰ
পৰ্য্যালোচনা পোৱা নাই, আনহাতে কিছু কবি এতিয়াও সেই আত্মকেন্দ্ৰিক-ৰোমাণ্টিক ভাবাৱেগৰ
উচ্ছাসতেই বান্ধ খাই আছে। লগতে গছত গৰু
উঠা অৰ্থসাৰশূন্য উপমা-ব্যঞ্জনাৰ ভাৰ ব’ব নোৱাৰা বোজা আৰু এৰিবলগীয়া লিৰিকেল কৌশলকে সাৱটি
গদ্-গদ্ হৈ আছে। এইখিনিতেই এলিয়টক আওৰাই যাওঁ- “ Poetry is not
a turning loose of emotion an escape from emotion, it is not expression of
personality, but an escape from personality”
“ফেইচবুক আমাৰ কামৰ ঠাই”। এই ফেইচবুকত সময় অতিবাহিত কাম (Time pass work) হিচাপে অথবা গণভোটৰ লোভত কাব্যচৰ্চা কৰাটো একেবাৰেই অশোভনীয় কথা বুলিয়েই ধৰোঁ। কবিতাৰ পৰা যশপ্ৰাপ্তি হ’ব পাৰে, কিন্তু যশপ্ৰাপ্তিৰ বাবে কবিতা নহয়। মোৰ বোধেৰে
কবিতা এক নিৰলস বহিৰ্মুখী আত্মনিমগ্ন তপস্যা। সেই তপস্যাৰ সিদ্ধিৰেই আমাৰ কবিসকল স্ৰষ্টাৰ পৰা সৰ্বদ্ৰষ্টা হোৱাৰ লক্ষ্যৰে আগবঢ়া উচিত।
ফেইচবুকত কবিতা
চৰ্চাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হ’ল ইয়াত কোনো ধৰণৰ অনুমোদনৰ (Censor) ব্যৱস্থা নাই, সেই হেতু বহুতে পাহৰি যায় কবিতা লিখা যে
চাৰ্ট হাউচৰ ফাষ্ট-ফুদ তৈয়াৰ কৰাৰ দৰে কাৰবাৰ নহয়। ই এক সালোক-সংশ্লেষণ প্ৰক্ৰিয়া। মাটিৰ পৰা তুলি অনা আলোক উপাদানেৰে নিৰ্মাণ হয় হৰিৎকণা সদৃশ
একো-একোটা সাৰ্থক কবিতা। সেয়ে নীলমণি ফুকনে কোৱাৰ দৰেই কওঁ পৰিপক্কতাৰ বাবে আমাৰ কবিসকলে দেশী-বিদেশী অনেক সাহিত্য অধ্যয়নৰ প্ৰয়োজন আছে।
°°°°°°°
মোৰ পৰ্য্যালোচনাত তুলি লোৱা প্ৰথমটো কবিতা কবি দীপ্তি দেউৰী বৰাৰ
১/ “আৰু সৰি নপৰক কুমাৰী জোন”
°°°°°°°
মোৰ পৰ্য্যালোচনাত তুলি লোৱা প্ৰথমটো কবিতা কবি দীপ্তি দেউৰী বৰাৰ
১/ “আৰু সৰি নপৰক কুমাৰী জোন”
মানুহবোৰে কোৱাকুই
কৰিলে-"তাইৰ বুকুত বতাহ লাগিছিল" |
ঠিক তেনেকৈয়ে পৰি
আছিল তাই
যেনেদৰে সিহঁতে পেলাই থৈ গৈছিল
যেন উচিষ্ট খাদ্যৰ পলিথিনৰ টোপোলা কুকুৰে চিৰাচিৰ কৰিলে
যেনেদৰে সিহঁতে পেলাই থৈ গৈছিল
যেন উচিষ্ট খাদ্যৰ পলিথিনৰ টোপোলা কুকুৰে চিৰাচিৰ কৰিলে
আমি দৌৰিছিলো
কোনে জানো ৰিঙিয়াই ক'লে" কাপোৰ এখন গাত দি দে উদং হৈ আছে" |
কোনে জানো ৰিঙিয়াই ক'লে" কাপোৰ এখন গাত দি দে উদং হৈ আছে" |
হাতদুখন বুকুত থৈ
বিৰবিৰালো ...নিৰ্জনতাত সৰি নপৰক কুমাৰী জোন
তাইৰ এখন হাত
সজোঁৰে মাটিত খামুচি আছিল...
ভৰসা আছিল মাটিত |
ভৰসা নাছিল বুকুলৈ আগবাঢ়িযোৱা নাঙঠ হাতবোৰৰ |
ভৰসা আছিল মাটিত |
ভৰসা নাছিল বুকুলৈ আগবাঢ়িযোৱা নাঙঠ হাতবোৰৰ |
নাৰীবাদ উত্তৰ
আধুনিকতাবাদৰ এটি প্ৰপঞ্চ। নাৰীবাদক বিষয়বস্তু হিচাপে দাঙি ধৰিব পৰাটো সমকালিন অসমীয়া কাব্য সাহিত্যৰ
অন্যতম বিশিষ্টতা। কবিতা এটা নিৰ্দিষ্ট দৰ্শনলৈ টনাটো বৰ সজ
কথা নহয়। কিয়নো আধুনিক কবিতা মানেই বহুমাত্ৰিক। দীপ্তি দেউৰী বৰাৰ কবিতাটো পুঞ্জীভূত হৈ আছে গভীৰ আশাবাদেৰে লিখা বৰ্তমান সমাজত ভূ-লুণ্ঠিত
নাৰীৰ মৰ্মকথা। কবিতাটোত প্ৰথমে আপাত দৃষ্টিত সৰল কথকতাৰেই আৰম্ভ কৰিলেও তাত গভীৰ ভাববস্তু এটাকেই প্ৰক্ষেপ কৰিছে। প্ৰথম শাৰীতে কবিয়ে সমাজ আৰু
কুমাৰী জোনৰ দৰে এগৰাকী ছোৱালী- এই দুই পক্ষৰ দ্বন্দ্বক তুলি ধৰিছে। মনকৰিবলগীয়া কবিয়ে “গাত বতাহ লগাৰ” সলনি “বুকুত বতাহ লগা” কথাটো সচেতন ভাৱেই প্ৰয়োগ কৰিছে যেন বোধ
হয়। সম্ভৱতঃ বিষয়বস্তুক পাঠকৰ বুকুত দ’লৈ শিপাবৰ বাবে এই প্ৰয়াস।
“……যেন উচ্ছিষ্ট খাদ্যৰ পলিথিনৰ টোপোলা কুকুৰে ছিৰাছিৰ কৰিলে” এগৰাকী ভূ-লুণ্ঠিত নাৰীৰ মৰ্মকথাক লেখিবলৈ যি ক্ষোভ, উত্তেজনা আৰু অমানৱীয় নৃশংসতাৰ প্ৰকাশ হ’ব লাগে, সেয়া এই শাৰীটোত সুন্দৰকৈ প্ৰকাশ হৈছে।
অৱশ্যে এই স্তৱকত কবিৰ কাব্যিক
অনুভূতিতকৈ গদ্যৰ উচ্চলতা বেছি তীব্ৰ হ’ল। কবি এইক্ষেত্ৰত কিছু সচেতন হোৱাৰ প্ৰয়োজনবোধ কৰোঁ। সেই একেই কথনভংগীৰেই আৰম্ভ হোৱা তৃতীয় স্তৱকত নৃশংসতাৰ লগতে শিৰোনামৰ আশাবাদে ভূমুকি
মাৰিছে। সেয়া প্ৰকাশ পাইছে এক শ্ৰেণী মানুহৰ দ্বাৰা, যি ৰিঙিয়াই হ’লেও কৈছে উদং দেহাটোৰ ওপৰত কাপোৰ এখন দি দিয়াৰ কথা। আনহাতে এই স্তৱকতেই দ্ব্যৰ্থকভাৱে ক’ব পাৰি যেন সমাজৰ কুটিলতাৰে সেই নৃশংসতাক ঢাকি ৰখাৰ চেষ্টা কৰিছে আৰু কবিয়ে চতুৰ্থ স্তৱকত গভীৰ আশা আৰু প্ৰত্যয়েৰে কুমাৰী জোনৰ সেই নৃশংস গাথাক যেন
নিৰ্জনতাত হেৰাই নোযোৱাৰ কথা কৈছে। কবিতাটিত বুকুত হাত থৈ
যুঁজ দিয়াৰ সেই প্ৰত্যয়ৰ কাব্যিক প্ৰকাশ মুগ্ধ হ’বলগীয়া। শেষৰ স্তৱকৰ ৰূপক, প্ৰতীকবোধ আৰু চিত্ৰকল্প অতি আকৰ্ষণীয়। ‘নাঙঠ হাতবোৰ’, ‘মাটিক খামুচি’, ‘মাটিক ভৰসা’ আদি প্ৰতীকী প্ৰকাশেৰে কবিয়ে নৃশংসতা, বিশ্বাস আৰু সংশয়ৰ
এক বহুমাত্ৰিক চিত্ৰকল্পৰ নিৰ্মাণত কবি সফল হৈছে।
শেষত কওঁ কবিতাটিক উপস্থাপন কৰোঁতে উত্তৰ আধুনিকতাবাদৰ বিধিবিশেষ (rubrics) অমানুষিকৰণ (dehumanization) আৰু বিশেষকৈ যৌন উত্তেজনাবাদৰে (eroticism) বিষয়ক পাঠকৰ গভীৰ উপলব্ধিৰ বাবে নৃশংস আৰু অকৃত্ৰিম ভাবে উপস্থাপনৰ থল আছিল যেন বোধ হয়। কবিলৈ শুভকামনা থাকিল।
শেষত কওঁ কবিতাটিক উপস্থাপন কৰোঁতে উত্তৰ আধুনিকতাবাদৰ বিধিবিশেষ (rubrics) অমানুষিকৰণ (dehumanization) আৰু বিশেষকৈ যৌন উত্তেজনাবাদৰে (eroticism) বিষয়ক পাঠকৰ গভীৰ উপলব্ধিৰ বাবে নৃশংস আৰু অকৃত্ৰিম ভাবে উপস্থাপনৰ থল আছিল যেন বোধ হয়। কবিলৈ শুভকামনা থাকিল।
{কবিতাটি ভুল বানান সমূহ-
উচিষ্ট, দৌৰিছিলো, চিৰাচিৰ, সজোঁৰে, আগবাঢ়িযোৱা-- উচ্ছিষ্ট, দৌৰিছিলোঁ, ছিৰাছিৰ, সজোৰে, আগবাঢ়ি যোৱা}
°°°°°°°°°°°
মোৰ পৰ্য্যালোচনাত তুলি লোৱা দ্বিতীয় কবিতাৰ কবি প্ৰশান্ত কলিতাৰ
২/ 'বস্তিৰ এটুকুৰা বিস্কুট’
উচিষ্ট, দৌৰিছিলো, চিৰাচিৰ, সজোঁৰে, আগবাঢ়িযোৱা-- উচ্ছিষ্ট, দৌৰিছিলোঁ, ছিৰাছিৰ, সজোৰে, আগবাঢ়ি যোৱা}
°°°°°°°°°°°
মোৰ পৰ্য্যালোচনাত তুলি লোৱা দ্বিতীয় কবিতাৰ কবি প্ৰশান্ত কলিতাৰ
২/ 'বস্তিৰ এটুকুৰা বিস্কুট’
ঘেৰি ধৰিছিল
আধি-খোৱা অনাথিনীক নিচুকনি বিছনাখনত
প্ৰসূতিৰ উদং বুকুত পিয়াহ খেপিয়াই নাপায় বিস্কুট ,তাৰেই বেটুপাত।
প্ৰসূতিৰ উদং বুকুত পিয়াহ খেপিয়াই নাপায় বিস্কুট ,তাৰেই বেটুপাত।
আচৰিত প্ৰকৃতি , চিকুণ চোলাৰ চাণক্য নীতি আধি-ব্যাধি
কানি-মুনিত কাঠচিতীয়াৰ অনিয়ন্ত্ৰণ হাতত বলি , এটুকুৰা কানি l
কানি-মুনিত কাঠচিতীয়াৰ অনিয়ন্ত্ৰণ হাতত বলি , এটুকুৰা কানি l
বৰ্ণাঢ্যক বলাৎকাৰ
l বস্তিত নিচুকা কোলাত ক্ষুধা জাতকৰ শুদা
হাতত
ছাইৰেণ চিৎকাৰ , পিয়াহ বিচাৰি কলিজাই কলিজাক আঁচোৰ l
ছাইৰেণ চিৎকাৰ , পিয়াহ বিচাৰি কলিজাই কলিজাক আঁচোৰ l
বিধানৰ অবিধি , উষ্ম তেজৰ কণাত প্ৰসূতি নিশা
বেচা কিনা ভেজাল মুখা , পৰিবেষ্টনৰ বিচনাত পেছাদাৰী l
বেচা কিনা ভেজাল মুখা , পৰিবেষ্টনৰ বিচনাত পেছাদাৰী l
সূচনা জাৰি , জোৰা টাপলিৰে শিৰোনামা , আকৌ পয়া লগা নীতি
নিচুকনি বিচনাৰ বেটুপাত শীৰ্ষক , ঘাতকৰ দুহাতত বাৰম্বাৰ ডামিনী ।
নিচুকনি বিচনাৰ বেটুপাত শীৰ্ষক , ঘাতকৰ দুহাতত বাৰম্বাৰ ডামিনী ।
চিত্ৰ নাট্যৰ
ব্লেক লাইট । পদ্মিনী , চিত্ৰিণী , শঙ্খিনী , হস্তিনী
প্ৰাৰ্থনা নহয় সংগ্ৰামৰ মৰ-সাহ , বনবাসী নহওঁক নে উপন্যাস ।
( নাৰী আৰু জীৱন ,ডামিনীৰ মৃত্যুৰ ধুতি-নীতি কেতিয়া আঁতৰিব ? )
প্ৰাৰ্থনা নহয় সংগ্ৰামৰ মৰ-সাহ , বনবাসী নহওঁক নে উপন্যাস ।
( নাৰী আৰু জীৱন ,ডামিনীৰ মৃত্যুৰ ধুতি-নীতি কেতিয়া আঁতৰিব ? )
প্ৰশান্ত কলিতাৰ
কবিতাটি এটি উষ্ণ মানৱতাবাদৰ ৰূপক। কবিতাটিত শোষিত-নিস্পেষিত শ্ৰেণীৰ যন্ত্ৰণাকাতৰ আকুতি মৰ্মস্পৰ্শী
ৰূপত প্ৰকাশিত হৈছে। কবিতাটি কাৱ্যিক গুণৰ ফালৰ এটা অতি
অগতানুগতিক শক্তিশালী প্ৰকাশ। লিৰিকেল আবেগ আৰু সস্তীয়া ৰোমাণ্টিচিজিমৰ ভাৱ ভাষা এখেতৰ কোনো কবিতাতেই দেখা নাযায় অথচ এক আকৰ্ষণীয় শক্তিশালী প্ৰকাশ কৌশল এখেতৰ আছে। মাজে
মাজে প্ৰতীকী ব্যঞ্জনাৰ অতি সাংঘাতিক প্ৰয়োগে
কবিতাবোৰক এক অন্য স্তৰলৈ তুলি ধৰে। কলিতাৰ কবিতাত খন্তেকীয়া উন্মাদ কৰিব পৰা শ্লোগানধৰ্মিতাৰ পৰা সচেতনে আঁতৰি আছে বুলি বোধ কৰোঁ। কিয়নো বহু কবিৰ
ক্ষেত্ৰত শোষিত-খাটিখোৱা মেহনতি মানুহৰ কথা লিখিবলৈ যাওঁতে কবিতাক অচেতন
ভাবেই প্ৰায়ে শ্লোগানধৰ্মিতাৰ দোষে চোৱে।
কবিয়ে কবিতাটিৰ
আগচালিতে “তাৰেই বেটুপাত” বুলি আধা-পেটীয়া পুষ্টিহীন প্ৰসূতিৰ বুকুত সদ্যজাতে গাখীৰ নাপায়, নাপায় এটুকুৰা বিস্কুট বুলি পাতনি মেলা গাথাৰ অতি মৰ্মস্পৰ্শী অকৃত্ৰিম প্ৰকাশ হৈছে। “নিচুকনিৰ বিচনাত” এই স্তৱত অতি সুন্দৰ প্ৰতীকী, সৰ্বহাৰা বস্তিৰ এগৰাকী মাকৰ হাতত নিচুকনিৰ আশ্ৰয়ৰ বাদে যে একো নাই তাৰে
সকৰুণ উপলব্ধি স্তৱকটোত পোৱা যায়। দ্বিতীয় স্তৱকত সমাজ ব্যৱস্থাত শোষণৰ বাবে ব্যৱহৃত চাণক্য নীতিক প্ৰকাশ কৰিছে।
তৃতীয় স্তৱক
কবিতাটোৰ আটাইতকৈ আকৰ্ষণীয়। “বৰ্ণাঢ্যক বলাৎকাৰ”ৰ দৰে শক্তিশালী আৰু সুন্দৰ ব্যঞ্জনাৰ প্ৰয়োগ খুব কম কবিৰ ক্ষেত্ৰত দেখোঁ, একেটা স্তৱতেই “ছাইৰেণ চিৎকাৰ” আন এটা সুন্দৰ ব্যঞ্জনা, লগে লগে আছে “কলিজাই কলিজাক
আঁচোৰ” এনেকুৱা অকৃত্ৰিম শক্তিশালী প্ৰকাশ
দেখিলে প্ৰাণৰ আবেগেৰে চিঞৰি চিঞৰি পাঠ কৰাৰ
বাদে আমাৰ দৰে পাঠকৰ হাতত গত্যন্তৰ নাথাকে।
গোটেই কবিতাটিৰ
জুৰি আছে এক অভিজাত প্ৰকাশ আৰু নাটকীয়তা। সংগ্ৰাম, ক্ষুধা, শোষণৰ অকৃত্ৰিম মৰ্মস্পৰ্শী প্ৰতিলিপি। মাজে মাজে দুই এক অংশত ভাৱ কথা কিছু অসংলগ্ন হৈছে। তাৰ
প্ৰতি লক্ষ্য কৰি এনেদৰে চৰ্চা কৰিলে কবিৰ প্ৰচুৰ সম্ভাৱনা দেখা পাওঁ।
কবিলৈ শুভকামনা।
°°°°°°°°°
মোৰ পৰ্য্যালোচনাত তুলি লোৱা তৃতীয়টো কবিতা কবি জুলি বৰুৱাৰ
কবিলৈ শুভকামনা।
°°°°°°°°°
মোৰ পৰ্য্যালোচনাত তুলি লোৱা তৃতীয়টো কবিতা কবি জুলি বৰুৱাৰ
৩/ “নাৰী”
আইৰ আচঁল তলৰ
বৰ্দ্ধিত জোন
সমষ্ট ভাৱনাৰে প্ৰেম যন্ত্ৰণাৰে
ময়েই গঢ়ো সংসাৰ
গঢ়ো ত্যাগৰ পাহাৰ ,
মোৰ বুকুতেই দয়া মায়া
চিৰ চেনেহী কায়া
চিৰ স্বাশ্বত প্ৰকৃতিৰ দৰেই
মোতেই সৃষ্টিৰ আমোঘ মন্ত্ৰ,
মই চিন্তা কৰো জীৱন বোৰৰ
মই আশীৰ্বাদেৰে হৰো --
সমস্যাবোৰক
গোষ্ঠি সংঘৰ্ষত গৃহহাৰা নিৰ্য্যাতিতা গোষ্টি
--ময়েই
কালৰ গ্ৰাসত পুত্ৰশোকত বাউলি
দুৰ্ভগীয়া মাতৃ গান্ধাৰীও ময়েই
ময়েই দ্ৰৌপদী------
মোৰ বিবৰ্ন হৃদয়ৰ ক্ৰন্দনত
ডাৱৰৰ মাৰল বন্ধা আকাশ
ময়েই শক্তি -কৰুণাময়ী-মৃদুভাষী -অবলা
গৰ্জন মুখেৰে কওঁ
নিশব্দ হ দুঃ সময় বাহকবোৰ
তহতি ভয় কৰিবলৈ ল
যুগ -যুগান্তৰৰ দৰে
সংহাৰকাৰী শক্তিয়ে ধ্বংসীব তোক
বৰ্বৰতা নৃশংসতা লুলুপতাৰ দৃষ্টিৰে
কোনো কালেই নিচিনিবি মোক
নাৰী মই ধুমুহাৰ দৰে
সুৰুয ৰ দৰে
ময়েই সলাও সময় ।।
সমষ্ট ভাৱনাৰে প্ৰেম যন্ত্ৰণাৰে
ময়েই গঢ়ো সংসাৰ
গঢ়ো ত্যাগৰ পাহাৰ ,
মোৰ বুকুতেই দয়া মায়া
চিৰ চেনেহী কায়া
চিৰ স্বাশ্বত প্ৰকৃতিৰ দৰেই
মোতেই সৃষ্টিৰ আমোঘ মন্ত্ৰ,
মই চিন্তা কৰো জীৱন বোৰৰ
মই আশীৰ্বাদেৰে হৰো --
সমস্যাবোৰক
গোষ্ঠি সংঘৰ্ষত গৃহহাৰা নিৰ্য্যাতিতা গোষ্টি
--ময়েই
কালৰ গ্ৰাসত পুত্ৰশোকত বাউলি
দুৰ্ভগীয়া মাতৃ গান্ধাৰীও ময়েই
ময়েই দ্ৰৌপদী------
মোৰ বিবৰ্ন হৃদয়ৰ ক্ৰন্দনত
ডাৱৰৰ মাৰল বন্ধা আকাশ
ময়েই শক্তি -কৰুণাময়ী-মৃদুভাষী -অবলা
গৰ্জন মুখেৰে কওঁ
নিশব্দ হ দুঃ সময় বাহকবোৰ
তহতি ভয় কৰিবলৈ ল
যুগ -যুগান্তৰৰ দৰে
সংহাৰকাৰী শক্তিয়ে ধ্বংসীব তোক
বৰ্বৰতা নৃশংসতা লুলুপতাৰ দৃষ্টিৰে
কোনো কালেই নিচিনিবি মোক
নাৰী মই ধুমুহাৰ দৰে
সুৰুয ৰ দৰে
ময়েই সলাও সময় ।।
আগ চালিতেই
নাৰীবাদ সম্পৰ্কত অৱস্থিতিবাদী বুদ্ধিজীবি চিমন দ্য ব’ভাৰ কথা এষাৰি আওৰাওঁ- “জন্মতে কোনো নাৰী হৈ নজন্মে, পিছতহে গৈ নাৰী হয়। ( one is not born but rather became a
women)। প্ৰখ্যাত উক্তি ফাঁকিয়ে স্পষ্ট কৰে নাৰী যে এক শক্তি আৰু সুস্থিৰ
অস্তিত্ব ই জন্মজাত নহয় লাহে লাহে গঢ়ি উঠে। ঠিক এনে কিছুমান কথাক লৈ কবি জুলি বৰুৱাৰ কবিতাটি নিৰ্মাণ কৰা হৈছে। বিশেষ প্ৰতীকী ব্যঞ্জনাৰ সহায় নোলোৱাকৈ
নাৰী জীৱনৰ শোষণ আৰু সংগ্ৰামক কবিতাটিত সুন্দৰকৈ প্ৰতিফলিত কৰিছে। অৱশ্যে সমকালিন আধুনিক কবিতা এটাৰ দৃষ্টিৰে চালে কবিতাটিত কিছু কচৰতৰ
প্ৰয়োজনবোধ কৰোঁ। কবিতাটোত সমাজৰ নাৰী সম্পৰ্কীয় ঘটনাৰ ওপৰত সৰল আৰু বস্তুনিষ্ঠ প্ৰকাশে কাব্যিকতাত আঘাত কৰিছে। পাঠকক আকৰ্ষণ কৰিব পৰাকৈ মৌলিক আৰু
সূক্ষ্ম চিন্তনৰ অভাৱ পৰিলক্ষিত হ’ল। বিশেষকৈ শেষৰ শ্লোগান ধৰ্মী হোৱাও দেখা গ’ল। কবিতাটোত ভাল লাগি যোৱা এটা দিশ হ’ল সমাজমুখী আৰু ৰুচিবোধ সম্পন্ন বিষয়
এটাক কবিয়ে পাঠকৰ আগত দাঙি ধৰিবলৈ যৎপৰোনাস্তি কৰিছে। কবিৰ ক্ষেত্ৰত সম্ভাৱনা দেখোঁ, কিছু অগতানুগতিক উপস্থাপন আৰু সূক্ষ্ম মৌলিক চিন্তনে পাঠকলৈ নতুন কবিতা
আগবঢ়াব বুলি আশা কৰিলোঁ।
{কবিতাটোৰ ভুল বানান সমূহ-
আচঁল, স্বাশ্বত, আমোঘ, গোষ্ঠি, বিবৰ্ন, তহতি, ধ্বংসীব, লুলুপতাৰ, সুৰুয-- আঁচল, শ্বাশ্বত, অমোঘ, গোষ্টি, বিবৰ্ণ, তহঁতি, ধ্বংসিব, লোলুপতাৰ, সূৰুয}
°°°°°°°°°°°°
মোৰ পৰ্য্যালোচনাত তুলি লোৱা চতুৰ্থ কবিতা কবি মধু মণি কলিতাৰ
৪/ "কথা"
আচঁল, স্বাশ্বত, আমোঘ, গোষ্ঠি, বিবৰ্ন, তহতি, ধ্বংসীব, লুলুপতাৰ, সুৰুয-- আঁচল, শ্বাশ্বত, অমোঘ, গোষ্টি, বিবৰ্ণ, তহঁতি, ধ্বংসিব, লোলুপতাৰ, সূৰুয}
°°°°°°°°°°°°
মোৰ পৰ্য্যালোচনাত তুলি লোৱা চতুৰ্থ কবিতা কবি মধু মণি কলিতাৰ
৪/ "কথা"
অ'ৰ ত'ৰ পৰা বাহিৰ হোৱা কথাবোৰ
বতাহত মিহলি হ'লেই
বিয়পি পৰে চৌপাশে
দোকানৰ আড্ডা,
বন্ধ কোঠাৰ আলোচনাত
কমন্ ৰুম, বা কাৰ্য্যালয়ৰ ভিতৰত
কথাবোৰে সঘনাই ঠাই সলাই ফুঁৰে
এখনৰ পৰা আন এখন মুখলে
সমদল উলাই, ৰাজপথত টায়াৰ জ্বলে
প্ৰেছ অথবা কথাৰ আঁৰৰ মানুহবোৰে
কথাবোৰক লৈ আৰম্ভ কৰে
একোটা হিচাপ-নিকাচ
আৰু
প্ৰয়োজনত কথাবোৰত ৰং ঘঁহে
বঢ়াই বা কমাই কথাৰ আয়ুস
বতাহত মিহলি হ'লেই
বিয়পি পৰে চৌপাশে
দোকানৰ আড্ডা,
বন্ধ কোঠাৰ আলোচনাত
কমন্ ৰুম, বা কাৰ্য্যালয়ৰ ভিতৰত
কথাবোৰে সঘনাই ঠাই সলাই ফুঁৰে
এখনৰ পৰা আন এখন মুখলে
সমদল উলাই, ৰাজপথত টায়াৰ জ্বলে
প্ৰেছ অথবা কথাৰ আঁৰৰ মানুহবোৰে
কথাবোৰক লৈ আৰম্ভ কৰে
একোটা হিচাপ-নিকাচ
আৰু
প্ৰয়োজনত কথাবোৰত ৰং ঘঁহে
বঢ়াই বা কমাই কথাৰ আয়ুস
এনেদৰেই গৈ থাকিব কেইটামান দিন
কথাবোৰে কিছুমানক চুব
কিছুমানে একো গমেই নাপাব
সৃষ্টি হ'ব একোটা ফৈদ
থিয় দিব কথাবোৰৰ
সপক্ষ বা বিপক্ষত
কথাবোৰে কিছুমানক চুব
কিছুমানে একো গমেই নাপাব
সৃষ্টি হ'ব একোটা ফৈদ
থিয় দিব কথাবোৰৰ
সপক্ষ বা বিপক্ষত
আৰু এদিন হঠাৎ
কথাবোৰ নোহোৱা হ'ব
নোহোৱা হ'ব সপক্ষ আৰু বিপক্ষৰ মানুহ বোৰ
কথাক লৈ ভবা- গুণা কৰা
মানুহবোৰে আলচ কৰিব এটা অন্য বিষয়
কাৰণ কথা নহ'লে এতিয়া দেশ ন'চলে
নভৰে নেতাৰ বিয়াগোম পেট
আৰু আমি বোৰে বাট চাম
কিছু নতুন কথা বাহিৰ হোৱালৈ
কথাৰ পকনীয়াত পৰি পাক-ঘূৰণি খাবলৈ।।
নোহোৱা হ'ব সপক্ষ আৰু বিপক্ষৰ মানুহ বোৰ
কথাক লৈ ভবা- গুণা কৰা
মানুহবোৰে আলচ কৰিব এটা অন্য বিষয়
কাৰণ কথা নহ'লে এতিয়া দেশ ন'চলে
নভৰে নেতাৰ বিয়াগোম পেট
আৰু আমি বোৰে বাট চাম
কিছু নতুন কথা বাহিৰ হোৱালৈ
কথাৰ পকনীয়াত পৰি পাক-ঘূৰণি খাবলৈ।।
“কথা” কবিতাটোত কবিৰ মনস্তত্ত্বৰ শৃংখলাবোধেৰে কথাৰূপ প্ৰকাশ। সাধাৰণতে এনেধৰণৰ সৰল কথনভংগীৰে উপস্থাপন
কৰা কবিতা সমূহৰ ক্ষেত্ৰত কবিয়ে উপস্থাপনত অভিনৱ, অগতানুগতিক আৰু মৌলিক সূক্ষ্ম দৃষ্টিৰে
পাঠকক আকৰ্ষিত কৰা দেখা যায়। 'কথা' কবিতাটোত পাঠক আকৰ্ষিত কৰিব পৰাকৈ আছে
কবিৰ সূক্ষ্ম মৌলিক চিন্তন। বিয়পি পৰা
কথাই কেনেদৰে ৰং ঘঁহে, কথা কান বাগৰোঁতে বাঢ়ি যোৱা হিচাপ-নিকাচ এইবোৰত কবিৰ সূক্ষ্ম চিন্তন
দেখা গৈছে। মনকৰিবলগীয়া কথা কবিতাটি শ্লোগান ধৰ্মী উত্তেজক প্ৰকাশ নহ’লেও কবিৰ ৰাজনৈতিক সচেতনতা আৰু সমাজমুখী চিন্তন এটা কবিতাটিৰ তলসুঁতিয়েদি বৈ আছে।
শেষত কওঁ কবিতাটো উপস্থাপনৰ ক্ষেত্ৰত কবিয়ে কিছু অগতানুগতিক কৌশল আৰু বাকবহুল হোৱাৰ প্ৰতি লক্ষ্য কৰা উচিত। কবিৰ সূক্ষ্ম আৰু মৌলিক চিন্তনে আমাক সম্ভাৱনা দেখুৱাই। কবিলৈ শুভকামনা থাকিল।
°°°°°°°
সামৰণি…
“প্ৰকাশ” আলোচনীৰ সম্পাদক মিহিৰ দেউৰীয়ে এটি সম্পাদকীয়ত উল্লেখ কৰিছিল- সমালোচনা হ’ল Creation under creation. সেই শৃংখলাবদ্ধতা আমাৰ নাই, কবিতা ভালপাওঁ আৰু সেয়ে কবিতাৰ কথা কৈ থাকিলে ওৰকে নপৰে। শেষত কওঁ শিল্প কোনো কালেই সুলভ নাছিল আৰু নহয়। হৰেকৃষ্ণ ডেকাই যেনেকৈ তেওঁৰ প্ৰথম পৰ্য্যায়ৰ সৃষ্টি সমূহক বিসৰ্জনৰ বাবে বুলিছিল আৰু পাছৰ সৃষ্টি সমূহকহে আহৰণৰ বাবে বুলিছিল, ঠিক আমাৰ কবি সকলেও তেনেদৰেই কবিতাৰ চৰ্চা কৰি যাব নোৱাৰে নে? প্ৰতিটো কবিতাই শিল্পৰূপ পাবই লাগিব বুলিও কোনো ধৰাবন্ধা নিয়ম নাই, তথাপিও সেই শিল্পৰূপে যে এদিন আপোনাৰ কবিতাতো ধৰা দিবহি সেই আশাৰেই আমি জানো কবিতাৰ চৰ্চা কৰি যাব নোৱাৰো। বেজবৰুৱাৰ সেই পৰম উৎসাহ বাণীক শিৰোগত কৰি -- কবিতা হয় যদি হওক নহয় যদি নহওক বুলিয়েই আমি আগবাঢ়িব যাও আহক…
শেষত কওঁ কবিতাটো উপস্থাপনৰ ক্ষেত্ৰত কবিয়ে কিছু অগতানুগতিক কৌশল আৰু বাকবহুল হোৱাৰ প্ৰতি লক্ষ্য কৰা উচিত। কবিৰ সূক্ষ্ম আৰু মৌলিক চিন্তনে আমাক সম্ভাৱনা দেখুৱাই। কবিলৈ শুভকামনা থাকিল।
°°°°°°°
সামৰণি…
“প্ৰকাশ” আলোচনীৰ সম্পাদক মিহিৰ দেউৰীয়ে এটি সম্পাদকীয়ত উল্লেখ কৰিছিল- সমালোচনা হ’ল Creation under creation. সেই শৃংখলাবদ্ধতা আমাৰ নাই, কবিতা ভালপাওঁ আৰু সেয়ে কবিতাৰ কথা কৈ থাকিলে ওৰকে নপৰে। শেষত কওঁ শিল্প কোনো কালেই সুলভ নাছিল আৰু নহয়। হৰেকৃষ্ণ ডেকাই যেনেকৈ তেওঁৰ প্ৰথম পৰ্য্যায়ৰ সৃষ্টি সমূহক বিসৰ্জনৰ বাবে বুলিছিল আৰু পাছৰ সৃষ্টি সমূহকহে আহৰণৰ বাবে বুলিছিল, ঠিক আমাৰ কবি সকলেও তেনেদৰেই কবিতাৰ চৰ্চা কৰি যাব নোৱাৰে নে? প্ৰতিটো কবিতাই শিল্পৰূপ পাবই লাগিব বুলিও কোনো ধৰাবন্ধা নিয়ম নাই, তথাপিও সেই শিল্পৰূপে যে এদিন আপোনাৰ কবিতাতো ধৰা দিবহি সেই আশাৰেই আমি জানো কবিতাৰ চৰ্চা কৰি যাব নোৱাৰো। বেজবৰুৱাৰ সেই পৰম উৎসাহ বাণীক শিৰোগত কৰি -- কবিতা হয় যদি হওক নহয় যদি নহওক বুলিয়েই আমি আগবাঢ়িব যাও আহক…
《প্ৰশাসকৰ টোকা》
আখৰুৱাৰ অনুৰোধ
মৰ্মে অচ্যুত মাধৱ দাসে কবিতাৰ পৰ্যালোচনাৰ ক্ষেত্ৰত যিখিনি সহায় কৰিলে তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু তেওঁৰ
জৰিয়তে আখৰুৱাৰ সকলো সদস্যলৈ ৰঙালী
বিহুৰ আন্তৰ্ক অভিনন্দন যাচিছোঁ ৷
অচ্যুত মাধৱ দাস যে অতিশয় নিষ্ঠাবান সাহিত্যকৰ্মী সেয়া আলোচ্য লেখাটিৰ মাজেৰে ওলাই পৰিছে ৷
………………………………………………
অচ্যুত মাধৱ দাস যে অতিশয় নিষ্ঠাবান সাহিত্যকৰ্মী সেয়া আলোচ্য লেখাটিৰ মাজেৰে ওলাই পৰিছে ৷
………………………………………………
আখৰুৱাৰ সকলো কবি
আৰু কাব্যচৰ্চাকাৰীলৈ আন্তৰিক
শুভকামনাৰে…
জয়তু আখৰুৱা
অচ্যুত মাধৱ দাস, আখৰুৱা
জয়তু আখৰুৱা
অচ্যুত মাধৱ দাস, আখৰুৱা
_______________________
ব্যৱস্থাপকৰ
মন্তব্য :
ক)'পুনৰীক্ষণ'ত সামৰি লোৱা
কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান সমূহ কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন৷
খ)আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে
গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি
আনন্দিত হ'ম৷ আনকি আমাৰ প্ৰয়াসত অসন্তুষ্টি থাকিলেও
অৱগত কৰে যেন৷
গ)এইবাৰৰ
পুনৰীক্ষণত সন্নিবিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে--
১)আৰু সৰি নপৰক
কুমাৰী জোন--দীপ্তি দেউৰী বৰা
২)বস্তিৰ এটুকুৰা বিস্কুট--প্ৰশান্ত কলিতা
৩)নাৰী--জুলি বৰুৱা
৪)কথা--মধু মণি কলিতা
২)বস্তিৰ এটুকুৰা বিস্কুট--প্ৰশান্ত কলিতা
৩)নাৰী--জুলি বৰুৱা
৪)কথা--মধু মণি কলিতা
ঘ)উল্লেখযোগ্য যে
পৰ্যালোচকে মূল কবিতাত থকা বানানৰ ভুল আঙুলিয়াই দিছে আৰু এইক্ষেত্ৰত কবিসকলৰ
সঁহাৰি বিচাৰিলোঁ ৷
ঙ)এই পৰ্যালোচনাৰ
ভুল বানান সমূহ দেখুৱাই দিয়াৰ কাৰণে আখৰুৱাৰ মাননীয় সদস্য খগেশ সেন ডেকা চাৰৰ ওচৰত আমি চিৰকৃতজ্ঞ। আশাকৰোঁ
তেখেতে আগলৈও আমাক বাট দেখুৱায়, যাতে ভাষাৰ শুদ্ধতাৰ দিশত আখৰুৱা সমৃদ্ধ
হয়।
___________
শেষত ক'ব বিচাৰিছোঁ যে পুনৰীক্ষণ শিতানটো আৰু অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে পৰ্যালোচনাটোৰ সম্পৰ্কত তেখেতসকলৰ মুকলি মতামত জনাই যেন ৷
___________
শেষত ক'ব বিচাৰিছোঁ যে পুনৰীক্ষণ শিতানটো আৰু অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে পৰ্যালোচনাটোৰ সম্পৰ্কত তেখেতসকলৰ মুকলি মতামত জনাই যেন ৷
ধন্যবাদ…
জোনমনি গগৈ
ব্যৱস্থাপক,পুনৰীক্ষণ শিতান,
আখৰুৱা : literati
১৮ এপ্ৰিল, ২০১৭
ব্যৱস্থাপক,পুনৰীক্ষণ শিতান,
আখৰুৱা : literati
১৮ এপ্ৰিল, ২০১৭
No comments:
Post a Comment