অন্ধকাৰ
গোলাপৰ কলিটো কাইটেৰে ভৰা,
কবিতাৰ পংক্তিবোৰত আখৰৰ বোজা।
নিৰৰ্থক কথাবোৰত ধুমুহাৰ খূণ্দা,
ডেউকা বিহিন চৰাই জনীৰ ওভতনী যাত্ৰা।
কলিজাত বিন্ধিছে এপাট ত্ৰিশুলে।
শিৰচে্ছদ কৰিবলৈ কৰা প্ৰয়াস ,
শুকুলা ঘোৰাটোৰ গন্তব্য বাৰু ক'ত?
থমকি ৰৈছে তাৰ খোজ পিছূয়াই ।
ভাগৰুৱা দেহা মন হিয়া,
হাউলি পৰা বটগছজোপাই ,
ক্ষণ গণিছে ,মৃত্যুৰ ......!
কিমান বাৰ হত্যা হৈছে ?
এবাৰ দুবাৰ শতবাৰ,
বহুবাৰ হত্যা বহুবাৰ
শৰীৰ মন ,দেহাৰ।
কালিকা ৰাতিটো নুপুয়াই
দেউলগা সন্দ্ধাটো আতৰি নাযাই।
অন্ধকাৰ নামিছে ছৌদিশে ,
অন্ধকাৰ আজি ঘোৰ অন্ধকাৰ।
কবি:-
ණপুতুলী বেজবৰুৱা ।
No comments:
Post a Comment