বিহলঙনি : আখৰুৱাৰ
হাস্য-ব্যংগ ৰসৰ শিতান : দ্বিতীয় খণ্ড :
১৩ ব'হাগ, ১৯৩৯ শক
১৩ ব'হাগ, ১৯৩৯ শক
'বিহলঙনি'ৰ ভূমিকা আৰু এটি আপদীয়া পদ্য :
আখৰুৱাৰ নতুন
শিতান "বিহলঙনি"ৰ বাবে ভূমিকা সদৃশ অলপ কথা জুৰি দিয়াৰ প্ৰয়োজন অনুভৱ কৰি তলৰ লেখাটি আমালৈ
পঠিয়াইছে আখৰুৱাৰ বিশিষ্ট সদস্য খগেশ সেন ডেকা ডাঙৰীয়াই। আমি ভাবোঁ যে এই লেখাটিয়ে "বিহলঙনি"ৰ ধাৰণা
স্পষ্ট কৰিবলৈ সহায় কৰিব।
লেখাটিৰ লগতে
এইবাৰ আগবঢ়াইছোঁ আখৰুৱাৰ আন এগৰাকী সদস্য ৰাজীৱ শৰ্মাই ইমেইলযোগে আমালৈ পঠিওৱা 'যৌতুক' শীৰ্ষক এটি আপদীয়া পদ্য। আশাকৰোঁ ৰাইজে এইবাৰৰ শিতানটি আদৰি ল'ব।
'বিহলঙনি'ৰ ভূমিকা :
সাহিত্যত হাস্যৰসৰ
প্ৰয়োগ
মানুহৰ স্বাভাৱিক
জীৱন-শৈলী বা চাল-চলনৰ ঠাইত অস্বাভাৱিকতা বা কোনো ব্যতিক্ৰমধৰ্মিতাক হাস্যৰসৰ মূল উৎস বুলি কোৱা হয় ৷ কাৰো
কাৰো মতে মানুহৰ মনোজগতত হেনো এক হিংসা প্ৰবৃত্তি সংগোপনে
লুকাই থাকে ৷ সেইবাবে অস্বাভাৱিক বা প্ৰকৃতি বিৰুদ্ধ কিবা এটা ঘটা দেখিলে হেনো মানুহৰ প্ৰথমে হাঁহি উঠে ৷ বাটত খোজকাঢ়ি গৈ থাকোঁতে কোনোবা যদি
পিছল খাই পৰি যায়, বাকীবোৰৰ প্ৰথমে হাঁহি উঠে ৷ মনস্তত্ত্ববিদসকলৰ মতে এয়াই হেনো মানুহৰ হিংসা
প্ৰবৃত্তিৰ উদাহৰণ ৷
সাহিত্যত এই
অস্বাভাৱিকতাক আধাৰ হিচাপে লৈয়ে হাস্যৰস সৃষ্টি কৰা হয় ৷ এই হাস্যৰস তিনি প্ৰকাৰে
প্ৰকাশিত হয় :
(১) বিমল হাস্যৰস (Humour/Humor),
(২) বুদ্ধিদীপ্ত হাস্যৰস (Wit) আৰু
(৩) ব্যংগাত্মক হাস্যৰস (Satire) ৷
(২) বুদ্ধিদীপ্ত হাস্যৰস (Wit) আৰু
(৩) ব্যংগাত্মক হাস্যৰস (Satire) ৷
সাধাৰণতে নিৰ্দোষ
ধেমালি বিমল হাস্যৰসৰ মূল উৎস ৷ এইবিধ হাস্যৰসত কাকো কোনো প্ৰকাৰে মনোকষ্ট দিয়া নহয় ৷ লক্ষ্মীনাথ বেজবৰুৱাৰ
সৰহভাগ ৰচনাই এইবিধ ৰসেৰে উজ্জীৱিত ৷
উদ্ভট কথা, ফুচুৰি কথা এই ৰসৰ ঘাই উপজীৱ্য ৷
বুদ্ধিদীপ্ত
হাস্যৰসত ঠাট্টা-মস্কৰাৰ মনোভাৱ নিহিত থাকে ৷ এই হাস্যৰসতো বিশেষভাৱে কাকো মনোকষ্ট
দিয়াৰ বিশেষ ভাব নাথাকে ৷
বাক-চাতুৰ্য
বুদ্ধিদীপ্ত হাস্যৰসৰ প্ৰধান অৱলম্বন ৷
ব্যক্তি তথা সমাজৰ
দোষ-ত্ৰুটি আঙুলিয়াই যি হাস্যৰসৰ সৃষ্টি কৰা হয় তাক ব্যংগাত্মক বা বিদ্ৰুপাত্মক হাস্যৰস (Satire) বোলা হয় ৷ কাটি কাটি কলাখাৰ ঘহোঁৱাৰ দৰে এই হাস্যৰস যথেষ্ট
আক্ৰনণাত্মক হোৱা দেখা যায় ৷ ব্যাজস্তুতি (প্ৰশংসাৰ চলেৰে নিন্দা বা নিন্দাৰ চলেৰে প্ৰশংসা) এইবিধ
হাস্যৰসৰ ঘাই সমল ৷ বেজবৰুৱাৰ
"মিলাৰামৰ আত্মজীৱনী" শীৰ্ষক ৰচনাখনত থকা 'অসমীয়া মানুহৰ সকলো কথাই বেবেৰিবাং ৷ পাগঘৰৰ দাঁতিতে চুৱাপাতনিখন' বাক্যটি ব্যংগাত্মক হাস্যৰসৰ এক উৎকৃষ্ট উদাহৰণ ৷ হেমচন্দ্ৰ বৰুৱাৰ "বাহিৰে ৰং চং
ভিতৰে কোৱা ভাতুৰি" নামৰ উপন্যাসধৰ্মী
ৰচনাখনত এই হাস্যৰসৰ সুপ্ৰয়োগ লক্ষ্য কৰিব পাৰি ৷ ইয়াত তত্ত্বজ্ঞানহীন সত্ৰাধিকাৰ এগৰাকীৰ কাৰ্য-কলাপ ব্যংগাত্মক
দৃষ্টিৰে উপস্থাপন কৰা হৈছে ৷ ব্যংগ ৰচনাৰ বাবে
যেনে ভাষাৰ আৱশ্যক তাৰ সুপ্ৰয়োগ পুথিখনিৰ অন্যতম আকৰ্ষণীয় দিশ ৷ নিম্নোক্ত বাক্যটিয়ে তাৰ প্ৰমাণ দাঙি ধৰিব :
"ডাঙৰীয়াই তাতে হৰিক ভৰ দি অমৰাগুটি দুটি ছালেৰে ঢাকি থ'লে ৷"
"ডাঙৰীয়াই তাতে হৰিক ভৰ দি অমৰাগুটি দুটি ছালেৰে ঢাকি থ'লে ৷"
এইখিনিতে 'ব্যংগ' আৰু 'ব্যংগ্য' শব্দ দুটাৰ
অৰ্থভেদ জানি লোৱা আৱশ্যক হ'ব ৷
'ব্যংগ' মানে হ'ল বিদ্ৰুপাত্মক, উপহাসমূলক ৷ আগতে কোৱাৰ দৰে ব্যক্তি বা সমাজৰ সংস্কাৰৰ বাবে সাহিত্যত ইয়াক হাস্যৰসাত্মকভাৱে উপস্থাপন কৰা হয় ৷ আনহাতে 'ব্যংগ্য' হ'ল ব্যঞ্জনাৰ দ্বাৰা হোৱা অৰ্থবোধ ৷ শব্দ একোটাই তাৰ প্ৰধান বা অভিধা অৰ্থ দিয়াৰ পিছতো আৰু কিবা কিবি অৰ্থ দিয়াৰ নাম ব্যঞ্জনা ৷ 'গৰু-গাই আহিল' বাক্যটিৰ 'গৰু' শব্দটোৱে গৰুক বুজোৱাৰ উপৰি 'সন্ধিয়া হ'ল', 'চাকি-বন্তি জ্বলাবৰ হ'ল', 'পঢ়া মেজত বহিবৰ হ'ল', 'পাগঘৰত সোমাবৰ হ'ল' আদি বিবিধ অৰ্থ প্ৰকাশ কৰে ৷ এয়াই ব্যঞ্জনা ৷ প্ৰতিভাৱান সাহিত্যিকে ইয়াৰ সুপ্ৰয়োগেৰে উৎকৃষ্ট সাহিত্য ৰচনা কৰে ৷ সংস্কৃতত ধ্বনিবাদী আচাৰ্যসকলে ধ্বনি বা ব্যংগ্যকে কাব্যৰ মূল বুলি অভিহিত কৰিছে ৷
'ব্যংগ' মানে হ'ল বিদ্ৰুপাত্মক, উপহাসমূলক ৷ আগতে কোৱাৰ দৰে ব্যক্তি বা সমাজৰ সংস্কাৰৰ বাবে সাহিত্যত ইয়াক হাস্যৰসাত্মকভাৱে উপস্থাপন কৰা হয় ৷ আনহাতে 'ব্যংগ্য' হ'ল ব্যঞ্জনাৰ দ্বাৰা হোৱা অৰ্থবোধ ৷ শব্দ একোটাই তাৰ প্ৰধান বা অভিধা অৰ্থ দিয়াৰ পিছতো আৰু কিবা কিবি অৰ্থ দিয়াৰ নাম ব্যঞ্জনা ৷ 'গৰু-গাই আহিল' বাক্যটিৰ 'গৰু' শব্দটোৱে গৰুক বুজোৱাৰ উপৰি 'সন্ধিয়া হ'ল', 'চাকি-বন্তি জ্বলাবৰ হ'ল', 'পঢ়া মেজত বহিবৰ হ'ল', 'পাগঘৰত সোমাবৰ হ'ল' আদি বিবিধ অৰ্থ প্ৰকাশ কৰে ৷ এয়াই ব্যঞ্জনা ৷ প্ৰতিভাৱান সাহিত্যিকে ইয়াৰ সুপ্ৰয়োগেৰে উৎকৃষ্ট সাহিত্য ৰচনা কৰে ৷ সংস্কৃতত ধ্বনিবাদী আচাৰ্যসকলে ধ্বনি বা ব্যংগ্যকে কাব্যৰ মূল বুলি অভিহিত কৰিছে ৷
অসমীয়া ভাষাত হাস্য-ব্যংগ সাহিত্যৰ পৰিমাণ নিচেই তাকৰ
৷ বেজবৰুৱা আছিল এই দিশৰ ওজা সাহিত্যিক ৷ গোহাঞিবৰুৱাৰ ৰচনাতো তাৰ কিছু চিটিকনি লক্ষ্য কৰিব পাৰি ৷ জোনাকী যুগৰ পৰৱৰ্তী স্তৰত এইবিধ ৰচনা
কিছু স্তিমিত হৈ আহে ৷ দুই এখন আলোচনীয়ে হাস্য-ব্যংগ সাহিত্যৰ প্ৰচাৰৰ চেষ্টা চলালেও সেয়া পৰ্যাপ্ত হৈ উঠা নাই ৷ ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্যৰ
সম্পাদনাত প্ৰকাশিত "কুৰি শতিকাৰ অসমীয়া ব্যংগ গল্প সংকলন" এই দিশৰ এক উল্লেখযোগ্য গ্ৰন্থ ৷ অসমীয়া হাস্য-ব্যংগ সাহিত্য সম্বন্ধে গৱেষণা কৰি
প্ৰথিতযশা ঔপন্যাসিক, জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই ডক্টৰেট উপাধি
লাভ কৰিছিল ৷ তেওঁৰ গৱেষণা-গ্ৰন্থখনৰ নাম Humour and Satire in Assamese
Literature. এই দিশত অসমীয়া সাহিত্যক ব্যাপক কৰি তোলাটো
সময়ৰ দাবী ৷
~ খগেশ সেন ডেকা
সদস্য, আখৰুৱা।
সদস্য, আখৰুৱা।
_______________________________________
যৌতুক
কলেজীয়া ডেকা
প্ৰেমত পৰিল
ক্লাছমেট আছিল তাই,
মাকৰহে মন মুঠেই নাছিল
যৌতুকেই আছিল ঘাই।
ক্লাছমেট আছিল তাই,
মাকৰহে মন মুঠেই নাছিল
যৌতুকেই আছিল ঘাই।
অসমীয়া আমি গৰ্বিত
সদায়
নাছিল নোহে এই মহামাৰী,
আধুনিকতাৰ জখলা বগাই
যৌতুক বহিছেহি পিৰাপাৰি।
নাছিল নোহে এই মহামাৰী,
আধুনিকতাৰ জখলা বগাই
যৌতুক বহিছেহি পিৰাপাৰি।
পুতেক কিন্তু
নাছোৰবান্দা
নামানে একো হকা- বাধা,
যৌতুকৰ কেতিয়াও নকৰে ধান্দা
মাকেহে বোলে মস্ত গাধা।
নামানে একো হকা- বাধা,
যৌতুকৰ কেতিয়াও নকৰে ধান্দা
মাকেহে বোলে মস্ত গাধা।
মাকৰ সৈতে লাগে
খকাখুন্দা
ডাকৰ বচন মাকক শুনাই
এৰুৱাবলৈ যৌতুকৰ ধান্দা
ঘঁহিলে বোলে শিলো ক্ষয় যায়।
ডাকৰ বচন মাকক শুনাই
এৰুৱাবলৈ যৌতুকৰ ধান্দা
ঘঁহিলে বোলে শিলো ক্ষয় যায়।
মনৰ আনন্দত মাকক
নিলে প্ৰেমিকাৰ ঘৰলৈ,
মাকেও গৈ মনেমনে ফৰমাইছ দিলেগৈ।
মাকেও গৈ মনেমনে ফৰমাইছ দিলেগৈ।
গাড়ী ঘোঁৰা মাটি
বাৰী যি য'ত পাৰা দিবা,
যৌতুকৰ নামত কুটা এগছো কিন্তু আগনবঢ়াবা।
যৌতুকৰ নামত কুটা এগছো কিন্তু আগনবঢ়াবা।
তাকে নকৰিলে বিয়া
নহয় জানিবা ঠিৰাংকৈ,
ল'ৰাই কিন্তু নোৱাৰিব পাব গম খাটাং কৈ।
ল'ৰাই কিন্তু নোৱাৰিব পাব গম খাটাং কৈ।
নাকটি মোহাৰি
ছোৱালীৰ মোমায়েকে হ'ব বুলি শলাগিলে,
জোৰোণৰ দিনা যৌতুকৰ বমটো বেয়াকৈ ফুটাইদিলে।
জোৰোণৰ দিনা যৌতুকৰ বমটো বেয়াকৈ ফুটাইদিলে।
ল'ৰাৰ মাকে জোৰোণত গৈ মোমায়েকক বিচাৰিলে,
মোমায়েকে বোলে লিষ্টখন লৈ
সমজুৱাকৈ গাবলৈ দিলে।
মোমায়েকে বোলে লিষ্টখন লৈ
সমজুৱাকৈ গাবলৈ দিলে।
আধুনিক নাৰী যৌতুক
বিৰোধী সন্থাৰ সভাপতি তেওঁ,
ক'লেই যে মুখা খোল খাব যৌতুক লাগে দেও।
ক'লেই যে মুখা খোল খাব যৌতুক লাগে দেও।
শুনামতে আজিও তেওঁ
সপোনতে খেদা মাৰে,
কটা নিধক বুলি ছোৱালীৰ মোমায়েকক বিহলঙনিৰে জাৰে।
কটা নিধক বুলি ছোৱালীৰ মোমায়েকক বিহলঙনিৰে জাৰে।
~ ৰাজীৱ শৰ্মা
সদস্য, আখৰুৱা।
সদস্য, আখৰুৱা।
____________________________________________
ব্যাৱস্থাপকৰ
সংযোজন :
ৰঙালী বিহুৰ
উপলক্ষে ইতিমধ্যে আখৰুৱাৰ নতুন শিতান 'বিহলঙনি'ৰ প্ৰস্তাৱনা খণ্ডটো প্ৰকাশ কৰা হৈছে। ৰাইজে শিতানটো আদৰি লোৱা কাৰণে আমি
উৎসাহিত হৈছোঁ আৰু আজি 'বিহলঙনি'ৰ দ্বিতীয় খণ্ড ৰাইজলৈ আগবঢ়ালোঁ।
এইটো খণ্ডত প্ৰকাশিত ''বিহলঙনি'ৰ ভূমিকা"
শীৰ্ষক লেখাটোৰ কাৰণে মাননীয় খগেশ সেন ডেকাক আৰু সন্নিৱিষ্ট আপদীয়া-পদ্যটোৰ কবি ৰাজীৱ শৰ্মালৈ আমাৰ
আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।
শিতানটোলৈ ৰাইজে
সহযোগ আগবঢ়াব বুলি আশা কৰিলোঁ 'বিহলঙনি'লৈ সদস্যৰ পৰা
লিখিনি বিচাৰিলোঁ। সময়ে সময়ে লিখনি বিচাৰি ব্যৱস্থাকে আখৰুৱাৰ সদস্যৰ সৈতে যোগাযোগ কৰিব। অৱশ্যে কোনো সদস্যই আগ্ৰহ কৰিলে শিতানটোৰ ব্যৱস্থাপকলৈ বাৰ্তাৰ জৰিয়তে তেখেতসকলৰ লিখনি পঠিয়াব পাৰিব। নতুবা তলত উল্লেখ কৰা, আখৰুৱা পৰিচালনা সমিতিৰ ইমেইল ঠিকনালৈ
প্ৰেৰণ কৰিব পাৰিব।
ধন্যবাদ।
পলাশ বৰা,
ব্যৱস্থাপক, বিহলঙনি শিতান
আখৰুৱা : literati
১৩ ব'হাগ, ১৯৩৯ শক
২৭ এপ্ৰিল, ২০১৭
__________________________
আখৰুৱা পৰিচালনা সমিতিৰ ইমেইল ঠিকনা
apsamitee@gmail.com
পলাশ বৰা,
ব্যৱস্থাপক, বিহলঙনি শিতান
আখৰুৱা : literati
১৩ ব'হাগ, ১৯৩৯ শক
২৭ এপ্ৰিল, ২০১৭
__________________________
আখৰুৱা পৰিচালনা সমিতিৰ ইমেইল ঠিকনা
apsamitee@gmail.com
No comments:
Post a Comment