উপন্যাস:ৰূপোৱালী
মেঘৰ ছায়া:
খণ্ড-১২
খণ্ড-১২
মহন্ত চাৰৰ ক্লাছ ৷ চাৰৰ ক্লাছত সাধাৰণতে ছাত্ৰ-ছাত্ৰী নাথাকেই৷অতি কম যদি এজন আৰু অতি বেছি যদি দহজনহে থাকে৷চাৰে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিক লৈ কোনোদিন কোনোধৰণৰ প্ৰতিক্ৰিয়া দেখুওৱা নাই৷এজন ছাত্ৰও যদি বহি থাকে সেইজনক লৈয়েই ক্লাছটো কৰাত ব্যস্ত হৈ পৰে৷আজি চাৰৰ ক্লাছত মাথোঁ পাঁচজন ছাত্ৰ-ছাত্ৰী৷পাঁচজন ছাত্ৰ-ছাত্ৰী লৈয়ে চাৰে “নাম্বাৰ চিছটেম”শিকাবলৈ আৰম্ভ কৰি দিলে৷ “ডিজিটেল চিছটেম” ক্লাছটো শেষহোৱাৰ পিছতেই “মেথছ” ক্লাছ আৰম্ভ হ’ল৷হঠাতে পাঁচজন ছাত্ৰ-ছাত্ৰীৰ পৰা ষাঠিজন ছাত্ৰ-ছাত্ৰীৰে শ্ৰেণীকোঠা ভৰি পৰিল৷ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নামৰ বিপৰীতে নিজৰ উপস্থিতি লিখিবৰ বাবে,চাৰে এটেণ্ডেন্স বহীখন ছাত্ৰ এজনলৈ আগবঢ়াই দিলে৷
ক্লাছটো চলি থকাৰ
মাজতে বিৰিণাই মোৰ কাণত ফুচফুচাই ক’লে –
:আজি প্ৰাচুৰ্যৰ উপস্থিতি মই দিম৷সি
কোনেনো তাৰ উপস্থিতি দিলে বুলি আচৰিত হৈ থাকিব! --- এইবুলি কৈ নিজেই ফূৰ্তি পাই নিজেই খুকখুকাই হাঁহিলে আৰু পুনৰ ক’লে--
:মই তাক টাৰ্গেট কৰিছোঁ তাক মই মোৰ জালত
পেলাই হে এৰিম৷
:হ’ব, হ’ব কি কৰ’ কৰি থাকিবি, ব্লেকবৰ্ডলৈ চা, নহ’লে দুইজনীয়ে গালি খাম এতিয়া৷ – মই চাৰৰ পৰা গালি খোৱাৰ ভয়ত কৈ উঠিলোঁ৷
বিৰিণাজনী যে
আৰু!কিমান ল’ৰাক জালত নেপেলাই তাই!প্ৰেম তাইৰ বাবে
চিৰিয়াছ বিষয় নহয়, তাই কয় –
: ধুৰৰ, হোষ্টেল জীৱনৰ প্ৰেম টাইম পাছ বুজিছ’?যিকোনো প্ৰকাৰে ল’ৰা এটা পতাই ল’ব লাগে তাৰপিছত ভাল ভাল ৰেষ্টুৰেন্টত
বিনা টকাত কিমান খাৱ খাই থাক, ধুনীয়া ধুনীয়া গিফ্ট
পাই থাক৷ আমোৱালে এৰি দিলেই হ’ল বচ!
বিৰিণাৰ কথা শুনি
আমাৰ চকু কপালত উঠে৷তাই যেনেকৈ কৈ তেনেকৈ কৰেও৷এতিয়ালৈকে দুই তিনিটা বয়ফ্ৰেণ্ড সলালেই৷এইবাৰৰ টাৰ্গেট
প্ৰাচুৰ্য৷বিৰিণাৰ বয়ফ্ৰেণ্ড হোৱা ল’ৰাকেইটাও ক’ম নহ’ব – মই মনতে তাকে ভাবোঁ৷
“টি ব্ৰেক”ত আমি এজাক ছোৱালী
বাৰাণ্ডাত থিয় হৈ কথা পাতি থাকিলোঁ৷বিৰিণা ব্যস্ত হৈ পৰিল প্ৰাচুৰ্যক লাইন মৰাত৷হঠাতে সেই চিনাকী চকুৰ
চাৱনিয়ে মোক আমনি কৰিব ধৰিলে৷মই দেখিলোঁ
আমি ৰৈ থকা বাৰাণ্ডাখনৰ বিপৰীতে থকা আনখন বাৰাণ্ডাৰ পৰা এটা ল’ৰাই মোলৈকে চাই
আছে৷বিৰিণাই প্ৰাচুৰ্যক লাইন মৰাৰ দৰে সেই ল’ৰাটোৱেও মোক লাইন মাৰিছে নেকি?মই অস্বস্তি অনুভৱ কৰিলোঁ আৰু সেই চকুৰ চাৱনিৰ পৰা পলাবলৈ ছোৱালীৰ ভিৰৰ মাজত সোমাই পৰিলোঁ৷
“লাঞ্চ ব্ৰেক”ৰ পাছত “মেছিন লেব” আছিল কিন্তু চাৰ
ছুটিত থকাত সেইদিনা আমাৰ লেব নহ’ল৷ লেব নথকাৰ বাবে মই,বিৰিণা, প্ৰিয়া, মণিমালা – আটাইকেইজনীয়ে বজাৰ কৰিবলৈ বুলি কলেজ বাছত উঠিলোঁ৷বাছৰ পিছৰ চিটত প্ৰাচুৰ্যহঁতক বহি থকা আমি দেখা পালোঁ৷প্ৰাচুৰ্যক দেখা পাই বিৰিণাৰ
যেন গা সাতখন-আঠখন হ’ল৷প্ৰাচুৰ্যহঁতক আকৰ্ষণ কৰিবলৈ বিৰিণাই ডাঙৰ ডাঙৰকৈ আমাৰ লগত বিভিন্ন ধৰণৰ কথা পাতিবলৈ আৰম্ভ কৰিলে৷ইতিমধ্যে
প্ৰাচুৰ্যহঁতেও বিৰিণাৰ কথা গম পাইছিল৷হঠাতে পিছফালৰ পৰা উফৰি অহা কথোপকথন আহি আমাৰ কাণত পৰিল৷
:অ’ই প্ৰাচুৰ্য, তই বোলে বন্দিতাক হে ভাল পাৱ’৷
:হা: হা: হা:, ভাল পাওঁ, ভাল পাওঁ এইবাৰ ভেলেন্টাইন ডে’ত মই তাইক প্ৰ’পজ কৰিম নহয়!!
খিলখিলাই হাঁহি
থকা বিৰিণা হঠাতে নীৰৱ হৈ পৰিল৷তাইৰ দুচকুৰ পৰা দুধাৰি লোতক বৈ আহিল৷মই বিৰিণাৰ
চকুলৈ চালোঁ৷
:এইজনী কটা, ঘৰিয়ালৰ চকুপানী বোৱাইছে চোৱা! --- মুখৰ মাজতে ভোৰভোৰালোঁ
মই!
বাছৰ পৰা নামি
গোটেই কেইজনীয়ে বজাৰ-সমাৰ কৰি “কল্পনা”ত দহি বড়া খাই গড়আলিত বাছৰ বাবে আটাইকেইজনীয়ে ৰৈ থাকিলোঁ৷ তেতিয়ালৈ এন্ধাৰ
নামিছিল৷বিৰিণা পিছে ফিউজ হোৱা বাল্বৰ
দৰে গোটেই সময়চোৱা মনে মনে ৰ’ল৷
০০০০০০০০০০০০০০০০০০০০০
যৌৱনত সকলো
ছোৱালীৰে হয়তো এজন সপোনৰ কোঁৱৰ থাকে৷যাৰ স’তে বিয়াত বহিব, যাৰ স’তে প্ৰেম কৰিব তেওঁ কেনে হ’ব সেইকথা মোৰো মনলৈ কেতিয়াবা নহাকৈ নাথাকে৷যদিও মই ইঞ্জিনীয়াৰিং শেষ নকৰালৈকে কাৰো প্ৰেমত
নপৰাৰ সিদ্ধান্ত লৈছোঁ৷প্ৰেমত হাবু-ডুবু খাই, পঢ়া-শুনাটো হাবু-ডুবু খাব লাগিলে সকলো
শেষ হ’ব৷প্ৰেমক পিছত ৰাখি পঢ়া-শুনাক আগস্থান দিয়াহে আচল কথা – মই অন্তত: এনেকৈ ভাবোঁ৷সেয়ে সেই গভীৰ চকুৰ চাৱনিয়ে যিমানেই মোক নাচাৱক কিয়
মই ভুলতো প্ৰেমত নপৰোঁ – এইয়া মোৰ চিধা কথা!
তেতিয়া মই ক্লাছ
চিক্সত৷মাৰ স’তে বজাৰলৈ গৈছিলোঁ৷ মই দেখিছিলোঁ মোৰ বয়সৰে এটা ধুনীয়া ল’ৰা, হঠাতে এখন ধুনীয়া গাড়ীৰ দুৱাৰ খুলি গাড়ীৰ ভিতৰৰ পৰা ওলাই আহিছিল৷মাথোঁ
এপলক চাৱনিতে সেই ল’ৰাটোৱে মোৰ বুকুত যেন বিজুলীৰ সঞ্চাৰ কৰি থৈ গৈছিল!ল’ৰাটোক দেখাৰ সেই মুহুৰ্তকণ মোৰ মনত বছৰ ধৰি ৰৈ গৈছিল এনেয়ে৷
জয়া বাইদেউৰোটো কোনো বয়ফ্ৰেণ্ড নাই৷জয়া বাৰ
এইবাৰ ইঞ্জিনীয়াৰিঙৰ শেষৰ বছৰ৷জয়া বাইদেউৰ বাবে কেৱল পঢ়া, পঢ়া আৰু পঢ়া৷ছাত্ৰাৱাসত যি ল’ৰাই পঢ়াৰ বাদে একো চিনি নাপাই তেনেকুৱা ল’ৰাক “কবিৰাজ” বুলি কয় বোলে৷আমাৰ জয়াবাইদেউও বয়জ হোষ্টেলত থকা হ’লে কবিৰাজ নামেই পালেহেঁতেন৷
: অ’ই মেচিনৰ এচাইনমেন্ট কৰিলি নেকি? – ৰুবীয়ে কৈ কৈ আমাৰ কোঠালৈ হুৰমুৰকৈ সোমাই আহিল
সেইসময়ত
প্ৰেম-ট্ৰেমৰ কথা ভাবি থকা মই মেচিনৰ যে এচাইনমেন্ট কৰিব লগা আছিল পাহৰিয়েই
আছিলোঁ৷
: অ’ নাই কৰা নহয়!
:ব’ল, প্ৰিয়াৰ ওচৰলৈ যাওঁ, তাই কৰিছে কিজানি!
দুইজনীয়ে হাতত বহী
এখন এখন লৈ প্ৰিয়াৰ ৰূম পালোঁগৈ, তেতিয়ালৈ মণিমালা, বিৰিণাহঁতে প্ৰিয়াৰ পৰা এচাইনমেন্ট কপি
কৰাত ব্যস্ত হৈ পৰিছে৷
:অ’ই তহঁতে এচাইনমেন্ট কৰিলিয়েই, আমাকো কপি কৰিব
দেনা – ৰুবীয়ে চিঞৰি ক’লে৷
:নিজৰ মগজ নচলাৱ’, লোকৰ পৰা কপি কৰিবলৈ লাজ নাই – প্ৰিয়াই কৈ উঠে
:হ’ব, তোৰ মগজটো চলিলেই হ’ল! – ৰুবীয়ে কৈ উঠে
আটাইকেইজনী
এচাইনমেন্ট কপি কৰাত ব্যস্ত হৈ পৰিলোঁ, তেতিয়াহে মনত পৰিল আমাৰ পিছদিনা মেথছৰ টেষ্ট আছে৷আটাইকেইজনীয়ে কম্বাইন ষ্টাডি কৰাত
লাগি গ’লো পিছদিনাৰ টেষ্টটোৰ বাবে৷পঢ়ি থকাৰ মাজতে মণিমালাই বিৰিণাক
জোকালে –
:অ’ই বিৰিণা, প্ৰাচুৰ্যৰ কি খবৰ?
:হেই ৰহ, মই এইবাৰ বেলেগ এটা ল’ৰাৰ কথা ভাবিছো, ফৰ্থয়েৰৰ ল’ৰা, বিৰাট হেণ্ডছাম জান’৷--- বিৰিণাই কৈ উঠিল৷
বিৰিণাৰ কথাত আমি
আটাইকেইজনী গিৰ্জনী মাৰি হাঁহি উঠিলোঁ৷
:আমাকো দেখাই দিবি হাঁ – মণিমালাই ক’লে
:দেখিবিয়েই নহয় মই ডেটিং মাৰিবলৈ গ’লে --- বিৰিণাই বিশ্বাসেৰে কৈ উঠিল৷
বিৰিণাৰ দৰে আচৰিত
ছোৱালী মই এই জীৱনত দেখা নাই!!(আগলৈ)
কবি:-
ණমৌচুমী বৰি ।
No comments:
Post a Comment