Friday, 21 April 2017

‘সাতসৰী’ আলোচনীৰ কবিতাৰ সমালোচনা



চানেকি :
সাতসৰীআলোচনীৰ কবিতাৰ সমালোচনা
সমালোচক- পলাশ কুমাৰ নাথ
সদস্য, আখৰুৱা
°°°°°°°°°°°°°°
এপ্ৰিল মাহৰ "সাতসৰী" আলোচনীৰ যিটো কবিতাই মোক প্ৰথম পঠনতে আকৰ্ষিত কৰিছে সেই কবিতাটি হ'ল চন্দন গোস্বামী দেৱৰ "জেওৰা"।
কবিতাটিঃ
জেওৰা
(পৃথিৱীৰ আটাইতকৈ ওখ আৰু কঠিন তৃণজাতীয় উদ্ভিদজোপাৰে নিৰ্দয়ভাৱে নিৰ্মাণ কৰে জেওৰা, যিয়ে নিৰ্ধাৰণ কৰে সীমা)
পৰিসীমাৰ
চাৰিকোণীয়া সপোনটোৱে নামানে
আকাশ-বতাহ
'দ- বৰষুণ
এন্ধাৰ -জোনাক
সাগৰ -মহাসাগৰ
নদ -নদী
বাৰীখন পাতোঁতেই ঢাপত লগোৱা
বাঁহ আৰু কলজোপাই বাৰে বাৰে পাৰ হয় সীমা
নানাৰঙী আকাশখন মূৰত লৈ
বাঁহৰ কত যে সপোন যন্ত্ৰণা
চালি বেৰ
জাকৈ খালৈ চেপা
ডলা ডুলি
চালনী ঢাৰি
চাঙী চাঁ‌চনী
বাঁহনিয়ে বাঁহনিয়ে ঘূৰি ঘূৰিয়ে সঁজাল ধৰে যৌনতা
বাঁহৰ মেৰমেৰণিৰ সাধুত যখিনী নাচে
চালনীৰ ফুটাৰে চালে যাদুকৰৰ যাদুত
বাঁহফুল ফুলে
সীমাতে কলিৰ বাস
আজি সীমাৰ কত যে ৰূপ কত যে প্ৰযুক্তি কত যে কি কথা
ঠেলাঠেলি
বুকুৰ কুটুমো পৰে ৰণত
এনখ মাটি গঢ়িব নোৱাৰোঁ আমি
সমুদ্ৰ তথা অৰণ্যৰ
বিস্তীৰ্ণ বিনন্দীয়া ৰূপক পাৰোঁনে
আৰু অকণ বিনন্দীয়া কৰিব
দেশে দেশে জেওৰা-জপনা-গোঁ‌জ পোতাৰ নামত মাথোঁ সীমাবিবাদ
জলবিবাদ
সন্ত্ৰাসবাদ
নৰসংহাৰ
পাৰমাণবিক আতংক
আৰু নাম দিয়ে ধৰ্মযুদ্ধ
হে সাৰস্বত সমাজ
এতিয়া কোন যুগন্ধৰে যুগপৎ চিন্তাৰে ক'
যুদ্ধ মানেই জীৱন।
পৰ্যালোচনা----
আমাৰ সমাজ জীৱনৰ এটি চিনাকি আৰু আপোন শব্দ
'
জেওৰা'। ঘৰ এখন পাতোঁতেই চাৰিও সীমাতে বাঁহৰ জেওৰা দি লোৱা হয়। কিন্তু বাৰীৰ ঢাপত ৰোৱা বাঁহ বা কলগছে জেওৰা পাৰ হৈ আনৰ মাটিত বাঢ়ে। ঠিক তেনেকৈ আমাৰ মনটোক, আমাৰ সপোনক ৰ'দ- বৰষুণ, নদ-নদী, সাগৰ-মহাসাগৰ আদি কোনো জেওৰাই বাধা দি ৰাখিব নোৱাৰে। প্ৰেম, প্ৰকৃতি কিম্বা সপোন কাৰো অধীন নহয়।
কবিতা অমৰ। তাৰ ব্যাপ্তি যুগ যুগ ধৰি বিয়পি থাকে। সেয়ে সুযোগ পালে নিজৰ সমাজৰ চিত্ৰ এখন অংকন কৰাটো প্ৰতিজন নিষ্ঠাবান সাহিত্য কৰ্মীৰ কৰ্তব্য হোৱা উচিত। পাহৰণিত জাহ যাব খোজা চালি বেৰ, জাকৈ, খালৈ, চেপা, ডলা ডুলি, চালনী ঢাৰি, চাঙী, চাঁ‌চনী আদিকো তেওঁ অংকিত কৰিছে। কবিতাৰ বিষয়বস্তুৰ বিশেষ দাবী নহলেও কবিয়ে কিছু উপাদান অতি বিচক্ষণতাৰে উপস্থাপন কৰে যে পাঠকে কবিতাৰ ৰসবোধ, বিষয়বস্তু আদিৰ সৈতে আঁত নেহেৰুৱায়। এক যোগসূত্ৰ, চেনেহৰ মালা গাঁঠি দিব পৰাটো কবিৰ প্ৰাচুৰ্যতা।
"নানাৰঙী আকাশখন মূৰত লৈ
বাঁহৰ কত যে সপোন যন্ত্ৰণা"
সম্প্ৰীতিৰ জাকৈ, খালৈ, ডলা, ডুলি ,ঢাৰি আদিৰ বিপৰীতে "যন্ত্ৰণা" ৰে যেন তেওঁ বিভেদৰ জেওৰা খনক বুজাইছে। চহা জীৱনৰ নিত্য ব্যৱহৃত সঁজুলিবোৰৰ উপস্থাপনে কবিতাটিক মোৰ দৰে চহা পাঠকক কবিতাটিৰ সৈতে একাত্ম হোৱাত সহায় কৰিছে।
" বাঁ‌হৰ মেৰমেৰণিৰ সাধুত যখিনী নাচে
চালনীৰ ফুটাৰে চালে যাদুকৰে যাদুত
বাঁ‌হফুল ফুলে
সীমাতে কলিৰ বাস"
বাঁ‌হ গছৰ লগত আমাৰ সমাজৰ বিভিন্ন লোকবিশ্বাস জড়িত হৈ আছে। ককা-আইতাৰ সাধুত বাঁহৰ মেৰমেৰণিত যখিনী নচা, ঘোৰাপাকে বাঁহ ভঙা আদি লোকবিশ্বাস কবিয়ে সাৱলীলভাবে অংকিত কৰিছে। চালনিৰ ফুটাৰে যাদুকৰৰ যাদু চালে যাদু বিফল হোৱা লোকবিশ্বাসক তেওঁ বাঁহ ফুলিলে অমংগল হয় বুলি ভবা লোকবিশ্বাসৰ সৈতে ৰিজাইছে। সীমাত কলিয়ে বাস কৰে বুলি অসমীয়া সমাজৰ বিশ্বাসকো তেওঁ এই সুযোগতে উপস্থাপন কৰিছে। এনে চিত্ৰণে কবিতাক এখন সমাজ জীৱনৰ দলিল হিচাপে প্ৰতিপন্ন কৰে। চহা জীৱনৰ এক ইতিহাস তেওঁ সুঁৱৰিবৰ চেষ্টা কৰিছে।
যুগৰ পৰিৱৰ্তনৰ লগে লগে জেওৰাৰো ৰূপান্তৰ ঘটিছে। লবিজ্ঞানৰ ন ন প্ৰযুক্তি, আৱিষ্কাৰ, কলা-কৌশলে আমাৰ বাঁহৰ 'জেওৰা'ক এলাগী কৰিছে। কবিতাৰ প্ৰয়োজনীয় আৱেগ, বিষণ্ণ অতীত প্ৰীতিৰ ইয়াত উপস্থিতি ধৰা পৰে।
দেশে দেশে জেওৰাই ভাগ কৰা পৰিধিৰ বাবেই আপোন ভাই ৰণত পৰে, দেশ সমাজৰ বিভাজন হয়, যুদ্ধ বিগ্ৰহ, নৰসংহাৰ হয়। আনকি সীমাবিবাদ, জলবিবাদৰ আদিৰ বাবেই আজি সমগ্ৰ পৃথিৱীবাসী ভয়ানক পাৰমাণবিক আতংকৰ গ্ৰাসত পৰিব লগা হৈছে যি মহাকালে সংহাৰৰ সময়ত কোনো পৰিধি নামানে, কাৰো বাচ বিচাৰ নকৰে।
বিশ্বপ্ৰেম, মানৱপ্ৰেম, প্ৰকৃতিপ্ৰেম আৰু ভাতৃত্ববোধৰ আহ্বান কবিতাটিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। যি কবিতাই সমাজ গঢ়াৰ কথা কয়, মানৱীয় প্ৰমূল্যবোধৰ কথা কয় সেই কবিতা সাহিত্যৰ পথাৰত বৃথা আস্ফালন নহয়। ,কবিয়ে কল্পনা কৰে এখন পৃথিৱীৰ য'ত সকলো একতা আৰু ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খাই থাকে ।আমি কিঞ্চিৎ মানো মাটি, পানী সৃষ্টি কৰিব নোৱাৰো কিন্তু অহৰহ ব্ৰতী হৈ আছো সেইবোৰ ভাগ কৰাত। কবিয়ে আহ্বান জনাইছে সকলো বিবাদ পাহৰি এখন সুষ্ঠ, বিনন্দীয়া ধৰণী গঢ়িবলৈ। এই সামাজিক দায়বদ্ধতাই কবিতাটি সাৰ্থক আৰু প্ৰাসংগিক কৰি তুলিছে ।
"সমুদ্ৰ তথা অৰণ্যৰ
বিস্তীৰ্ণ বিনন্দীয়া ৰূপক পাৰোঁনে
আৰু অকণ বিনন্দীয়া কৰিব।"
এই ধৰাৰ আটাইতকৈ ওখ আৰু কঠিন তৃণজাতীয় উদ্ভিদ বাঁহৰ সকলো গৌৰৱৰ আনটো প্ৰান্তত যেন অভিশাপ হৈ থিয় দি আছে 'জেওৰা'। সেই বিষাদবোধেৰে আৰম্ভ হোৱা কবিতাটি কবিয়ে সামৰণি পেলাইছে এক শুভ বাৰ্তাৰে।
এটি প্ৰত্যয় ভৰা প্ৰশ্ন তেওঁ সুধী সমাজলৈ এৰি দিছে এইদৰে
"হে সাৰস্বত সমাজ
এতিয়া কোন যুগন্ধৰে যুগপৎ চিন্তাৰে ক'
যুদ্ধ মানেই জীৱন"
শেষত কওঁ, বিষয়বস্তুৰ প্ৰাসংগিকতা, বাস্তৱবাদী চিন্তা, ভাৱৰ গভীৰতা, প্ৰকাশৰ কোমলতা ,সঠিক চিত্ৰপট আৰু শব্দচয়ন, বিশেষকৈ আমাৰ সমাজ জীৱনৰ পৰা মোচ খাই যাব ধৰা কিছু শব্দৰ প্ৰয়োগে (যেনে- ডলা, ডুলী, চাঙী, চাঁ‌চনী, গোঁ‌জ আদি) কবিতাটিক উপভোগ্য কৰি তুলিছে। দুই এক দুৰ্বোধ্য ভাৱ যেনে- চাৰিকুণীয়া সপোন(সপোনে গোটেই পৃথিৱীখন ঘূৰাৰ কথা ভাবিব পাৰি) বাঁহনিয়ে বাঁহনিয়ে ঘূৰি ঘূৰিয়ে সঁজাল ধৰে যৌনতা আদি কবিয়ে একান্তই নিজৰ বাবে হয়তো ৰাখে।
যুগন্ধৰ, সাৰস্বত, যুগপৎ, এনখ, ঢাপ আদি শব্দৰ ব্যৱহাৰে কবিৰ ভাষাৰ ভঁৰাল যে চহকী তাকেই প্ৰতিফলিত কৰে।
কবি চন্দন গোস্বামী দেৱক ধন্যবাদ জনালোঁ অসমীয়া কাব্যসাহিত্যলৈ এটি সুন্দৰ কবিতা উপহাৰ দিয়াৰ বাবে। লগতে ক্ষমা প্ৰাৰ্থনা, মোৰ দৰে অনভিজ্ঞ এজনে কবিতাটি পৰ্যালোচনা কৰোঁতে হোৱা ভুল- ত্ৰুটিৰ বাবে। আখৰুৱাৰ প্ৰশাসক তথা ব্যৱস্থাপকবৃন্দক ধন্যবাদ জনাইছোঁ মোক শিতানটো আগবঢ়াব দিয়া বাবে লগতে কবিতাটি পৰ্যালোচনা কৰাত হোৱা ভুল- ত্ৰুটিৰ বাবে সুধী সমাজলৈ ক্ষমা ভিক্ষা মাগিলোঁ‌।
°°°°°°°°°°°°°°°°°
ব্যৱস্থাপকৰ টোকা---
'
আখৰুৱা : literati' গোটৰ মাননীয় সদস্যসকলৰ মতামত বিচাৰি পলাশ কুমাৰ নাথ ডাঙৰীয়াই যুগুতোৱা সাতসৰীআলোচনীৰ এপ্ৰিল, ২০১৭ সংখ্যাৰ এটি কবিতাৰ পৰ্যালোচনাৰে এইবাৰৰ 'চানেকি' শিতান আগবঢ়োৱা হল৷ মাননীয় সকলো সদস্যৰে সহযোগিতা আৰু মতামত বিচাৰিলোঁ। আপোনালোকৰ সহযোগিতাই পৰ্যালোচনাৰ মান উন্নত কৰাত সহায়ক ব। পৰ্যালোচনাটোত কোনো কাৰণত বানানৰ ভুল ৰৈ গৈছে যদি মাননীয় সদস্যসকলে আঙুলিয়াই দিয়ে যেন।
ধন্যবাদ
পাৰ্থ প্ৰতিম কলিতা
অচ্যুত মাধৱ দাস
হীৰকজ্যোতি বৈশ্য
ব্যৱস্থাপক,
চানেকি শিতান
২১ এপ্ৰিল,২০১৭

No comments:

Post a Comment