Friday, 28 April 2017

এমুঠি কবিতা



এমুঠি কবিতা

 
দৰ আঁচলত জিলিকে কুঁহুমীয়া ভাঁজ
নৱ প্ৰেৰণাৰ হেন্দোলনি বাটত
আধাফুটা মাতে জাতিষ্কাৰ পাৰিজাত বুকুৰে সাজ
----
ফাগুন
কঢিয়াই ফুৰো অনবৰতে জোনাকৰ স্মৃতি
উজাগৰী কৃষ্ণচূড়াৰ শুকুলা আকাশ
হৃদয়ৰ ভাঁজে ভাঁজে ফাগুনৰ সাতোৰঙী স্থিতি
----
ডিঙা
নিজস্ব ভাষাতে হৃদয়খন লাগে উৰুঙা
কি বতাহ কি ধুমুহা নিৰ্বিকাৰ
তথাপি মেলি দিওঁ চিনাকী ঘাটেৰে আপোন ডিঙা
-----
আশা
মৌ-মাধুৰী পৰশৰ এথুপি সহজ-সৰল সুৰভী
হৃদয় দাপোণত সোণবৰণীয়া জোনাকৰ
দুচকুত ভাঁহি থাকে সৌ তাহানিৰ সুক্ষ্ম প্ৰতিচ্ছবি
----
বসন্ত
অহোৰাত্ৰি কবিতাৰ প্ৰতিটো ৰেণু-কণা ক্ষণ
প্ৰতিশ্ৰুতি চহোৱা সুঁৱৰি সুখ সোঁৱৰণী
হৃদয়ৰ খোলা কোঠাৰ নাহৰ তগৰ গুটিমালী মন ৷৷
বি:-
অংকুৰ শইকীয়া ৷

No comments:

Post a Comment