Sunday, 23 April 2017

পুনৰীক্ষণ (৪৬) ১৬ - ২৩ মাৰ্চ, ২০১৭



পুনৰীক্ষণ (৪৬) ১৬ - ২৩ মাৰ্চ, ২০১৭
পৰ্যালোচক-- যোগেশ ভট্টাচাৰ্য্য।
°°°°°°°°°°
দ্বিতীয়বাৰৰ বাবে আখৰুৱা গোটত পৰ্যালোচনাৰ দায়িত্ব দিয়াৰ বাবে প্ৰশাসকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই দায়িত্ব পালনত সহায়ৰ হাত আগবঢ়োৱা আখৰুৱাৰ সমূহ সদস্য তথা ব্যৱস্থাপক সকললৈ আন্তৰিক ধন্যবাদেৰে মাৰ্চ,২০১৭ৰ তৃতীয় সপ্তাহৰ পৰ্যালোচনা পাঠকৰ বাবে আগবঢ়ালোঁ |
এই খণ্ডটিৰ বাবে নিৰ্বাচিত কবিতাসমূহ হল--
১) কবিতা ~ মৈত্ৰেয়ী পাটৰ
২) "জোন"টোৰ দৰে ~ প্ৰশান্ত শৰ্মা
৩) ষড়যন্ত্ৰকাৰী ~ কল্যাণী বৰ্মন
৪) স্বপ্ন-দুঃস্বপ্ন ~ মাধৱ দত্ত
কবিতাৰ সংজ্ঞা কি বুলি সুধিলে এটা বাক্যত উত্তৰ দিয়া মানুহ হয়তো নোলাব। কিছুমান বিখ্যাত লোকে কবিতাৰ সংজ্ঞা দিয়াৰ প্ৰয়াস কৰিছে যদিও সি সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য হব পৰা নাই। আচলতে সহজভাৱে কব গলে যিটো বস্তুৱে মনটোক চুই যাব পাৰে সেয়াই কবিতা। কবিতা সকলোতে আছে। ধাননি পথাৰ, বৰষুণ, চৰাইৰ মাত, গছৰ পাত, ৰৈ থকা পৰ্বত, বৈ যোৱা নদী, কত নাই কবিতা! আৰু এই সকলোবোৰতে যিয়ে কবিতা বিচাৰি পায় তেৱেঁই কবি। অনুভৱ কৰিব পৰা সকলোজনেই কবি। পিছে সেই অনুভৱক শব্দৰ জৰিয়তে প্ৰকাশ কৰিব পৰা দক্ষতা সকলোৰে নাই বাবেই সকলোৱে কবি হিচাপে স্বীকৃতি পোৱা নাই। যি নহওক, ওপৰোক্ত কথাখিনি মোৰ ব্যক্তিগত অনুভৱহে। কিন্তু সেইখিনি কথাৰ লগত কিছু মিল দেখা গল মৈত্ৰেয়ী পাটৰৰ "কবিতা" শীৰ্ষক কবিতাটিৰ লগত, ত কবিয়ে কবিতাৰ অৰ্থ উদ্ধাৰ কৰাৰ প্ৰয়াস কৰিছে।
১)
কবিতা
মৈত্ৰেয়ী পাটৰ
শব্দ আমাৰ সুখ দুখ আৰু কবিতা
গতিপথৰ অনিবাৰ্য সত্য
শব্দই সুখ দিয়ে আৰু জীয়াই ৰাখে দুখ
কবিতা পথাৰৰ সেউজ ৰং
'তৰ শিপিনীয়ে যাক তুলি আনে
আৰু মলি দিয়ে বহাগৰ প্ৰথমখন চাদৰত
কবিতা পথাৰৰ হালধীয়া গধূলি
জেঠৰ পকা ঘামচি ভঙা সুখৰ বিচনী
অথবা দুখৰ বতাহহীন প্ৰহৰ এলানি
শব্দৰ উদৰৰ পৰা ধাৰে আনো কবিতা
অথচ অনাদিৰ পৰা অনন্তলৈ
তাৰ অন্তহীন ধাৰা
যাক পানীৰ দৰে পি খাওঁ
উশাহৰ দৰে ভিতৰলৈ টানি লওঁ
কান্দো হাঁহো গাওঁ নৃত্য কৰো
যাক বিচাৰি শব্দৰ উদৰ উদি কৰো
অথচ চকুৰ পৰা চাকিলৈ, পোহৰৰ পৰা এন্ধাৰলৈ
প্ৰেমৰ পৰা অপ্ৰেমলৈ, কত যে স্থিতি তাৰ
শব্দৰ বেদীত কবিতা ভঙ্গুৰ মৃন্ময় দেৱী
অথচ ভোকৰ পৰা টোপনিলৈ,
সিদ্ধান্তৰ পৰা নিয়তিলৈ,
ঈশ্বৰৰ পৰা চয়তানলৈ, সি ক'ত নাই
জাৰৰ ৰাতি পিতাইৰ বুকুৰ উমটোৰ দৰে
অথবা আইৰ চাদৰৰ ধূঁনাৰ গোন্ধটোৰ দৰে
নজহা নপমা কবিতাই আমাক
ওৰেটো জীৱন সাৱটি থাকে।
কবিতাটিৰ প্ৰথম স্তৱকটিত কবি মৈত্ৰেয়ী পাটৰে কৈছে যে সুখ দুখৰ প্ৰকাশেই হৈছে কবিতা। বহুসময়ত দেখা যায় যে অতিমাত্ৰা সুখ বা দুখে জন্ম দিয়ে এটি কবিতা। বিখ্যাত কবি উইলিয়াম ৱৰ্ডছৱৰ্থে কৈ গৈছে যে "poetry is the spontaneous overflow of powerful feelings". গতিকে কবিতাক শক্তিশালী আবেগ অনুভূতিৰ বহিঃপ্ৰকাশ বুলি কব পাৰি। পিছে এই সূত্ৰ সম্পূৰ্ণভাৱে গ্ৰহণযোগ্য নহয় আৰু ব্যক্তিগত অনুভূতিয়েই কবিতাৰ একমাত্ৰ বিষয়বস্তু নহয়। বহুসময়ত কবিয়ে প্ৰকৃতি তথা অন্য বাহ্যিক বস্তুক পঢ়ুৱৈৰ আগত সজাই পৰাই তুলি ধৰে। কবি পাটৰেও সেউজীয়া ধাননি পথাৰখনক কবিতা ৰূপে দাঙি ধৰিছে। শিপিনীয়ে পথাৰৰ সেউজীয়া বুটলি চাদৰত সিঁচি দিয়াৰ দৰে কবিয়ে পথাৰৰ পৰা বুটলি আনে কবিতা, আৰু সিঁচি দিয়ে পাঠকৰ মনৰ চোঁতালত।
তৃতীয় স্তৱকৰ প্ৰথম শাৰীত কবিয়ে কবিতাক তুলনা কৰিছে পথাৰৰ হালধীয়া গধূলিৰ লগত। পকা ধাননি পথাৰে যেনেকৈ বছৰটোৰ শেষত পৰিপূৰ্ণতা আনে, গধূলিয়ে যেনেকৈ দিনটোক পূৰ্ণতা প্ৰদান কৰে, ঠিক তেনেকৈয়ে কবিতাই অনুভূতিৰ পূৰ্ণতাৰূপে আত্মপ্ৰকাশ কৰে। কেতিয়াবা যদি কবিতাই বিচনীৰ বতাহে দেহ জুৰ পেলোৱাৰ দৰে অস্থিৰ মনক প্ৰশান্তি দিয়ে, কেতিয়াবা আকৌ শেষ নোহোৱা যেন লগা দুখৰ সময়ত সংগ দিয়ে।
কবিতাক জীৱজগতৰ প্ৰাণ স্বৰূপ পানীৰ লগত তুলনা কৰি কবিয়ে ইয়াকে কব বিচাৰিছে যে মানুহ নামৰ একমাত্ৰ অনুভুতিশীল জীৱবিধৰ অনুভৱৰ শইচ জীপাল কৰি ৰাখে কবিতাই। কবিতা মানুহৰ প্ৰতিটো উশাহত, প্ৰতিটো ক্ষণত বৰ্তমান। প্ৰেমত থাকে কবিতা, ঈশ্বৰত থাকে কবিতা, পিতৃ মাতৃৰ বুকুৰ উমটো বিচাৰি পোৱা যায় কবিতা। কেৱল শব্দৰ প্ৰকাশেই নহয় কবিতা, মনত জাগ্ৰত হৈ মনতেই থিতাপি লোৱা অনুভূতিও কবিতা।
কবি মৈত্ৰেয়ী পাটৰে বিশ্ব কবিতা দিৱস উপলক্ষে কবিতাক বিষয়বস্তু হিচাপে লৈ পাঠকৰ মাজলৈ আগবঢ়োৱা "কবিতা" শীৰ্ষক কবিতাটিয়ে বাৰুকৈয়ে আপ্লুত কৰিলে। কবিগৰাকীৰ উন্নতি কামনা কৰি ভবিষ্যত সময়তো তেওঁৰ কলমৰ পৰা সুকবিতাৰ আশা কৰিলোঁ।
২)
জোন"টোৰ দৰে
প্ৰশান্ত শৰ্মা
"জীৱন"টো
"
জোন"টোৰ দৰেই
একলা, দুকলাকৈ বাঢ়ে
পূৰ্ণ হয়……হাত ঘূৰাই নাচে
আকৌ……
খহনীয়াত পৰে
চপৰা-চপৰে
পিছে
মৰা "জোন"
পুনৰ জী উঠে
দিগন্তৰ সিটোপাৰে
"জীৱন"হে
কাহানিও নুঘূৰে
এইটো পাৰলে……
অতি কম শব্দৰ প্ৰয়োগেৰে কবি প্ৰশান্ত শৰ্মাই "জোনটোৰ দৰে" শীৰ্ষক কবিতাটিৰ যোগেদি জীৱনৰ এক গুৰুত্বপূৰ্ণ দিশ পাঠকৰ আগত দাঙি ধৰিছে।
জীৱনটোক প্ৰায়েই তুলনা কৰা হয় প্ৰকৃতিৰ লগত। বহুতো ইংৰাজ তথা অসমীয়া কবিয়ে বছৰটোৰ ঋতুকেইটাৰ লগত মানৱ জীৱনৰ সাদৃশ্য দাঙি ধৰিছে। বসন্ত ঋতুৰ কুমলীয়া পাতক যদি শৈশৱৰ লগত তুলনা কৰা হৈছে, শীতৰ লঠঙা গছবোৰক বাৰ্ধক্যৰ লগত তুলনা কৰা হৈছে। কিন্তু শীতৰ পিছত প্ৰকৃতিয়ে যেনেকৈ পুনৰ ন ৰূপ ধাৰণ কৰে তেনেদৰে কিন্তু মানুহৰ জীৱন বাৰে বাৰে নাহে। কবি প্ৰশান্ত শৰ্মাৰ কবিতাটিয়েও সেই একে ধৰণৰ কথাকেই প্ৰতিফলিত কৰিছে, কিন্তু প্ৰকৃতিৰ সলনি তেওঁ জীৱন চক্ৰক তুলনা কৰিছে জোনটোৰ সৈতে। পূৰ্ণিমাৰ জোনটো ক্ৰমান্বয়ে খহি গৈ এসময়ত নাইকিয়া হৈ যায়। কিন্তু অমাৱস্যাৰ পিছদিনাৰ পৰা আকৌ নতুন আশা সিচি একলা দুকলাকৈ বাঢ়ি আকৌ পূৰ্ণাঙ্গ ৰূপ পায়। কিন্তু মানুহৰ জীৱন এবাৰ হেৰাই গলে দুনাই উভতি নাহে।
কবি প্ৰশান্ত শৰ্মাৰ এই কবিতাটোৰ লগত কিছু সাদৃশ্য আছে চাৰ্লোট স্মিথৰ "Written at the Close of Spring" কবিতাটিৰ সৈতে। কবিতাটিত স্মিথে কৈছে যে মে মাহত প্ৰকৃতি আকৌ ঠন ধৰি উঠে। কিন্তু জীৱনৰ সুখ হেৰাই গলে পুনৰ উভতি নাহে।
"Another May new birds and flowers shall bring;
Ah! why has happiness no second spring?"
ওপৰোক্ত কবিতাটিৰ বাক্য দুষাৰিৰ লগত কবি শৰ্মাৰ কবিতাটিৰ কোনো ধৰণৰ প্ৰত্যক্ষ সাদৃশ্য নাই যদিও প্ৰায় একে ধৰণৰ ভাৱৰ প্ৰকাশ পৰিলক্ষিত হৈছে যাৰ দ্বাৰা এইটো বুজা যায় যে শৰ্মা ডাঙৰীয়াৰ কবিতাটিৰ ধাৰণাটো বিশ্বজনীন হৈছে।
শেষত, কবি প্ৰশান্ত শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰি তেওঁৰ পৰা ভবিষ্যতেও সুন্দৰ কবিতা আশা কৰিলোঁ।
৩)
ষড়যন্ত্ৰকাৰী
কল্যাণী বৰ্মন
মাজে মাজে চহৰখনে
মোক হত্যা কৰিবলৈ ষড়যন্ত্ৰ চলায়
আৰু অভিমন্যু
চক্ৰবেহুৰ
চেপা যন্ত্ৰণাত
চম্পাফুলৰ হাঁহিবোৰ গোন্ধহীন হৈ পৰে
মই ভবা চিনাকি চহৰখনৰ
অনেক
সূৰ্য নেদেখা ৰূপ
সৌৰভ চলিহাৰ "গোলাম" য'ত হেৰাই যায়
চহৰখন মাজে মাজে
জিঘাংসু হয়
আৰু পিতামহ ভীষ্মৰ দৰে
শৰশয্যাত লিপিট খাই পৰি ৰয়
জ্ঞানলব্ধ পুৰাতন বুকুৰ
অসহায় যন্ত্ৰণা
সমাসোক্তি প্ৰয়োগৰ দ্বাৰা চহৰখনক মানুহৰ লগত তুলনা কৰি কবি কল্যাণী বৰ্মনে তেওঁৰ "ষড়যন্ত্ৰকাৰী" শীৰ্ষক কবিতাটিৰ যোগেদি সদায় দেখি থকা চহৰখনৰ অন্য এক ছবি দাঙি ধৰাৰ প্ৰয়াস কৰিছে। চহৰখনক তেওঁ হত্যাকাৰীৰ ৰূপত অংকিত কৰিছে। পিছে চহৰ এখনে জানো কাৰোবাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিব পাৰে? নিশ্চয় নোৱাৰে। গতিকে পাঠকে এইদৰে বুজি ললে ভুল নহব যে চহৰখনৰ ওপৰত নহয়, বৰঞ্চ চহৰবাসীৰ ওপৰতহে কবিৰ আক্ষেপ আছে।
চহৰখনৰ ব্যস্ততা তথা উদাসীনতাই কবিৰ মনত আঘাত দিছে। চক্ৰবেহুৰ লগত তুলনা কৰা হৈছে চহৰখনক, ৰ পৰা ওলোৱাৰ পথ নাই। ইয়াৰ অৰ্থ এনেদৰে বিশ্লেষণ কৰিব পৰা যায় যে চহৰৰ স্বাৰ্থপূৰ্ণ জীৱনৰ পৰা আঁতৰি অহাৰ কোনো উপায় নাই। যদিও চহৰখন নিচেই চিনাকি, তথাপি কেতিয়াবা কাহানিও নেদেখা ৰূপ ধাৰণ কৰে চহৰখনে। প্ৰতীকাৰ্থত ই মানুহৰ চিনাকি সৰলতাৰ আৰত লুকাই থকা কপটতাৰ কথা বুজাইছে বুলি ধাৰণা কৰিব পাৰি।
জিঘাংসা চহৰখনত বাস কৰি সকলো দেখিও নিৰৱ হৈ থাকিবলৈ বাধ্য হোৱা কবিয়ে নিজকে তুলনা কৰিছে পিতামহ ভীষ্মৰ লগত। ইয়াৰ যোগেদি কবিৰ অসহায়তা আৰু অপাৰগতা প্ৰকাশ পাইছে।
শব্দৰ সুন্দৰ প্ৰয়োগ আৰু সাৱলীল প্ৰকাশভংগীয়ে কবি কল্যাণী বৰ্মনৰ কাব্যিক প্ৰতিভাৰ পৰিচয় দিছে। কবিগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ কলমেৰে অধিক মনোগ্ৰাহী কবিতা নিৰ্গত হোৱাৰ কামনা কৰিলোঁ।
৪)
স্বপ্ন-দুঃস্বপ্ন
মাধৱ দত্ত
বাক স্বাধীনতা থাকিল বুলিয়েই
কাউৰীৰ দৰে কাঁ কাঁ কৰা
মোৰ দেশৰ জাতীয়তাবাদীৰ ঘৰত
কুলিয়ে কণী পাৰে
আথে বেথে উমনি দিয়া
নিজৰ সন্তান বুলি
মুখত আহাৰ দি প্ৰতিপালন কৰা
কুলিৰ পোৱালীটো
নিলগলৈ উৰা মাৰে
কবি মাধৱ দত্ত আখৰুৱা গোটৰ পৰিচিত ব্যক্তিসকলৰ ভিতৰত এজন। ভিন্ন স্বাদৰ কবিতাৰে তেওঁ ইতিমধ্যে আখৰুৱাৰ চোঁতাল সজোৱাত বৰঙণি যোগাইছে। "স্বপ্ন-দূঃস্বপ্ন" কবিতাটিৰ যোগেদি তেওঁ বৰ্তমানৰ লগত খাপ খোৱা এখন সামাজিক তথা ৰাজনৈতিক ছবি পাঠকৰ আগত দাঙি ধৰিছে।
কবিতাটিৰ শৈলী প্ৰতীকধৰ্মী। স্থানীয় লোককথা এটাৰ জৰিয়তে কবিয়ে সাম্প্ৰতিক ৰাজনৈতিক সমস্যাৰ ছবি দাঙি ধৰিছে। লোকবিশ্বাস মতে কুলি চৰায়ে কাউৰীৰ বাহত কণী পাৰে আৰু কাউৰীয়ে তাকেই নিজৰ কণী বুলি উমনি দি পোৱালি জগাই সিহঁতক ডাঙৰ দীঘল কৰে। ঠিক তেনেদৰেই ৰাইজে জাতিৰ স্বাৰ্থত নিৰ্বাচন কৰা জন প্ৰতিনিধি কিছুমানেও পিছলৈ ৰাইজক হতাশ কৰে। অতি কম শব্দেৰে লিখা কবিতাটো সময় সাপেক্ষ হৈছে আৰু ই পাঠকৰ মনত সাঁচ বহুৱাৰ লগতে দেশৰ প্ৰতি থকা কবিৰ প্ৰেমভাবৰ পৰিচয় দিছে। অতি নিপুণতাৰে ৰাজনীতিৰ ক্ষেত্ৰখনৰ প্ৰকৃত ছবি দাঙি ধৰাৰ প্ৰয়াসক শলাগী কবি মাধৱ দত্তৰ কাব্যিক প্ৰতিভাৰ উন্নতি কামনা কৰি পৰ্যালোচনটি সামৰা হল।
°°°°°°°°°°
ব্যৱস্থাপকৰ মন্তব্য :
ক)'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান সমূহ কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন৷
খ)আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম৷ আনকি আমাৰ প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন৷
শেষত ক'ব বিচাৰিছোঁ যে পুনৰীক্ষণ শিতানটো আৰু অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে পৰ্যালোচনাটোৰ সম্পৰ্কত তেখেতসকলৰ মুকলি মতামত জনাই যেন ৷
ধন্যবাদ
অচ্যুত মাধৱ দাস
জোনমনি গগৈ
ব্যৱস্থাপক, পুনৰীক্ষণ শিতান,
আখৰুৱা : literati
২৩ এপ্ৰিল,২০১৭

No comments:

Post a Comment