শূন্যতা
চৰাইবোৰৰ বুকু উদং
কৰি
গছবোৰ এদিন হেৰাই যায়
ছাঁ দিয়া গছ
মাত দিয়া গছ
ৰ'দে পোৰা বতাহত
নাচি থাকে
ভৰি পিছলা এশ এটা অচিন বাট
গছবোৰ এদিন হেৰাই যায়
ছাঁ দিয়া গছ
মাত দিয়া গছ
ৰ'দে পোৰা বতাহত
নাচি থাকে
ভৰি পিছলা এশ এটা অচিন বাট
বাহ-ভঙা চৰাইৰ দুখ
কোনে বুজে
বেলিটো ঢাকি
গজি উঠে বিদেশী গছ
স্বদেশী চৰায়ে বিদেশী গছত
নোৱাৰে সাজিব বাহ।
বেলিটো ঢাকি
গজি উঠে বিদেশী গছ
স্বদেশী চৰায়ে বিদেশী গছত
নোৱাৰে সাজিব বাহ।
চিনাকী পৃথিৱীৰ
অচিনাকী ৰূপ
চকুৰ জালত বন্দী মানুহৰ হাহাকাৰ
কাৰ মাত কোনে শুনে
কাৰ হাতত কোনে ধৰে
কোনে জানে
কোন পথে গলে
পাব পাৰি বেলিৰ পোহৰ?
চকুৰ জালত বন্দী মানুহৰ হাহাকাৰ
কাৰ মাত কোনে শুনে
কাৰ হাতত কোনে ধৰে
কোনে জানে
কোন পথে গলে
পাব পাৰি বেলিৰ পোহৰ?
কবি:-
ණদুলাল হাজৰিকা ।
No comments:
Post a Comment