Saturday, 29 April 2017

দুঃসময়



দুঃসময়


পুৱাৰ সুৰুযেও নমাই আনিবলৈ অপাৰগ
পোহৰৰ সৰ্পিল তৰংগ
যাযাবৰী নিশাৰ লেলিহান শিখাই
মেৰিয়াই আছে সুৰুয ।
নষ্ট চৰিত্ৰৰ আন্ধাৰৰ প্ৰতাৰণাত
পোহৰ বিধ্বস্ত ।
নদীৰ বুকুত ধাৱিত হোৱা
এসুঁ‌তি পবিত্ৰ জলধাৰা প্ৰতিহত ।
আন্ধাৰৰ কেকোৰা চেপাত
আতংকৰ আৰ্তনাদ চৌদিশে ।
চকু চাঁ‌ত মৰা বিজুলী আৰু
কাণ তাল মৰা গাজনিৰ আৰাও ।
অহৈতুকী আনন্দৰ মাদকতাত
উন্মাদৰ মুকাভিনয় ।
লঠঙা গছত নঙঠা কাকতি ফৰিঙৰ দল
পোহৰ বিধ্বংসী অভিযানৰ সেনানী
কেঁ‌চা তেজৰ কেচেমা কেচেম গোন্ধ
এটা ভয়ংকৰ পৰিণতিৰ আগজাননী

কবি:-
ৰীনা বুঢাগোঁহাই

No comments:

Post a Comment