-কিনকিনাই সৰে কৃষ্ণ ত্ৰয়োদশীৰ এন্ধাৰ
জোন-
দুশাৰী পাহাৰৰ
উপত্যকাত
শিলৰ গাত ঠেকা খাই খাই
ক্ৰমশঃ হেৰাই যায় মোৰ মাত !
শিলৰ গাত ঠেকা খাই খাই
ক্ৰমশঃ হেৰাই যায় মোৰ মাত !
এটা ৰাতিৰ চৰাই
সাৰ পায়,
দূৰণিৰ ক'ৰবাত
নিয়ৰ জুৰুলা শেৱালি এপাহ সৰি পৰে
শীতল শিলত শিলকুঁৱৰীয়ে এঙামুৰি কাঢ়ে।
দূৰণিৰ ক'ৰবাত
নিয়ৰ জুৰুলা শেৱালি এপাহ সৰি পৰে
শীতল শিলত শিলকুঁৱৰীয়ে এঙামুৰি কাঢ়ে।
চকুৰ পতাত সেই
ৰাতি
দুৱৰি পাতৰ বৰষুণ কণা
কিনকিনাই সৰে...
দুৱৰি পাতৰ বৰষুণ কণা
কিনকিনাই সৰে...
কবি:-
ණজয়ন্ত আকাশ বৰ্মন ।
No comments:
Post a Comment