অক্ষমতাৰ শাওঁ
===========
===========
বৰগছৰ তলত পুলি পোখা
সকলো মৰহি যায়
সিঁহতে শাওঁ দি থৈ যায়
নিঃসঙ্গতাৰ অভিশাপ
পর্বতৰ থিয় টিঙলৈ
সৰু টিলাবোৰে ধিয়াই
মনে মনে সপোন দেখে
এদিন খঁহি পৰিব চুড়া
সৰু টিলাবোৰে ধিয়াই
মনে মনে সপোন দেখে
এদিন খঁহি পৰিব চুড়া
আকাশলৈ ঢাপলি মেলা
পখিলৈ হুমুনিয়াহ কাঢ়ে
খোপনি পোঁতা পাদপে
ডেউকা চাগে ভাগি পৰে
পখিলৈ হুমুনিয়াহ কাঢ়ে
খোপনি পোঁতা পাদপে
ডেউকা চাগে ভাগি পৰে
শব্দৰ মালাকাৰে
গাঁথে
বিতোপন কবিতাৰ মালা
যশপ্রত্যাশীয়ে অক্ষমতাৰে
খুচুৰে ভেটিক নিগনীৰ দৰে
বিতোপন কবিতাৰ মালা
যশপ্রত্যাশীয়ে অক্ষমতাৰে
খুচুৰে ভেটিক নিগনীৰ দৰে
কবি:-
ණজ্যোতিষ কুমাৰ দেৱ ।
No comments:
Post a Comment