Friday, 14 April 2017

কপৌফুল



কপৌফুল

বহাগ বিহুৰ দুপৰীয়া ।পাছ চোতালত বহি একান্তমনে চিৰা জাৰি আছিলো।তেনেতে কোনোবাই কোৱা শুনিলো-মাইনা,দেখিছনে দাদাৰে কেনেকৈ চিৰা জাৰি আছে।যা,সহায় কৰি দেগৈ। মই চকু তুলি আগন্তুকলৈ চালো।ইতিমধ্যে তেওঁ মাকৰ কথা মানি মোৰ ওচৰত হাজিৰ হৈছিল।
ঘৰখনৰ প্ৰাণী বুলিবলৈ ঘৰত মই আৰু মা-দেউতা ।সেয়েহে সৰু কালৰে পৰা ঘৰ সৰাৰ পৰা কাপোৰ ধোৱা, পাকঘৰৰ কাম কৰা এই সকলো কাম মই কৰি মাক সহায় কৰি আহিছো।মায়েও কিছুমান কাম মোৰ হাতত গতাই নিচিন্ত হ'ব পাৰিছিল।সেয়েহে আজি বিহুৰ জলপান চিৰা কেইটা জাৰিবলৈ কোৱাত মই পাছ চোতালত তাকে কৰি আছিলো।এতিয়া এই ছোৱালীজনীয়েহে গোটেইখন খেলিমেলি লগাই দিলে।
দেহত ভৰ যৌৱন মোৰ।আজি অলপ দিনৰে পৰা মায়ে বিয়া পাত বিয়া পাত বুলি কুটুৰি আছিলেই।এতিয়া সন্মুখত দীপলীপ কইনাটি দেখি মন ৰাইজাই কৰিবলৈ ধৰিলে।ইতিমধ্যে তেওঁ নিঃসংকোচে ডলাখনৰ আনটো মুৰে বহি চাওঁ মই জাৰি দিওঁ চিৰাকেইটা বুলি টনা-আজোৰাখন আৰম্ভ কৰিলেই।মই ভেবা লাগি তেওঁলৈ চালো।ইমান ধুনীয়া! মেখেলা-চাদৰ পৰিহিত ছোৱালীজনীৰ খোপাত এপাহ কপৌফুলে সোণত সুৱগা চৰাইছে। অনিচ্ছা সত্বেও ডলাখন দুয়ো ভাগ কৰি ল'লো।সঁচা কথা ক'বলৈ 'লে মোৰ চিৰাখিনি জাৰি হৈছিলেই।কিন্তু তেওঁৰ লগত একেলগে বহি চিৰা জৰাৰ সুখ লবলৈ মনটোৱে বৰকৈ তাগিদা দিছিল।
তেওঁলোকৰ ঘৰ তেজপুৰত।বিহুত মোমায়েকৰ ঘৰলৈ আহিছে।মাক বোলে মোৰ মাৰ নলে গলে লগা বান্ধবী আছিল ।সেয়েহে আমাৰ ঘৰলৈ আগমন।এই সকলোবোৰ কথা তেওঁলোক যোৱাৰ পাছতে মায়ে মোক কৈছিল ।
(২)
সন্মুখত এখন চালে চকুৰোৱা ফুলনি।নানা তৰহৰ ফুলেৰে জাতিস্কাৰ হৈ আছে।বাৰীৰ ঢাপত সেইয়া তামোল গছত কপৌফুল ।গোলাপ,তগৰ,খৰিকাজাঁইৰ গোন্ধ ত গোটেইখন আমোল মোল।মুগ্ধ হৈ মই ফুলনিখনলৈ সোমাই গ'লো। পিছে ফুলনিলৈ সোমাইয়েই মই ভেবা-চেকা খালো।এইয়াচোন ফুলনিৰ মাজত অথনি আমাৰ ঘৰলৈ অহা ছোৱালীজনী।একান্তমনেৰে তামোলগছত থকা কপৌফুলজোপাৰ পৰা ফুল এপাহ চিঙিবলৈ চেষ্টা কৰি আছে।মই চিধাই ওচৰ চাপি ফুলপাহ চিঙি তেওঁৰ হাতত দিলো।খিলখিলাই হাঁহি তেওঁ ক'লে "খোপাত গুজি দিয়া"।আনন্দতে মোৰ মুখেৰে বিহু এফাঁকি ওলাই আহিল।" পাহাৰ বগাই বগাই কপৌফুল আনিদিম,গুজিদিম তোমাৰে খোপাত"।
, কি বিৰবিৰাই আছ' উঠ, ৰাতিপুৱাল।মাৰ মাতত বাস্তৱ লৈ ঘুৰি আহিলো যদিও চকুত ছোৱালীজনী।কিজানি মনতো।
(৩)
মাৰ লগত কালিৰ বান্ধৱীৰ ঘৰলৈ যাবলৈ ওলালো।আচলতে তালৈ যাবলৈ মাতকৈ মোৰহে উৎসাহ বেছি হ'ল। এবাৰ মায়ে ক'লে- বিহুৰ কথা,তই নহ'লে ঘৰতে থাক।কোনোবা আলহী আহিব পাৰে।মই সাউতকৈ বান্ধৱীৰ ঘৰৰ পৰা আহোগৈ।মই জঁই পৰিছিলোৱেই।তেনেতে মুখত হাঁহি এটিৰে মায়ে ক'লে , মন বেয়া কৰিব নালাগে ওলা তইও।মাৰ আগত লাজ পালো যদিও যোৱাৰ লোভ সামৰিব নোৱাৰিলো।বিশেষকৈ ছোৱালীজনীক আকৌ এবাৰ লগপোৱাৰ হেঁপাহে মোৰ মন তেনেই অস্হিৰ কৰি তুলিছিল।খুব সম্ভৱ মোৰ প্ৰেমে গজালি মেলিছিল।
(৪)
মায়ে বাহিৰতে মোক এৰি বান্ধৱীৰ ঘৰৰ ভিতৰ পালেগৈ ।মই চোতাল আৰু বাৰান্দাৰ মাজতে ৰ'লো।এতিয়া কি কৰো এনে ভাৱত ফুলনিখনলৈ চকু গ'ল।আচৰিত, আচৰিত ৰাতি সপোনত দেখা ফুলনিখনেই দেখোন।মুখত এক জান-নিজান হাঁহি ফুটি উঠিল।ৰাতিপুৱাৰ সপোন বোলে ফলিয়াই ইয়াকে ভাবি মই এইবাৰ ফুলনিৰ মাজত মোৰ সপোন কুঁৱৰীক বিচাৰিবলৈ ধৰিলো।
কি 'ল বাহিৰতে ৰ'ল দেখোন।আহক ভিতৰলৈ।কাৰোবাৰ মাতত যেন সম্বিত ঘুৰাই পালো।ইমান সময়ে ফুলনিত বিচাৰি ফুৰা গৰাকী যে তেওঁৱেই জানিবলৈ অকনো অসুবিধা নহ'ল।মুখত হাঁহি এটা লৈ চৰাঘৰত বহি এনেই তেওঁৰ খবৰ ল'লো। খোপাত আজিও তেওঁৰ কপৌফুল এপাহ। তাৰপাছত যেন আমাৰ কথাৰ অন্ত নপৰিবই।হাঁহি- ধেমালিৰে কটোৱা সেই ঘণ্টাটো যেন মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ঘণ্টা আছিল ।মায়ে যেন কিবা এটা ঠিকেই অনুমান কৰিলে।মোক ফান্দত পেলাবলৈ মাৰ এইটো বুদ্ধিও হ'ব পাৰে অৱশ্যে ।কিয়নো মই বিয়াৰ কথাত মাক আজিলৈ কোনো উত্তৰ দিয়া নাছিলো ।
ঘৰলৈ আহিলো যদিও মনটো তাতে এৰি থৈ আহিলো।কিবা উদাস উদাস লাগিল ঘৰত।মাৰ লগত পাকঘৰত থাকোতে ছোৱালীজনীৰ কথা বুদ্ধি কৰি দুই এটা সুধিলো।এপাকত মায়ে ক'লে-তাইৰ চিন্তা মনৰ পৰা পাহৰাই পেলা।প্ৰথমে মইও ভাবিছিলো যদিও অথনি তাইৰ বিষয়ে এটা কথা গম পালো ,যিটোৱে মোক তাইক আমাৰ ঘৰলৈ বোৱাৰী কৰি আনিবলৈ বাধা দিছে। মই শিলপৰা কপৌ যেন হ'লো। বাৰীৰ ঢাপৰ গছজোপাত চিঞৰি থকা কুলিজনীৰ মাততোও যেন বেসুৰা হৈ গ'ল।এনে কি কাৰণ হ'ব পাৰে যাৰবাবে প্ৰথম চকুৰ চিনাকীতে প্ৰেম হোৱা ছোৱালীজনী মাৰ পচন্দ হোৱা নাই।অৱশেষত মনৰ মাজত বিভিন্ন যুঁজ বাগৰ চলাই আকৌ এবাৰ ছোৱালীজনীক লগ কৰিবলৈ ঠিৰাং কৰিলো।
(৫)
গধুলি বেলিকা চাইকেলখন লৈ মাৰ বান্ধৱীৰ ঘৰৰ পিনে পোনালো।উদ্দেশ্য ছোৱালীজনীক লগ কৰা।মাক ক'লো এনেই এপাক ওলাই যাওঁ ।ভাগ্য মোৰ সু প্ৰসন্ন আছিল ।মোৰ প্ৰথম প্ৰেম চোতালৰ ফুলনি খনতে আছিল । মই হাঁহি মাৰি আগুৱাই 'লো আৰু কোনো পাতনি নেমেলাকৈ মায়ে কোৱা কথাটো কৈ তাৰ বিষয়ে সবিশেষ জানিবলৈ তেওঁলৈ চালো।তেওঁৱো যেন ইয়ালৈকেহে বাট চাই আছিল।কপৌফুল ভালপোৱা ছোৱালীজনীয়ে এফালৰ পৰা নিজৰ জীৱনত ঘটি যোৱা কাহিনীটোৰ বিষয়ে অলপো লুকঢাক নকৰাকৈ কৈ গ'ল।কেনেকৈ তেওঁৰ শৈশৱৰ খেলাৰ লগৰী কপৌফুল ভাল পোৱা প্ৰেমিক জন বিয়াৰ আঙুঠি পিন্ধোৱাৰ পাছত তাইৰ বাবেই কপৌফুল আনিবলৈ গৈ গছৰ পৰা পৰি মৃত্যু 'ল তাৰ কাহিনী ।আৰু তাৰ পাছতেই যেন তাইৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা।পৰিস্হতি এনে হ'লগৈ যেন তাইহে তাইৰ নিজৰ আজন্ম প্ৰেমিকৰ মৃত্যুৰ বাবে জগৰীয়া ।কুলক্ষণী তাই।গাঁৱত লাহে লাহে তাই অকলশৰীয়া হৈ পৰিল।কিন্তু মনত এটা জেদ বাঢ়ি আহিল। নিজৰ কুলক্ষণী বোলা অপবাদটো দুৰ কৰিবলৈ তাই দৃঢ় প্ৰতিজ্ঞ হ'ল।কিন্তু কোনো কামত নাহিল।কোনোপধ্যেই তাই এই অপবাদৰ পৰা মুক্তি পাব পৰা নাই আজিলৈ।যতকুটৰ ঘাই কিন্তু খোপাৰ কপৌফুল পাহেই।কোনো পৰিস্থিতিতেই কপৌফুল বলিয়া ল'ৰাটোৰ স্মৃতিত তাইৰ খোপাত গুজিলোৱা কপৌফুল পাহ দলিয়াই পেলাবলৈ তাই অমান্তি হ'ল।অথচ কোনেও তাইৰ মনটো বুজিবলৈ চেষ্টাও কৰা নাই।বৰ্তমান ঘৰৰ সকলোৰে বুজনিত তাই বিয়াত সোমাবলৈ মত দিছে যদিও কোনো ল'ৰাই তাইৰ দৰে সমাজৰ চকুত কুলক্ষণীযা হিচাপে চিহ্নিত ছোৱালীজনীক বিয়া কৰাবলৈ আগবাঢ়ি অহা নাই।
ইতিমধ্যে বহুত সময় পাৰ হৈ গ'ল ।কথা কৈ কৈ ছোৱালীজনীও যেন ভাগৰি পৰিল।কিন্তু মই ••••।মনৰ মাজত এটা ধুমুহালৈ বহি 'লো।মনলৈ আহিল অথনি মায়ে কোৱা কথাষাৰি।তাইক পাহৰি যা।কিন্তু তাইৰ দোষ 'ত!কেনেকৈ তাই কুলক্ষণীয়া! অৱশেষত নিজৰ মনৰ মাজতে বহুতো যুঁজ বাগৰ কৰি ঘৰলৈ যাবলৈ উঠি মই তেওঁক ক'লো-- কালিলৈ তোমাৰ খোপাত গুজিবলৈ এপাহ কপৌফুল আনিম মই ।
তেওঁ কি ক'লে মই নুশুনিলোৱেই।মুখত এফাঁকি বিহু লৈ মই ঘৰমুৱা চাইকেল চলাই দিলো।
কবি:-
ৰাজীৱ শৰ্মা

No comments:

Post a Comment