Thursday, 20 April 2017

পুনৰীক্ষণ(৪৮): ২৪-৩১ মাৰ্চ,২০১৭(চতুৰ্থ খণ্ড):



আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা পুনৰীক্ষণ(৪৮): ২৪-৩১ মাৰ্চ,২০১৭(চতুৰ্থ খণ্ড):
পৰ্যালোচক:জোনমনি গগৈ ৷
°°°°°°°°°°
আখৰুৱাৰ অনুৰোধ মৰ্মে দ্বিতীয়বাৰৰ বাবে কবিতাৰ পৰ্যালোচনাটি আগবঢ়োৱাৰ সামান্য প্ৰয়াস কৰিলোঁ৷ কবিতাৰ পৰ্যালোচনা কৰাটো অত্যন্ত জটিল কাম কিয়নো প্ৰতিজন কবিৰ মনৰ ভাৱবোৰ বেলেগ বেলেগ৷ গতিকে কবিসকলৰ মনৰ ভাৱ বুজি কবিতা এটাক আলোচনা কৰাটো মোৰ বোধেৰে কঠিন আৰু দুৰ্বোধ্য৷ এই খণ্ডত বহুকেইগৰাকী কবিৰ কবিতাই আখৰুৱাৰ চোতাল শুৱনি কৰিছিল যদিও তাৰ মাজৰ পৰা মাত্ৰ চাৰিগৰাকী কবিৰ কবিতাহে পৰ্যালোচনাৰ বাবে নিৰ্বাচন কৰিব লগা হ'ল৷ সেইয়ে যি কেইগৰাকী কবিৰ কবিতা পৰ্যালোচনাত ল'ব নোৱাৰিলো তেওঁলোকৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী৷
পৰ্যালোচনাৰ বাবে নিৰ্বাচন কৰা এই খণ্ডৰ নিৰ্দিষ্ট কবিতাকেইটা হ'
ক)সপোন-দীপজ্যোতি গগৈ
খ)ফাগুনৰ দুটিমান স্তৱক-অংকুৰ শইকীয়া
গ)দুখে জুৰুলা কৰা মানুহ-উইল চিদ্দিকুৰ ৰহমান
ঘ)জাগৰ ৰূপান্তৰ-বিশাল অনুৰাগ
সাহিত্য কৰ্মৰ প্ৰথম সৃষ্টিয়েই হৈছে কবিতা ৷ কবিতা মানুহৰ অনুভুতিৰ শাব্দিক প্ৰকাশ৷যিকোনো এটা ঘটনাৰ দ্বাৰা উদীপ্ত হ'লেই অনুভূতি প্ৰকাশৰ বাবে উদগ্ৰীৱ হৈ পৰে আৰু তেতিয়াই ই শব্দৰ মাজেৰে একোটা কবিতাৰ ৰূপ লয় ৷ কবিতা বুকুৰ ছাঁ , ই বিয়পি পৰে মানুহৰ বুকুৰ পৰা বুকুলৈ ৷কবিতাৰ বিষয়বস্তু অনুভূতিলব্ধ ৷ সেই অনুপাতে অনুভূতিৰ পৰিধি অতি ব্যাপক আৰু বিচিত্ৰ ৷ সেইয়ে একোটা কবিতা হৈ পৰে বহুৰঙী আৰু বৰ্ণাঢ্য ৷কবিতাক কোনো নিৰ্দিষ্ট সংজ্ঞাৰ মাজত আবদ্ধ কৰি ৰাখিব নোৱাৰি কাৰণ কবিতা বুলি ক'লেই আমাৰ মনলৈ আহে কোনো ৰীতি নীতি বা সীমাৰ দ্বাৰা বন্দী নোহোৱাকৈ এবোজা পোহৰৰ মায়াভৰা ৰূপছবি ৷
ক)সপোন- দীপজ্যোতি বৰা
সন্ধ্যা তৰাটো শিতানত সৰিলে,
আগন্তুক দিন বোৰৰ সপোন এটি ৰচিলে।
আক-বাক, চায়া-মায়া, জোনাকী ধূষৰ ৰাতি,*
'ৰপৰা হঠাতে সৰিলে দুপতিয়া সপোন এটি ।
সপোন মিঠা, সপোন তিতা,....
কত যে সপোনৰ ৰঙা, নীলা ৰং।
সপোনৰ মাজতে আশাৰ গছ গজোতেই, ....
সপোন পথাৰ পৰিলে চন ।
কবি দীপজ্যোতি বৰাৰ "সপোন" এটা সুন্দৰ আৰু চুটি কবিতা ৷ সকলো মানুহেই সপোন দেখে ৷ সেই সপোনৰ জখলাত উঠি আকাশ চোৱাৰ মন পুহি ৰাখে মনৰ মাজত ৷কিন্তু সপোন সপোনেই ৷ সি কেতিয়াও বাস্তৱ হ'ব নোৱাৰে ৷কবি দীপজ্যোতি বৰাই সপোনৰ আলম লৈয়ে "সপোন" কবিতাটিৰ জন্ম দিছে ৷সপোন মিঠা সপোন তিতা ৷সপোন সাতোৰঙী ৰামধেনুৰ দৰে ৷ এই বহুৰঙী সপোনে অজানিতে কেতিয়াবা মনৰ গভীৰত দুখৰ বাহৰ পাতে ৷অতি সহজ ভাষা আৰু শব্দৰ প্ৰয়োগে সপোন কবিতাটিক এক উচ্চ মাত্ৰা প্ৰদান কৰিছে ৷ ফলত কবিতাটি পাঠকৰ শ্ৰুতিমধুৰ হোৱাৰ উপৰিও সহজে বোধগম্য হোৱাত সফলতা অৰ্জন কৰিছে ৷
বৰ্ণাশুদ্ধি-
আক-বাক - আঁক-বাঁক
চায়ামায়া - চয়াময়া
ধূষৰ - ধূসৰ
দুপতিয়া - দুপতীয়া
খ)ফাগুনৰ দুটিমান স্তৱক - অংকুৰ শইকীয়া
বৰষুণৰ কবিতা ফাগুন
দ কাঁচিয়লী বাটৰে অনামি ভালপোৱা
কৃষ্ণচুড়া ৰঙৰ সপোন চপাই-কোচাই
----
কোনেনো ফাগুনক হাঁহি সঁফুৰাখন দিলে
সতোৰঙী ৰামধেনু বোল
বৃষ্টিৰ বাটে বাটে বসন্তৰ একোপাহ কোমল
----
পক্ষী হোৱা হলে ফাগুনীয়া আকাশ
একান্ত মনে উৰি মেলি চৌপাশ বিশাল
শুকুলা আবেলিৰ শেষ আলিংগন ধিয়াই
----
এই আবেলি কিম্বা উজাগৰী ৰজনী
নাহৰৰ কুমলীয়া পাতেৰে এমুঠি পূৰ্ণিমাৰ জোনাক
যেন সমস্ত সত্বা বৰ্ষাঘন নীলাভ স্বপ্নৰ ৷
"ফাগুনৰ দুটিমান স্তৱক" অংকুৰ শইকীয়াৰ এটা অতি হৃদয়স্পৰ্শী কবিতা ৷ফাগুন বুলি ক'লেই আমাৰ মনলৈ আহে পলাশ,শিমলু,কৃষ্ণচুড়াৰ কথা ৷ শুকান সৰাপাত,ধূলীয়ৰী বাট,ৰিমঝিম বৰষুণৰ গান ৷
কবিতাটিৰ প্ৰথম স্তৱকটিত কবিয়ে কৃষ্ণচুড়া ৰঙৰ সপোনবোৰৰ কথা অতি আন্তৰিকতাৰে দেখুৱাব খুজিছে ৷ কাঁচিয়লী ৰ'দৰ ফাঁকেৰে ভালপোৱাবোৰো যেন থোপাথোপে সৰিব ধৰিছে ৷
বৰষুণৰ কবিতা ফাগুন
'দ কাঁচিয়লী বাটেৰে অনামী ভালপোৱা
কৃষ্ণচুড়া ৰঙৰ সপোন চপাই -কোচাই ৷
ফাগুন মানেই বসন্তৰ আগমনি ৷ সাতোৰঙী ৰামধেনুৰ বোল ৷কবিতাটিৰ তৃতীয় স্তৱকটিত কবিৰ চৰাই হোৱাৰ আকাংক্ষ্যা তীব্ৰতৰ হৈ পৰিছে ৷ ফাগুনৰ হেঙুলীয়া আকাশত পাখি মেলি মুক্ত মনে উৰি ফুৰিব খোজাৰ হাবিয়াসে কবিক মাজে মাজে কাল্পনিক জগতলৈ লৈ গৈছে ৷
পক্ষী হোৱা হ'লে ফাগুনীয়া আকাশ
একান্ত মনে উৰি মেলি চৌপাশ বিশাল
শুকুলা আবেলিৰ শেষ আলিংগন ধিয়াই ৷
উপমা আৰু অলংকাৰৰ সুপ্ৰয়োগত কবিতাটি যেন সোণত সুৱগা চৰিছে ৷শব্দৰ প্ৰয়োগৰ ফালৰ পৰাও কবিৰ সচেতনতাই পাঠকক মুহিত কৰিছে ৷ তেখেতলৈ আন্তৰিক অভিনন্দন যাঁচিলো যাতে ভৱিষ্যতেও এনেকুৱা কবিতা পাঠকক উপহাৰ দি যায় ৷
বৰ্ণাশুদ্ধি-
বাটৰে-বাটেৰে
সতোৰঙী-সাতোৰঙী
গ) দুখে জুৰুলা কৰা মানুহ -উইল চিদ্দিকুৰ ৰহমান
দুখে জুৰুলা কৰা মোৰ দেশ,
দেশৰ মানুহ
আজিকালি মই
বৰ অলপতে ভাগৰি পৰোঁ
সাত-সাগৰ তেৰ-নদী সিপাৰে
কোনে খুলিছে নৈপৰীয়া মাটি
কেনেকৈ ৰাখো
নকটা খেৰ ন-শৰ লেখ
কুৰুৱা উৰা ৰাতি
দুখে জুৰুলা কৰা মানুহ
কি সতে কও,
মোৰ দেশ মোৰ মাটি
মোৰ নদী মোৰ পানী
আন আছেইবা কি?
নৈয়ে এৰা সুঁতি।
কি সতে বন্ধকীত ৰাখো
আইৰ শিপিনী হাতে বোৱা
পিতাইৰ চেলেং কাপোৰ!
দুখে জুৰুলা কৰা মানুহ
বুকুত নিৰন্তৰে বওঁ
নামডাঙৰ শিলৰ সাকোঁ.....
উইল চিদ্দিকুৰ ৰহমান ডাঙৰীয়াৰ "দুখে জুৰুলা কৰা মানুহ" সহজ সৰল ভাষাত সমৃদ্ধ এটা অতি সুক্ষ্ম আৰু ভাৱগধুৰ কবিতা ৷কবিতাটিৰ জৰিয়তে কবিয়ে দুখ দূৰ্দশা অভাৱ অনাটনে জুৰুলা কৰা সাম্প্ৰতিক সময়ৰ এখন চিত্ৰ ফুটাই তোলাৰ চেষ্টা কৰিছে ৷ সকলো থাকিও যেন মানুহৰ একো নাই ৷ সকলো যেন এৰাসুঁতিত পৰিণত 'ব ধৰিছে এফালৰ পৰা ৷আইৰ চেনেহী হাতেৰে বোৱা পিতাইৰ কান্ধৰ চেলেংখনো পৰৰ হাতত বন্ধকত ৰাখিব লগা পৰিস্থিতিয়ে কবিক যেন মৰ্মাহত কৰি তুলিছে ৷নিজৰ দেশত চিনাকী মাটিত আজি সকলো অচিনাকী হৈ পৰিছে ক্ৰমান্বয়ে ৷
কবিতাটি একেবাৰে উৎকৃষ্টমানৰ হোৱা নাই যদিও কবিতাটিৰ জৰিয়তে আমাৰ সমাজখনলৈ এটা সুন্দৰ বাৰ্তা কঢ়িয়াই অনাত কবিযে সফলতা লাভ কৰিছে ৷শব্দৰ প্ৰয়োগতো কবিয়ে সম্পূৰ্ণ খাঁটি অসমীয়া শব্দৰ প্ৰয়োগ কৰিছে যিয়ে কবিতাটি পাঠকে বুজি পোৱাত সহায় কৰিছে ৷ তেখেতে আগলৈও কবিতাৰ উপহাৰ দি ভৱিষ্যত প্ৰজন্মক এটা সুস্থ বাট দেখুৱাই যাব বুলি আশা কৰিলোঁ ৷
বৰ্ণাশুদ্ধি-
সতে-স'তে
কও-কওঁ
ঘ)জাগৰ ৰূপান্তৰ-বিশাল অনুৰাগ
বিনিময়ৰ বজাৰ সামৰি
মানুহে পিন্ধি লয় যন্ত্ৰ-শিলৰ পোছাক
আৰু চেলেকি তৃপ্ত হয়
এঙাৰে লিখা গুহাৰ বৰ্ণ
বুভুক্ষাই দি যায় এটুকুৰা পাথৰ
যাতে হজম নহয় আমৃত্যু । প্ৰয়োজন আছে
ষ্ট্ৰীট লাইটবোৰ ভাঙি জোঁৰ আঁৰি দিয়া
যি ধোঁৱাই ছানি ধৰিছে গাঁও
ছানি ধৰক অট্টালিকাৰ পোহৰ
যি ধোঁৱাই ঢাকিছে সূৰ্য
ঢাকক উৰন্ত আকাংক্ষা
ঘটনাবোৰ ঘটি থাকিলেই বুজা যায়
পৃথিৱীখন মানুহৰ
অথচ সকলো ঘটাৰ পিছতো
নঘটে শেষ ঘটনা
হৈ থকাখিনিৰ বাবে ভয় নাই
মাথোঁ নোহোৱাৰ দুঃচিন্তাত ৰৈ নাযাওঁক সময় ।
"জাগৰ ৰূপান্তৰ" কবিতাটিৰ মাজেৰে কবিয়ে সাম্প্ৰতিক সময়ৰ এখন ভগ্নপ্ৰায় ছবি ফুটাই তুলিছে ৷মানুহৰ মাজৰ খাম-খেয়ালি,স্বাৰ্থপৰতাবোৰে কবিক ক্ষন্তেকৰ বাবে হ'লেও নৈৰাশ্যবাদী কৰি তুলিছে ৷মানুহ যিমানেই সভ্যতাৰ দিশত আগৱাঢ়ি গৈ আছে সিমানেই যেন সকলো একোটা যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে ৷ মানুহৰ আৱেগ-অনুভূতি,দয়া-মমতা,প্ৰেম-ভালপোৱা সকলোতে কেৱল যান্ত্ৰিকতাৰ পয়োভৰে মানুহক মানুহৰ পৰা বিছিন্ন কৰি পেলাইছে ৷
কবিতাটিৰ দ্বিতীয় স্তৱকটিত কবিয়ে অতি সন্তপৰ্ণে দৰিদ্ৰতাৰ কথা উল্লেখ কৰিছে ৷ দৰিদ্ৰতাই মানুহক কেতিয়াবা কঠোৰ হ'বলৈ বাধ্য কৰায় ৷ আনহাতে অতিশয় আভিজাত্যই মানুহৰ মনবোৰ এফালৰ পৰা দংশিব ধৰিছে ৷ সেইয়ে কবিয়ে চহৰৰ ষ্ট্ৰীট লাইটবোৰ ভাঙি তাৰ ঠাইত জোঁৰ আঁৰি দিব খুজিছে ৷ যাতে গাওঁ আৰু চহৰৰ মাজৰ অভাৱ বোৰ সমানেই নোহোৱা হয় ৷দৰিদ্ৰতা আৰু আভিজাত্যৰ তুলাচনীখনো সমান হয় ৷ মানুহৰ জীৱনত ইমানবোৰ ঘটনা ঘটে কিন্তু তাৰ শেষ সমাধি নহয় ৷ এটাৰ পাছত আনটো ৷
"
জাগৰ ৰূপান্তৰ" কবিতাটিত কবিৰ নৈৰাশ্যবাদী মন এটাই প্ৰাধান্য পাইছে ৷এটা অনামী দুশ্চিন্তাই কবিৰ মনত বাহৰ পাতিছে ৷সকলো থাকিও যেন কবি ক'ৰবাত আধৰুৱা হৈ ৰৈ গৈছে ৷ কবিতাটিৰ জৰিয়তে কবিৰ মনৰ ভাৱবোৰ ইমান সুন্দৰ আৰু সাৱলীল ভাষাৰে প্ৰকাশ পাইছে যে পাঠকৰ হৃদয়ত কবিতাটিয়ে আলোড়ন তুলিছে ৷
সেইফালৰ পৰা কবি সফল হৈছে বুলি বিনাদ্বিধাই ক'ব পাৰো ৷ শব্দ আৰু অলংকাৰৰ প্ৰয়োগেও কবিতাটি অধিক মাত্ৰা প্ৰদান কৰিছে ৷ তেখেতলৈ আন্তৰিক অভিনন্দন থাকিল ৷ তেখেতৰ কাব্যিক চৰ্চা অব্যাহত থাকক এনেদৰেই ৷
"
শেষত ক'ব বিচাৰো কবিতা এটাৰ পৰ্যালোচনাই যথেষ্ট নহয় ৷কবিতাৰ গুণগত মান আৰু ৰূপগত মানেহে নিৰূপণ কৰে কবিতাৰ শ্ৰেষ্ঠতা ৷উপৰোক্ত আলোচনাটি ভুল শুদ্ধৰ মাজেৰে কৰিবলৈ প্ৰযত্নহে কৰা হৈছে ৷ গতিকে কিবা ভুল হ'লে আঙুলিয়াই দিব ৷"
ধন্যবাদেৰে
জয়তু আখৰুৱা
পৰ্যালোচক : পুনৰীক্ষন শিতান
জোনমনি গগৈ
………………………………………………
ব্যৱস্থাপকৰ মন্তব্য:
---------------------------
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩) এইবাৰৰ পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
ক)সপোন-দীপজ্যোতি বৰা
খ)ফাগুনৰ দুটিমান স্তৱক-অংকুৰ শইকীয়া
গ)দুখে জুৰুলা কৰা মানুহ-উইল চিদ্দিকুৰ ৰহমান
ঘ)জাগৰ ৰূপান্তৰ-বিশাল অনুৰাগ
৪) উল্লেখ্য যে পৰ্যালোচকে মূল কবিতাত থকা বানানৰ ভুল আঙুলিয়াই দিছে আৰু তালৈ কবিসকলৰ সঁহাৰি বিচাৰিলোঁ।
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদেৰে
জোনমণি গগৈ
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
২০ এপ্ৰিল, ২০১৭

No comments:

Post a Comment