Sunday, 30 April 2017

উপন্যাস:ৰূপোৱালী মেঘৰ ছায়া: খণ্ড-১৩



উপন্যাস:ৰূপোৱালী মেঘৰ ছায়া:
খণ্ড-১৩
সকলোকে আচৰিত কৰি বিৰিণাই সঁচায়ে এদিন ফৰ্থয়েৰৰ প্ৰাঞ্জল নামৰ লৰা এজনৰ লগত ডেটিঙত ওলাল৷লৰাজনক কেনেকৈ পতালে সেইয়া বিৰিণাৰ বাদে কোনেও গম নাপালে৷প্ৰাঞ্জল-বিৰিণাৰ প্ৰেমিক যুটি সকলোতে জনাজাত হৈ পৰিল৷আমি পিছে জানিলোঁ বিৰিণাৰ নতুন টাইম পাছৰ কথা৷
সেইদিনা আছিল ভেলেন্টাইন ডেভেলেন্টাইন ডে’”ৰ দিনা নীলা ৰঙৰ কাপোৰ পিন্ধা প্ৰথাটো আমাৰ প্ৰথম বৰ্ষৰে পৰা চলি আহিছিল৷সেইদিনাও ছোৱালীবোৰৰ গাত আছিল নীলা ৰঙ!যি বোৰ লৰাই ভালপোৱা ছোৱালীজনীক প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবি থৈছিল সেই লৰাবোৰে ভেলেন্টাইন ডেৰ দিনা সুযোগ হেৰুৱাব বিচৰা নাছিল আৰু লাঞ্চব্ৰেকত অপ্ৰত্যাশিতভাৱে মোৰ হাতত পৰিছিলহি এখন কাৰ্ড৷ আমাৰ হোষ্টেলৰ পিয়ন ডেকাদাই কাৰ্ডখন আনি মোৰ হাতত তুলি দিছিল৷কাৰ্ডখন হাতত লৈ নাৰ্ভাচ হৈছিলোঁ মই!কাণ আৰু গাল দুখনলৈ এসোঁতা গৰম তেজ বৈ আহিছিল৷চুই চাইছিলোঁ মই নিজৰ গৰম হৈ পৰা কাণ আৰু গালদুখন৷কাৰ্ডখন লৈ মই পোনেই জয়া বাইদেউৰ কাষ পাইছিলোঁগৈ৷মৰমীয়াল জয়া বাইদেৱে মোৰ মুখলৈ চাই সুধিছিল
:
তোমাৰো ভাল লাগে নেকি লৰাটো?
:
ভাল লগাৰ প্ৰশ্নই নুঠে বা, মই তাৰ নামটো পৰ্যন্ত নাজানো৷
জয়া বাই মিচিকিয়া হাঁহি এটা মাৰি কলে----
:
এটা কাম কৰা, কাৰ্ডখন যদি তুমি ৰাখি থোৱা সি ভাবিব তুমি তাক ভাল পোৱা,সেইকাৰণে ডেকাদাকে আকৌ ঘূৰাই দিয়া আৰু কবা যে যি জন লৰাই কাৰ্ডখন দিছে তেওঁক কাৰ্ডখন ঘূৰাই দিবলৈ৷
মইও তাকে কৰিলোঁ৷কাৰ্ডখন খুলি নোচোৱাকৈয়ে ডেকাদাৰ হাতত দি ঘূৰাই দিবলৈ কৈ থৈ আহিলোঁগৈ৷লাঞ্চব্ৰেকৰ পিছৰ ক্লাছকেইটাত মোৰ আৰু মন নবহিল৷যন্ত্ৰচালিতভাৱে মই মাথোঁ চাৰসকলে দিয়া নোটচবোৰ লিখি গলো৷
গধূলী বিৰিণাই গুণগুণাই গুণগুণাই ৰঙা গোলাপৰ বোকে আৰু টেডি বিয়েৰ এটা হাতত লৈ হোষ্টেল সোমালহি৷মোৰ ৰূমমেট জেৰিণাই বয়ফ্ৰেণ্ডৰ লগত কাজিয়া কৰি কান্দি কাটি ৰূমত সোমালহি৷ জেৰিনা-অমলপ্ৰেমিক যুটিটোৰ এংগেজ হোৱাৰ দিন ধৰি কাজিয়াৰ অন্তই নপৰে৷সৰু সৰু কথাতে দুইটাই কাজিয়া কৰে কিন্তু দুয়োটাই ইটোৱে সিটোক এৰি থাকিবও নোৱাৰে৷মণিমালাইও ডাকযোগে কেইবাখনো ভেলেন্টাইন কাৰ্ড পালে৷মই কাৰ্ডপোৱা কথাটো ডেকা দা আৰু জয়া বাৰ বাহিৰে কোনেও গম নাপালে৷
সেইদিনাও মই টোপনিতে দেখা পালোঁ --- অচিন কোনোবা এজন যেন মোৰ ফালেই আহি আছে!
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০
ফাগুন মাহ৷ মহাবিদ্যালয় সপ্তাহৰ যো-জা চলিছে৷সকলো হোষ্টেলতে মাৰ্চ-পাৰ্চৰ অনুশীলন চলিছে৷আমাৰ হোষ্টেলত ৰাতি দহ-এঘাৰ বজালৈকে আৰু ৰাতিপুৱা ছয়-সাত বজালৈকে মাৰ্চ-পাৰ্চৰ অনুশীলন হয়৷কেপ্টেইন নাজনিনা বাই উঠি পৰি লাগিছে যি কোনো প্ৰকাৰে পুৰস্কাৰ এটা আনিবই লাগিব বুলি৷
অৱশেষত প্ৰস্তুতিৰ অন্ত পেলাই মহাবিদ্যালয় সপ্তাহৰ দিনটো আৰম্ভ হল৷ছাত্ৰী নিৱাসে মাৰ্চ-পাৰ্চত দ্বিতীয় পুৰস্কাৰ লাভ কৰিলে৷হোষ্টেল ছেভেনে প্ৰথম পুৰস্কাৰ আৰু হোষ্টেল পাঁচে তৃতীয় পুৰস্কাৰ পালে৷মাৰ্চ-পাৰ্চৰ ফলাফল ঘোষণাৰ পাছতেই বিভিন্ন ধৰণৰ খেল আৰম্ভ হল৷এফালে দৌৰ,জাম্প, টেকেলি ভঙা,কেৰম,ডবা আদি প্ৰতিযোগিতাবোৰ চলি থাকিল আৰু সমান্তৰাল ভাৱে আনফালে তৰ্ক,আকস্মিক, সাহিত্য প্ৰতিযোগিতা আদি চলি থাকিল৷
মই কেৰম প্ৰতিযোগিতাত ভাগ লোঁ৷কেৰম খেলি থাকোঁতে সেই যুৰি চকুৰ চাৱনিয়ে মোক পুনৰ আমনি দিবলৈ ধৰিলে৷কেৰমত জিকি জিকি মই ছেমি ফাইনেল পালোঁগৈ আৰু চকুৰ চাৱনিৰ গৰাকীও গোটেই সময়চোৱা চকী এখনত বহি মোলৈকে চাই ৰল৷কথাটো মোৰ বান্ধৱী প্ৰিয়াই মন কৰি আছিল৷
:
ঐ প্ৰাপ্তি, সেই লৰাটো মন কৰিছনে?অথনিৰ পৰা তোলৈকে চাই আছে৷প্ৰিয়াই কলে৷
:
দেখিছোঁ --- মই অস্বস্তিৰে কৈ উঠিলোঁ৷
ৰাটোৱে তেনেকৈ চাই থকা দেখি মোৰ অস্বস্তি গৈ এইবাৰ খঙত পৰিণত হল৷মই খঙেৰে আৰু সাহসেৰে লৰাটোৰ চকুত চকু থলোঁ৷চকুত চকু থৈ মই ৰৈ গলোঁ৷ ইমান ধুনীয়া চকু মই কাহানিও দেখা নাই৷দুযুৰি চকুত যেন প্ৰেমৰ আকুলতা!লৰাৰ চকুও ইমান ধুনীয়া থাকিব পাৰেনে?—ভাবিলোঁ মই আৰু সন্তৰ্পনে আঁতৰাই আনিলোঁ মোৰ চকুযুৰি৷
অৱশেষত কেৰমৰ ফাইনেলত উপনীত হলো মই৷পিছে ফাইনেল খেলখন পিছদিনালৈ হব বুলি কোৱাত প্ৰিয়া আৰু মই হোষ্টেললৈ বুলি উভতিলোঁ৷
:
প্ৰাপ্তি, ৰাজনে তোলৈ কেনেকৈ যে চাই আছিল, তোৰ প্ৰেমত পৰিছে বুজিছ
:
প্ৰেমত পৰিল বুলি আৰু এনেকৈ চাই থাকিব লাগেনে?মূৰৰ গণ্ডগোল যেন পাওঁ লৰাটোৰ!
মোৰ কথাশুনি প্ৰিয়াই নাহাঁহি নোৱাৰিলে৷
:
ৰাটো কোন ব্ৰাঞ্চৰ তই জাননেকি? –মই সুধিলোঁ প্ৰিয়াক
:
মইও নাজানো, সুধি উলিয়াম বাৰু প্ৰিয়াই কলে
হোষ্টেল গেটত নীহাৰিকা আৰু প্ৰিয়মক লগ পালোঁ৷
:
তহঁত কৰপৰা আহিলি? – মই সুধিলোঁ দুইজনীকে
:
স্পট ৰাইটিং কম্পিটিছনত ভাগ লৈ আহিলোঁ, কবিতা,গল্প লিখিলোঁ প্ৰিয়মে হাঁহি হাঁহি কলে৷
নীহাৰিকা আৰু প্ৰিয়মক সকলোৱে বুন্দিয়া-ভুজিয়া বুলি কয়,দুইজনী একেলগে ঘূৰি ফুৰে বাবে৷
ৰাতি শুবৰ পৰত, একান্ত ভাৱে পোৱা নিজৰ মুহুৰ্তকণত মোৰ লৰাটোলৈ মনত পৰিল৷সি মোক ভালপাই বাবেই এনেকৈ চাইনে?তাৰ চকুলৈ চাই মই মুহুৰ্তৰ বাবে ৰৈ লো কিয় বাৰু?ধুনীয়া চকুহালৰ বাবে?ভেলেন্টাইন ডেৰ দিনা পঠিওৱা কাৰ্ডখন তাৰেই আছিলনে? মইটো খুলিয়েই নাচালো!চকুহালৰ কথা ভাবি ভাবিয়েই টোপনিত ঢলি পৰিলোঁ৷ (আগলৈ)
কবি:-
মৌচুমী বৰি

No comments:

Post a Comment