Friday, 21 April 2017

তেওঁক ধুনীয়া বুলি কওঁতেই জগৰ লাগিল



তেওঁক ধুনীয়া বুলি কওঁতেই জগৰ লাগিল



তেওঁক ধুনীয়া বুলি কওঁতেই জগৰ লাগিল
ওফোণ্দালে মুখ
তেওঁৰ গোমা মুখখন আৰু বেছি ধুনীয়া
ভাব হৈছে ধুমুহা আহিব
কিহৰ ধুমুহা
তেওঁ ঘোপা চকুৰে মোলৈ চালে
মই বোলো বেং
তেওঁ মিচিকিয়ালে
প্ৰথমে ধুনীয়া দাত কেইটা
তাৰ পিছত ওঁঠ
তাৰ পিছত দুচকু
ৱাহ ! কি awesme combination বে
আৰু আন্ধাৰ আন্ধাৰ লগা খোলা মেলা চুলি
কথাষাৰ কওঁ বোলতেই হাঁহিৰ টুকুৰা বোৰ
আইনাৰ টুকুৰাৰ দৰে চাৰিওফালে ওপঙি থাকিল
টুকুৰা টুকুৰ হাঁহিৰ টুকুৰাবোৰ একোটা গান
গুণগুণ গুণগুণ ৰুণজুণ ৰুণজুণ
অবিশ্বাস্য !
তেওঁ চুই দিলে মোৰ শৰীৰ
ভমককৈ জ্বলি উঠিল জুই
জীয়া জুই
তেওঁ ৰঙা ভমকাফুলিয়া
তেওঁ ৰঙা শিমলু ফুলিয়া
জুইকুৰা জ্বলি থাকিল
মই জ্বলি জ্বলি জ্বলি থাকিলো
তেওঁ জ্বলি জ্বলি জ্বলাই থাকিল
আহ! তুমিও জানা জ্বলাৰ কি আনন্দ
'লানা বৰষুণত শৰীৰ তিয়াও এতিয়া
চাৰিওফালে বৰষুণৰ ৰাতি
তেওঁ 'লে
কি ক'লে কাণত নোসোমাল
(কেনেকে সামৰো তাকেহে ভাবি পোৱা নাই
এটা আধৰুৱা কবিতা
climax
টো আপুনি নিজেই ঠিক কৰক
এতিয়া সেৱাহে )
বি :দ্ৰ :
তেওঁ চকুদুটা মুদি হাঁহিছে
তেওঁ আকাশত উৰিছে
তেওঁ ৰাজহংস
তেওঁ উৰ্ব্বশী
তেওঁ অপেস্বৰী
আৰু যে কত কি

কবি:-
ৱকাশ

No comments:

Post a Comment