Thursday, 20 April 2017

কবিতা নহয়



কবিতা নহয়

 
বাদ দিয়া হে অভিমানৰ অভিনয়
বুকু পাতি বিন্ধাই লোৱা সময়
ফেচবুকত
বেলি উদয় কৰি বেলি ডুবাই
ৰুপৰেখা বিচাৰি
পাৰ কৰি দিয়া বছৰ
আধুনিকতাৰ বাকচত
বিভ্ৰান্ত শিক্ষাই
খেলিমেলি লগাই
ভৰ দুপৰীয়াৰ ৰ'দে
কুলিৰ মাতত ব্যাকুল
মনলৈ হালধীয়া নমাই
বাদ দিয়া হে অভিমানৰ অভিনয়
বুকু পাতি বিন্ধাই লোৱা সময়
কবি:-
ন্দন বেজবৰুৱা

No comments:

Post a Comment