এই যে ৰঙা নীলা
বোৰ বিচাৰি থাকো
এই যে ৰঙা নীলা
বোৰ বিচাৰি থাকো
আকাশৰ পৰা থপিয়াই আনো বিষাদ
সেইয়াই ভালপোৱা
আকাশৰ পৰা থপিয়াই আনো বিষাদ
সেইয়াই ভালপোৱা
নীলা নীলা
বিষাদবোৰ বৰ বিৰক্তিকৰ
কিন্ত তোমাক ভালপাওঁ বাবেই
বিষাদ মোৰ প্ৰিয় ঠিকনা
তোমাৰো তাতেই ঘৰ
ঘৰ মোৰ ভাল নালাগে
ঘৰে সংকুচিত কৰে প্ৰেম
তেওঁ সুধিছে তোমাৰ ঠিকনা
থাউকতে বুকুখন খুলি দিলো ৰঙা নীলা অলেখ ৰঙ
তুমি তাতেই শুই আছা
এইখন চহৰতে তোমাৰো ঘৰ মোৰো
অথচ
মই আজিলৈকে তোমাক দেখা নাই
আচলতে দেখা নেদেখা দুয়োটাই নাটক
আমি নাটক ভাল পাও
ৰঙা নীলা কজলা সেউজীয়া
আৰু যে কিমান ৰঙ
ৰঙ বোৰ তুমি
তুমি বিষাদ
তুমি ভালপোৱা
মই শুভ্ৰতাৰো প্ৰেমিক
আন্ধাৰৰো প্ৰেমিক
কিন্ত তোমাক ভালপাওঁ বাবেই
বিষাদ মোৰ প্ৰিয় ঠিকনা
তোমাৰো তাতেই ঘৰ
ঘৰ মোৰ ভাল নালাগে
ঘৰে সংকুচিত কৰে প্ৰেম
তেওঁ সুধিছে তোমাৰ ঠিকনা
থাউকতে বুকুখন খুলি দিলো ৰঙা নীলা অলেখ ৰঙ
তুমি তাতেই শুই আছা
এইখন চহৰতে তোমাৰো ঘৰ মোৰো
অথচ
মই আজিলৈকে তোমাক দেখা নাই
আচলতে দেখা নেদেখা দুয়োটাই নাটক
আমি নাটক ভাল পাও
ৰঙা নীলা কজলা সেউজীয়া
আৰু যে কিমান ৰঙ
ৰঙ বোৰ তুমি
তুমি বিষাদ
তুমি ভালপোৱা
মই শুভ্ৰতাৰো প্ৰেমিক
আন্ধাৰৰো প্ৰেমিক
ভাল পাব পৰা হ'লে তোমাক
কবি:-
ණনৱকাশ ।
No comments:
Post a Comment