পৰিকল্পনা
গছ পুলি কেইটামান ৰুইছোঁ
'কেলৈ'-
বেলিটোক জেওৰা
দিবৰ বাবে |
বাৰাণ্ডাত তাৰ অবাধ গতি
ৰক্তচাপ থকা মানুহ..
চকুত ৰ'দ পৰিলেই
টিঙিচকৈ খংটো উঠে
বাৰাণ্ডাত তাৰ অবাধ গতি
ৰক্তচাপ থকা মানুহ..
চকুত ৰ'দ পৰিলেই
টিঙিচকৈ খংটো উঠে
'আৰু'...
আৰু , বিপিনৰ গাড়ীখন ..
ইমান জোৰেৰে চলায়
ঘৰৰ চোফাজোৰলৈকে ধূলি সোমায়
গাৰ ছালবোৰ খজুৱাই
ধূলিবোৰ বিচনাখনলৈও যায় টিকা নচুৱাই..
ইমান জোৰেৰে চলায়
ঘৰৰ চোফাজোৰলৈকে ধূলি সোমায়
গাৰ ছালবোৰ খজুৱাই
ধূলিবোৰ বিচনাখনলৈও যায় টিকা নচুৱাই..
'ধূলিৰ জানো টিকা আছে".....
চা চুপতি মৰা
নাই..
আৰু এটা গুপুত কথা কওঁ
বয়স পৰি যায় মানে গছবোৰ ডাঙৰ হ'ব
আত্মীয় আঁতৰিব
মনে মনে কৈ থওঁ..
গছবোৰত বহুতো চৰাই পৰিব
(কাকো নক'বি )
মোৰ লগ হ'ব
আইয়ে কৈছিল "চৰাইবোৰে নঠগে " |
আৰু এটা গুপুত কথা কওঁ
বয়স পৰি যায় মানে গছবোৰ ডাঙৰ হ'ব
আত্মীয় আঁতৰিব
মনে মনে কৈ থওঁ..
গছবোৰত বহুতো চৰাই পৰিব
(কাকো নক'বি )
মোৰ লগ হ'ব
আইয়ে কৈছিল "চৰাইবোৰে নঠগে " |
কবি:-
ණদিপ্তী দেউৰী বৰা ।
No comments:
Post a Comment