Thursday, 27 April 2017

আকাশৰ গান



আকাশৰ গান


মেঘে মেঘে তোলপাৰ আকাশ
প্ৰস্তুতি হিয়া ফালি উজাৰি দিয়াৰ ৷
আজি নিশা বৰষিব আকাশে
তৃপ্তিত মুদখাব পৃথিৱীৰ চকু
গাভৰু হ'ব নদী...
নাচনী হ'ব নদী...
উজুতিত ভাঙিব সপোন
অকাতৰে গঢ়িব সপোন
হাঁহিব পথাৰে ৷
সেউজবোৰে উন্নাসিক হাঁহিৰে জোকাব হেমন্তক ....
আজি মেঘে মেঘে আন্দোলিত আকাশ ৷
কবি:-
জাকিৰ হুছেইন

No comments:

Post a Comment