ৰিক্ততা
স্বপ্ন, লক্ষ্য আৰু কৃতকাৰ্য্যতাৰ সমান্তৰালভাৱে
গতিমান জীৱন ।
ছাঁ ৰ সদৃশ চিৰন্তন লগৰী হৈ।
প্ৰাপ্তিৰ আলোকত যদি জীৱনে মৰ্য্যদা হেৰুৱাই
আন্ধাৰত হয় ৰিক্ততাৰ বিকিৰণ ।
গতিমান জীৱন ।
ছাঁ ৰ সদৃশ চিৰন্তন লগৰী হৈ।
প্ৰাপ্তিৰ আলোকত যদি জীৱনে মৰ্য্যদা হেৰুৱাই
আন্ধাৰত হয় ৰিক্ততাৰ বিকিৰণ ।
দায়িত্বশীল সময়ৰ
আলিংগনত যেতিয়া
উত্তাপহীন হয় প্ৰেম,
আত্মকেন্দ্ৰিকতাৰ স্পৰ্শই বিক্ষিপ্ত কৰে
অন্তৰংগতাৰ শিহঁৰণ,
সেয়ে নেকি ৰিক্ততাৰ নামান্তৰণ?
উত্তাপহীন হয় প্ৰেম,
আত্মকেন্দ্ৰিকতাৰ স্পৰ্শই বিক্ষিপ্ত কৰে
অন্তৰংগতাৰ শিহঁৰণ,
সেয়ে নেকি ৰিক্ততাৰ নামান্তৰণ?
তোমাৰ উপস্থিতিত
যদি কাম্য নহয়
বিৰামহীন সময়ৰ চিৰস্থায়ী স্থবিৰতা,
সেয়ে জানো ৰিক্ততাৰ প্ৰতিফলন?
বিৰামহীন সময়ৰ চিৰস্থায়ী স্থবিৰতা,
সেয়ে জানো ৰিক্ততাৰ প্ৰতিফলন?
উকা গধূলিৰ হিমসনা
উষ্ণতাত উমি উমি জ্বলি
মই যদি উন্মাদ হৈ যাওঁ,
মোক আখ্যা দিবা নেকি
ৰিক্ততাৰ বিধ্বস্ত সংকলন???
মই যদি উন্মাদ হৈ যাওঁ,
মোক আখ্যা দিবা নেকি
ৰিক্ততাৰ বিধ্বস্ত সংকলন???
কবি:-
ණমনমী ভতাচাৰ্য্য ।
No comments:
Post a Comment