ৰূপোৱালী
মেঘৰ ছায়া:
খণ্ড-১১
খণ্ড-১১
সেইদিনা মণিমালাই
উচুপি আছিল আৰু আমি সকলোৱে মণিমালাক বেৰি আছিলোঁ৷
:প্ৰসেনজিতে যে এনেকুৱা কৰিব পাৰে সপোনতো
ভবা নাছিলোঁ মই!তাক লৈ মই বহুত সপোন দেখিছিলোঁ, প্ৰসেনক মোৰ ভাল লাগিছিল৷সেয়ে মই তাৰ
প্ৰেমত পৰিছিলোঁ৷সি যে ইমান শস্তিয়া
কাম কৰিব পাৰে!ছি:
: সঁচাকৈ, সি এনে কৰিব নালাগিছিল৷ – ঈপ্সিতাই দুখেৰে ক’লে
: বহুত লাজ লাগিছে মোৰ!সকলোৱে তাৰ আৰু মোৰ
কথা জানিলে৷ সকলোৱে তাৰ আচল ৰূপটো দেখা পালে৷—মণিমালাই কৈ উঠিল৷
মই ক’লোঁ ---
:মণিমালা, তুমি ভগৱানক ধন্যবাদ দিব লাগিব যে তুমি ইমানতে বাচি গ’লা৷ ভাবাচোন,তোমালোকৰ সম্বন্ধটো বহুত বেছি আগবঢ়াৰ
পিছতহে যদি তাৰ আচল ৰূপটো দেখা পালাহেঁতেন তেতিয়া তোমাৰ কি অৱস্থা হ’লহেঁতেন৷
:তুমি ঠিকেই কৈছা প্ৰাপ্তি, সম্বন্ধ গঢ়াৰ আৰম্ভণিতে জোলোঙাৰ মেকুৰী
ওলাই পৰিল৷ – মণিমালাই ক’লে
: অ’ই, তহঁতে এনেকৈ জুম পাতি কি কথা পাতিছ’? – এইবুলি কৈ কল্পনা বাইদেউ সোমাই আহিল আৰু
মণিমালাৰ মুখলৈ চাই ক’লে—
: আৰে,তোৰ চকুত পানী যে?কান্দিছ’ নেকি? কিবা হ’ল? কি হ’ল ক’ছোন?
:কল্পনা বা, আজি প্ৰসেনজিতে বয়জ হোষ্টেলত বেয়াকৈ মাৰ খালে৷ তাৰ তলৰ
পাৰিৰ গোটেই কেইটা দাঁত সৰি থাকিল৷
:হে হৰি, কিয় ল’ৰাবোৰে এনে কৰিলে?
: আচলতে বা, সি এটা চোৰ৷ সি বোলে প্ৰায়েই ল’ৰাবোৰৰ পৰা ইটো সিটো চোৰ কৰে৷সিদিনা যে প্ৰসেনজিত আৰু মই পেৰেডাইজত পাৰ্টি দিছিলো, সি তাৰ ৰূমমেটৰ পৰা টকা চুৰ কৰি সেই টকাৰে মোক গিফ্ট দিয়াৰ উপৰিও পাৰ্টিত
খৰচ কৰিলে৷ আজি সি ধৰা পৰিল হো্ষ্টেলত৷ কেইবাটাও ল’ৰাই মিলি তাক উধাই-মুধাই এনেকৈ পিটিলে যে তাৰ অৱস্থা একেবাৰে বেয়া হৈ গ’ল৷ তাৰ স’তে সম্বন্ধও আজিৰ
পৰা মই শেষ কৰিলোঁ৷
মণিমালাৰ কথাখিনি
শুনি কল্পনা বা ও গহীন হৈ পৰিল, ক’লে--
:ভালেই হ’ল দে, তাৰ চৰিত্ৰটো যে ওলাই পৰিল৷
০০০০০০০০০০০০০০০০০০০০০০০০
ছোৱালী হোষ্টেলত
লুকাই চুৰকৈ সোমোৱাৰ বাবে কলেজৰ পৰা দিগন্ত নামৰ ল’ৰাটোক এবছৰৰ বাবে ৰেষ্ট্ৰিকেট কৰিলে৷আচলতে
সেইদিনা দিগন্তই লগৰ ল’ৰাকেইটামানৰ লগত মদ খাইছিল৷মদৰ পাৰ্টিত সিহঁতৰ মাজত প্ৰেমৰ কথা চলিল আৰু
নিচা লাগি সি জোনালীৰ বাবে ইমানেই আৱেগিক হৈ পৰিল যে
হঠাতে চাইকেলখন চলাই জোনালীক লগ কৰিবৰ বাবে ছোৱালী হোষ্টেল পালেগৈ আৰু দেৱাল পাৰ হৈ সি অনুমানতে জোনালীৰ ৰূম বুলি ভৱা ৰূমৰ খিৰিকী এখন ঢকিয়ালে
কিন্তু ভুলবশত: খিৰিকীখন মায়া শুৱা ফালে থকা খিৰিকী আছিল৷হুলস্থুল শুনি সি দেৱাল পাৰ হৈ পলাল কিন্তু যেতিয়া নিচা ফাটিল তেতিয়াহে তাৰ হুঁচ আহিল যে সি
এটা বেয়া কাম কৰিলে৷সি জোনালীৰ ওচৰত, কলেজৰ অধ্যক্ষৰ ওচৰত ক্ষমা খুজিলে কিন্তু
কলেজ কৰ্তৃপক্ষই তাক এবছৰৰ বাবে শাস্তি দিবলৈ বাধ্য হ’ল৷জোনালীয়ে তাক ক’লে- “তুমি এতিয়া এবছৰৰ বাবে ঘৰত থাকাগৈ৷মইও আগতে পঢ়া-শুনা ঠিক কৰি
লওঁ, আমাৰ ভৱিষ্যতৰ কথাবোৰ পিছতো ভাবিবলৈ সময় পাম৷”
এটা মাথোঁ ভুলৰ
বাবে দিগন্তই তাৰ পঢ়া-শুনাৰ এটা বছৰ হেৰুৱাব লগা হ’ল৷জোনালীৰ প্ৰেম সি ঘূৰাই পালেনে, সেইকথা পিছে মোৰ জনা নহ’ল৷
প্ৰসেনজিতো
মাৰ-কিল খাই ঘৰ পালেগৈ৷সি আৰু পঢ়িবলৈ উভতি নাহিল৷আমি পিছত শুনা পালোঁ সি বোলে গুৱাহাটীৰ অসম
ইঞ্জিনীয়াৰিং কলেজলৈ ট্ৰান্সফাৰ ল’লে৷(আগলৈ)
কবি:-
ණমৌচুমী বৰি ।
No comments:
Post a Comment