" দৈনন্দিন"
মুখামুখি হ'লেই আপুনি
ভাল বেয়াৰ খবৰ সোধে
মই অলপ আপোনাৰ
ভিতৰলৈ জুমি চাওঁ
আপোনাৰ ভিতৰত কিন্তু
বেলেগ কিবা হে দেখোঁ
ভাল বেয়াৰ খবৰ সোধে
মই অলপ আপোনাৰ
ভিতৰলৈ জুমি চাওঁ
আপোনাৰ ভিতৰত কিন্তু
বেলেগ কিবা হে দেখোঁ
আপোনাক প্ৰায়ে
দেখোঁ
এখন মকৰা-জাল গুঠি থকা
এখন মকৰা-জালত উঠি থকা
অ'ত ত'ত পিতপিতাই ফুৰা
আপোনাৰ ছয় চিকাৰী চকু
এখন মকৰা-জাল গুঠি থকা
এখন মকৰা-জালত উঠি থকা
অ'ত ত'ত পিতপিতাই ফুৰা
আপোনাৰ ছয় চিকাৰী চকু
আপুনি সঁচাকৈয়ে
আচৰিত ধৰণৰ
বুকুত হাত থৈয়ো মিছা মাতে
চকুত চকুত থৈয়ে আঘাত কৰে
মুখত আঁৰি ফুৰে আটাইতকৈ জটিল
ব্যাকৰণ খন
বুকুত হাত থৈয়ো মিছা মাতে
চকুত চকুত থৈয়ে আঘাত কৰে
মুখত আঁৰি ফুৰে আটাইতকৈ জটিল
ব্যাকৰণ খন
যদিও দেখাত মকৰাৰ
দৰে নহয়
আপুনি কিন্তু এটা মকৰাই
জাল পাতে আৰু চিকাৰ কৰে
চুহি খায় বিশ্বাস আৰু ভাল পোৱা
সৃষ্টি কৰে আপোনাৰ দৰে অন্য এজাক
যাৰ সৈতে প্ৰায়েই মুখামুখি হওঁ
ঠিক এদিনা খন আপোনাৰ সৈতে হোৱাৰ দৰে ।।।
আপুনি কিন্তু এটা মকৰাই
জাল পাতে আৰু চিকাৰ কৰে
চুহি খায় বিশ্বাস আৰু ভাল পোৱা
সৃষ্টি কৰে আপোনাৰ দৰে অন্য এজাক
যাৰ সৈতে প্ৰায়েই মুখামুখি হওঁ
ঠিক এদিনা খন আপোনাৰ সৈতে হোৱাৰ দৰে ।।।
কবি:-
ණমধুমণি কলিতা ।
No comments:
Post a Comment