।। উৰুকাৰ ৰাতি ।।
(১)
উৰুকাৰ ৰাতি কোনে বজায় গৰখীয়া বাঁহী
সৰু ফুলৰ গামোচাত কোনে বুলাই
শিপিনী হাতৰ লাহি আঙুলি
উৰুকাৰ ৰাতি কোনে বজায় গৰখীয়া বাঁহী
সৰু ফুলৰ গামোচাত কোনে বুলাই
শিপিনী হাতৰ লাহি আঙুলি
(২)
জালিকটা বাট এটাৰে
ব’হাগ আহিছে হ’বলা
থওঁ বুলিয়ে সোলকাই থলোঁ
বছৰে গৰকা দুখৰ চোলা
থওঁ বুলিয়ে সোলকাই থলোঁ
বছৰে গৰকা দুখৰ চোলা
(৩)
আকাশৰ জোনটো ৰঙাকৈ জ্বলিছে
আয়ে বৈ দিয়া বিহু কাপোৰ
গাতে ফিচিকিছে
পিতাই তোলৈ আজি মোৰ
বৰকৈ মনত পৰিছে
আকাশৰ জোনটো ৰঙাকৈ জ্বলিছে
আয়ে বৈ দিয়া বিহু কাপোৰ
গাতে ফিচিকিছে
পিতাই তোলৈ আজি মোৰ
বৰকৈ মনত পৰিছে
-কবি:-
ණউইল চিদ্দিকুৰ ৰহমান।
No comments:
Post a Comment