মন গ'লেই উৰি ফুৰিব পৰা হ'লে
মন গ'লেই হাঁহিৰ টুকুৰা বোৰ আচুতিয়াকৈ সাচি ৰাখিব পৰা হ'লে
আচলতে কথাবোৰ ইমান সহজ নহয়
সহজ নহয় বাবেইটো ভাল লাগে জীয়াই থাকি
আচলতে কথাবোৰ ইমান সহজ নহয়
সহজ নহয় বাবেইটো ভাল লাগে জীয়াই থাকি
তোমাক কাণে কাণে
কওঁ কথাষাৰ
হাঁহি দিয়ানা এবাৰ
প্ৰেম হৈ গ'ল চাগে এনেকৈয়ে
কলহৰ কাণে ঢলা বৰষুণ
হাঁহি দিয়ানা এবাৰ
প্ৰেম হৈ গ'ল চাগে এনেকৈয়ে
কলহৰ কাণে ঢলা বৰষুণ
বৰষুণ বোলতেই মনলৈ
আহিল ব'লানা সাঁতোৰো
আগতে ভিজি লও আহা
আগতে ভিজি লও আহা
অহ কিযে ৰোমাণ্টিক
ফিলিং এটা মনলৈ আহিল মানসিক শাৰীৰিক
গান এটা মনলৈ আহিছে
ঢৌতুলি নাচিছে বুকু দেখিছা হৰিণীৰ চকু ।
হৰিণী বোলোতেই আগৰজনীলৈ মনত পৰিল
তাইৰ চকুদুটা সাংঘাটিক ধুনীয়া আছিল
আহল বহল
দীঘল চেলাউৰী কিছকিছিয়া ক'লা
কাজল লগালেই মোৰ মৃত্যু হয়
কিমানবাৰ যে মৃত্যু হ'ল মোৰ
গান এটা মনলৈ আহিছে
ঢৌতুলি নাচিছে বুকু দেখিছা হৰিণীৰ চকু ।
হৰিণী বোলোতেই আগৰজনীলৈ মনত পৰিল
তাইৰ চকুদুটা সাংঘাটিক ধুনীয়া আছিল
আহল বহল
দীঘল চেলাউৰী কিছকিছিয়া ক'লা
কাজল লগালেই মোৰ মৃত্যু হয়
কিমানবাৰ যে মৃত্যু হ'ল মোৰ
এহ চকুলৈ চোৱাই
হোৱা নাই নহয়
তোমাৰো ধুনীয়া চাগে
তোমাৰো ধুনীয়া চাগে
তোমাৰ খং উঠিছে ন
হাঁহিটো তোমাৰ বৰ ধুনীয়া দেই দিয়ানা হাঁহি
উৰ্ব্বশী
উৰ্ব্বশী যেন লাগিছে তোমাক
হাঁহিৰ টুকুৰাবোৰ চাৰিওফালে পৰি আছে ।
ভৰি তলুৱাত বিন্ধিছে
তেজবোৰ বৰষুণ
বৰষুণৰ পানীত উটি উটি কৰবালৈ গুচি যাওঁ বলা
হাটীপতি পথেৰে
হাঁহিটো তোমাৰ বৰ ধুনীয়া দেই দিয়ানা হাঁহি
উৰ্ব্বশী
উৰ্ব্বশী যেন লাগিছে তোমাক
হাঁহিৰ টুকুৰাবোৰ চাৰিওফালে পৰি আছে ।
ভৰি তলুৱাত বিন্ধিছে
তেজবোৰ বৰষুণ
বৰষুণৰ পানীত উটি উটি কৰবালৈ গুচি যাওঁ বলা
হাটীপতি পথেৰে
কথাবোৰ আধৰুৱা হৈ
থাকিল
প্ৰেম এনেকৈয়ে ভাল আধা অধুৰা
প্ৰেম এনেকৈয়ে ভাল আধা অধুৰা
কবি:-
ණনৱকাশ ।
No comments:
Post a Comment