মানৱতাৰ বেদী
গঢ়োঁ
এনে কিছু কথাই
জগাই মোক
জীৱনক কৰোঁ অভিবাদন
তোমাক চাওঁ নতুন চাৱনিৰে
নিজক কৰোঁ সমর্পণ
এটি নতুন পাতনিৰে
জীৱনক কৰোঁ অভিবাদন
তোমাক চাওঁ নতুন চাৱনিৰে
নিজক কৰোঁ সমর্পণ
এটি নতুন পাতনিৰে
এছোৱা সেউজৰ
ৰেঙনিয়ে
এটি মিঠা ভাঙনিক
পাৰি দিয়ে প্রীতিৰ দলিচা
সুৱদি এফাঁকি গুঞ্জৰণে
পাখি মেলিবলৈ দিয়ে
ভালপোৱাৰ অমোঘ উচ্চাৰণক
এটি মিঠা ভাঙনিক
পাৰি দিয়ে প্রীতিৰ দলিচা
সুৱদি এফাঁকি গুঞ্জৰণে
পাখি মেলিবলৈ দিয়ে
ভালপোৱাৰ অমোঘ উচ্চাৰণক
জীৱনৰ এডোখৰ পালেও
মৰণক আওকাণ কৰোঁ
এচিকটা মনোভূমিত
মানৱতাৰ বেদি গঢ়োঁ
সৃষ্টিৰ এক তুলাচনীত
মৰণক আওকাণ কৰোঁ
এচিকটা মনোভূমিত
মানৱতাৰ বেদি গঢ়োঁ
সৃষ্টিৰ এক তুলাচনীত
এনোৱা আশাক ধিয়াই
এভাগ মৰম বিলাই
এদম সিঁচৰিত ভাৱনা
একগোট কৰোঁ
বাটকুৰি ডেই যাই
এভাগ মৰম বিলাই
এদম সিঁচৰিত ভাৱনা
একগোট কৰোঁ
বাটকুৰি ডেই যাই
কবি:-
ණজ্যোতিষ কুমাৰ দেৱ ।
No comments:
Post a Comment