Friday, 14 April 2017

প্ৰিয়তম উশাহ



প্ৰিয়তম উশাহ
(১)
মৌন ওঁঠৰ পদূলিত
তোমাৰেই ৰুপ-গুণ
তোমাকেই চাই গুপুতে
তোমাতে বিভূৰ মৌ-বন ৷
(
২)
সুৱাসিত বকুলৰ সুৱাসেৰে
জীপাল সাঁচতীয়া ধৰনী
আগমনি সেউজৰ
আওৰাই সুখ-পাঠ সোঁৱৰণি ৷
(
৩)
সীৰলু ফালি ভৰুণ বসন্ত দাপোন
উশাহ্ত ওপঙি বয় সুখ বলয়
ৰুপ-লীলা লহৰৰ গভীৰ এখোজ
আকাশ-বতাহ মাথোঁ একেটি নিলয় ৷
(
৪)
এঢৌ সুখতে এপাহি দুপাহি
ফুল ফুল বুলি কৈ হাঁহি বনমালী
দুওঁঠ পৰশত আৱেগে নাচে কান্দে
গোলাপ তগৰ নাহৰ গুটিমালী ৷
(৫)
একেখনি আকাশ একেটিয়ে জোন
জীৱন যৌৱনৰ বাটত
আজিও তাহানিও আছিল ছন্দভৰা
উজাগৰী ৰজনীৰ ঘাটত ৷
(
৬)
আঘোণী কাঁচিৰ কেঁচ্ কেঁচ্ মাত
কোনজাক পক্ষীৰ মাতে কৰে আকুল
ধৱল মেঘৰ আলেঙে-আলেঙে থিক
কাৰ সুঁহুৰিৰ মাতে ৰিঙিয়াই যায় ব্যাকুল ৷
(
৭)
পদুমৰ পাহি বছা লগনত
জেতুকাবুলীয়া আৱেগৰ হৈ চৈ
লাহি বিৰিণা নাচোনত নাচে ম'ৰাপাখি
বুকুৰ সোণালী ঘামৰ নৈ বৈ ৷
(
৮)
ৰুপৰ মাধুৰী জ্যোতিকণা
গজালি মেলা হাঁহিটি হয় আলসুৱা
সপোন-দিঠকে অন্তৰ-দাপোন মেল
যেন সেউজীয়াৰ উপমা বিচাৰি পলসুৱা ৷
বি:
অংকুৰ শইকীয়া ৷

No comments:

Post a Comment