Tuesday, 25 April 2017

অন্তৰাল



"অন্তৰাল"



-- কি হৈছে বাৰু?
--
কি হোৱা দেখিলি?
--
এই যে ৰাতি টোপনি নাহিলে তোলৈকে ফোনটো লগাওঁ, এইবোৰ দেখোন কিবা মেনিয়া টাইপ হৈ গৈছে।
--
তাতে? মই দিগদাৰ নাপাওঁ নহয়! ৰাতি দেখোন মোৰো টোপনি নাহে। মনত পৰিলে ফোন কৰিবি আৰু...ইমান ভাবি থাকিবলৈ কিটো আছে।
---
হুঁ। ভালেই নহয় তোৰ?
---
কালিলৈকে ভালেই থকা ছোৱালীজনীৰ আজি দিনটোৰ ভিতৰতে কি হ'ব পাৰে বাৰু?
---
এহ্ সুধিবলৈ একো নাছিল দেখি একেটাকেই সুধিলো।
দিনটো কোনোমতে পাৰ হয় ইটো সিটো ব‍্যস্ততাৰ মাজেৰে। ৰাতিটোৱে নামি আহিয়েই গেজু কৰিবলৈ ধৰে, খেদা খেদি খেলখনত তাৰ হাতত হাৰি যায় বহুতো।
সিহঁতৰো একেই কাহিনী, বাহিৰত জোনাক থাকিলেও মনবোৰ যে আন্ধাৰ, ঘুৰ্মুটিয়াই ঘুৰ্মুটিয়াই তাইৰ নাম্বাৰটোকেই ডায়েল কৰিবলৈ ধৰে সি।
যোৱা বছৰলৈকে তাৰ সকলো ঠিকেই আছিল, আকালো নাছিল ভঁৰালো নাছিল। প্ৰাইভেট কোম্পানীৰ চাকৰিটোৱে তাক আৰ্থিকভাৱে সচ্ছল কৰি ৰখাৰ উপৰিও মনটোত এক ধৰণৰ সকাহ যোগাই থাকিব পাৰিছিল -- যে অন্ততঃ ভৰিৰ তলৰ মাটিকণৰ ওপৰত তাৰ সবল খোজকেইটা এতিয়াও থৰক বৰক হোৱা নাই। দুবেলা দুমুঠিৰ ভাতকেইটা মোকলোৱাৰ লগতে সৰু সুৰা দুই এটা সপোন পূৰণৰ নামত বিলাসিতা। জীয়াই থাকিবলৈ মানুহক আৰু কি লাগিছে? মৰম? এৰা, মৰমৰ ভোকহে আচল ভোক, তাৰ জীৱনত মৰমো আছিল। মাকজনীৰ সহজাত মৰমৰ ওপৰিও প্ৰেয়সীৰ মৰমো পাইছিল সি। দেউতাক ঢুকাইছিল কলেজত পঢ়ি থাকোতেই, তেতিয়াৰ পৰা মাকেই সকলো, হঠাতে আগমন ঘটিছিল প্ৰেয়সীৰ।
আচলতে প্ৰেয়সীৰ আগমন তাৰ জীৱনলৈ মাত্ৰ এবাৰ নহয়, কেইবাবাৰো ঘটিছিল। হাইস্কুলৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে মুঠ চাৰিজনী ছোৱালীৰ লগত তাৰ প্ৰেমজনিত সম্বন্ধ স্থাপন হোৱাৰ নথি আছে। অপৈণত বয়সৰ অঁকৰা প্ৰেম ভমক কৰে জ্বলি নুমাই থাকিল যদিও কলেজীয়া জীৱনৰ শেষৰফালে যি প্ৰেমত সি পৰিছিল তাকেই জীৱনৰ প্ৰথম আৰু অন্তিমভাগি সঁচা প্ৰেম মানি লৈ সুপৰিকল্পিতভাৱে সমৃদ্ধিশালী ঘৰ এখন সজাৰ সকলো সপোন দেখি উঠাৰ পিছতো সুখে দুখে একেলগে থকাৰ সকলো প্ৰতিশ্ৰুতি ধূলিসাৎ কৰি প্ৰেয়সীয়ে আহি ঘৰৰ পৰা দিল্লীস্থিত দৰা ঠিক কৰাৰ খবৰটো আহি দিছিল।
হাতত থকা চাকৰিটোৰে সংসাৰ এখন পোহপাল দিব পৰাকৈ এনেও পৰ্যাপ্ত নহয়। সি তাইৰ পৰা মাথো অলপমান সময় বিচাৰিছিল, বেংক বেলেন্সটো সামান‍্য টনটনীয়া হ'লেই সি বিয়াখন পাতিব। কিন্তু ছোৱালীৰ বয়স জানো ৰৈ থাকে? বাট চাওঁতে চাওঁতে, বিভিন্ন প্ৰস্তাৱ নস‍্যাৎ কৰোঁতে কৰোঁতে তাইও এসময়ত মাক দেউতাকৰ মুখলৈ চাই ধৈৰ্য‍্যৰ বান্ধ সোলকাই থৈ বিয়াত বহিবলৈ মান্তি হ'ল। এনেকুৱা কিবা এটা হোৱাৰ আশংকা দুয়োৰে মনত আছিলেই, গতিকে খবৰটো পায়ো সি সম্পূৰ্ণৰূপে ভাগি পৰিব নোৱাৰিলে।
যিদিনা সি প্ৰেয়সীৰ বিয়াৰ খবৰটো পাইছিল সেইদিনা সি আলিমূৰৰ পুলটোৰ ওপৰত চিগাৰেট হুপি ওৰে ৰাতি বহি থাকিল। জোনাক নিশা। দূৰৈৰ বাঁহনিখন জিলিকিছিল জোনৰ পোহৰত। কিবা কিবি আকাশ পাতাল ভাবি সি এটাৰ পিছত এটা চিগাৰেট জ্বলাইছিল আৰু পাৰ হৈ যোৱা সুদীৰ্ঘ সময়ৰ কিছু সৰু বৰ ঘটনা ৰোমন্থন কৰি মাজে মাজে উদ্বিগ্ন আৰু মাজে মাজে অসহায় অনুভৱ কৰিছিল। জোৰ কৰি চেঁপি ৰখা চিঞৰ কেইটামান আৰু ওঁঠেদি বাগৰি আহিব নোখোজা কথাবোৰত মূৰৰ ওপৰত ৰৈ থকা জোনটোৱে সঁহাৰি জনোৱা যেন পৰিলক্ষিত হৈছিল -- "আছোঁ দে তোৰ লগত" । চেঁচা বতাহ এছাটি বলিছিল চেগা চোৰোকাকৈ, কাষৰ হাবিখনত শিয়ালে হোৱা দিছিল, ৰাতি গাঢ় হোৱাৰ লগে লগে ঘৰবোৰৰ পৰা বিজুলী বাতিৰ পোহৰসমূহ ক্ৰমাৎ নোহোৱা হৈছিল আৰু প্ৰস্তৰ মূৰ্ত্তিৰ দৰে সি বহি ৰৈছিল একেজেগাতেই। খং উঠিছিল নেকি তাৰ? কান্দিবলৈ মন গৈছিল? নাঃ কি হৈছে সি একো নাজানে, জানিলেও তাৰ প্ৰতিকাৰ নাজানে। সময়খিনি পাৰ হোৱাটো বিচৰাৰ সমান্তৰালভাৱে সি বিচাৰিছিল ৰাতিটো যাতে নুপুৱাওক। অথচ দৈনন্দিন ব‍্যস্ততা যন্ত্ৰণা পাহৰাই ৰখাৰ এক অজুহাত।
--- তাইৰ বিয়া নহয় মা। অহা বহাগত। ঘৰৰ পৰা ঠিক কৰি দিছে ভাল ঘৰৰ ল'ৰা।
---
'ব দে তয়ো একো বেয়া ঘৰৰ নহয়।
---
ভালেই হ'ল গুচি গ'ল। মইনো তাইক পোহপাল দিব ক'ত পাৰিলো হয়।
সেইদিনা বহুদিনৰ মূৰত তাৰ জালুক দিয়া পাৰ মাংসৰ আঞ্জা খাবৰ মন যায়। বজাৰৰ পৰা কিনি আনি এটা পাৰ মাৰে, মাকে আটোমটোকাৰীকৈ জুতিলগা আঞ্জাখন ৰান্ধে, ৰাতিলৈ দুয়ো উদৰ পুৰাই খায়। প্ৰায় এবছৰমানৰ মূৰত সি মাকৰ কোলাত মূৰ পেলাই টোপনি যায়।
তাৰ পিছৰ দিনসমূহ গতানুগতিক। পুৰণা বন্ধুমহল নিজ নিজ জগতত ব‍্যস্ত, আমাৰ ইয়াৰো দিনত অফিচৰ ব‍্যস্ততা, গধূলি বজাৰ সমাৰ, মাকক ইটো সিটো কামত সহায় কৰি দিয়া, কেতিয়াবা পাণ দোকানৰ সন্মুখত ৰসাল আড্ডা আৰু নিঃসংগ মূহুৰ্ত্তবোৰত জ্বলন্ত চিগাৰেটত বেপৰোৱা টান, বন্ধুৰ লগ হ'লে কিঞ্চিৎ মদ‍্যপান।
লিখা মেলাত তাৰ হাত আছে। তাৰ শব্দৰ জুমুঠি আৰু উপস্থাপন শৈলীৰ শলাগ লোৱা মানুহৰ এসময়ত অভাৱ নাছিল। মহাবিদ‍্যালয় আলোচনীখনৰ ব‍্যতিৰেকেও দুই এক কাকত আলোচনীত তাৰ লেখা নিয়মিতভাৱে প্ৰকাশ পাইছিল। হঠাৎ সকলো স্তব্ধ হৈ গ'ল। এই যাত্ৰাত ব‍্যাঘাত উপজাৰ কাৰণটো সি নাজানে, মনৰ কোঠালীত গুজৰি গুমৰি থকা কথাবিলাকে ৰূপান্তৰৰ বাট নেদেখে, শব্দবোৰ ওলাই নাহে। কষ্ট হয়, কিন্তু হাতত কাগজ কলম তুলি ললেই মস্তিষ্কৰ দুৱাৰখনত বৃহৎ তলা এটা ওলমাই থোৱা যেন লাগে, সেই তলাৰ চাবি বিচাৰি সি হাবাথুৰি খায়।
--- তোৰ জীৱনত বৈচিত্ৰৰ অভাৱ হৈছে।
টেলিফোনিক বাৰ্তালাপত মীৰাৰ সহজ স্বীকাৰোক্তি।
---
'ৰ পৰা বৈচিত্ৰ আনো তয়েই কচোন। শাক খোৱা ভাত খোৱা কথাৰেই মাথাটো ভৰ্ত্তি। খোৱা শোৱা আৰু অফিচ যোৱ, দিনলিপি বুলিবলৈ সেইখনেই। অফিচৰ আড্ডাসোপাও নিৰস। অনুভৱৰ জোৱাৰ আহিলেও তাত শব্দ, ছন্দৰ বাখৰ খটুৱাব নোৱাৰা 'লো। হেৰাই গৈছো ক্ৰমশ। এইটো মই নহয়।
---
কথাবিলাক এতিয়াই নাভাবিলে একেদৰেই চলি থাকিব। বন্ধু দুটামান গোটাই লৈ ফুৰিবলৈ ওলাই যা। অসমৰ ভিতৰতে কত ধুনীয়া জেগা আছে, পাৰিলে সেইবোৰকে ফুৰি চকি আহ। তেতিয়াহে মন মগজু মুকলি 'ব। সময় ওলিয়াই বাহিৰা কিতাপ পত্ৰ পঢ়। আগৰ দৰে গোগ্ৰাসে গিলিব নোৱাৰিলেও অন্ততঃ এদিনত এটা পৃষ্ঠা..নিজেই নিজক হেৰাই যাবলৈ নিদিয়াৰ প্ৰচেষ্টাত তই নিজেই আগভাগ নললে আনে তোক বিচাৰি আনি দিব নোৱাৰে।
মীৰাই কোৱাটোৱেই সঁচা। ধাৰাবাহিক দিনলিপিৰ পৰা ফালৰি কাটি দুদিনমান অৰুণাচল নাইবা কাৰ্বি আংলঙৰ ভিতৰুৱা গাওঁ এখনত কটাই আহিব লাগিব --সি মনতে গুণা গঁঠা কৰে।
মীৰা। প্ৰাণোচ্ছল ছোৱালীজনীৰ লগত তাৰ প্ৰথম সাক্ষাৎ ফেচবুকৰ যোগেদি। তাৰ বিভিন্ন লেখা মেলাৰ প্ৰতি আকৃষ্ট হৈ তায়েই প্ৰথম বন্ধুত্বৰ হাত আগবঢ়াইছিল। 'আপুনি' সম্বোধনৰ পৰা লাহে লাহে এতিয়া ইটোৱে সিটোক 'তই' বুলি মাতিব পৰা 'ল। প্ৰথম চিনাকীতেই ছোৱালীজনীৰ প্ৰতি অহেতুক মৰম এটা সোমাই গৈছিল তাৰ মনত। তেতিয়া তাৰ প্ৰেয়সীয়েও তাক এৰি যোৱা নাছিল আৰু এক অৰ্থত সুখী মানুহ আছিল সি --আজিৰ তুলনাত চিন্তা আৰু কামৰ বোজা কম, বন্ধু বান্ধৱ, প্ৰেম আৰু উচাহেৰে আৱৰি ৰখা পৃথিৱী।
সপ্তাহত এবাৰকৈ হ'লেও ফোন কৰি তাৰ খবৰ ৰাখিছিল মীৰাই। বহুত সময় ধৰি কথা পাতিছিল সিহঁতে। ইটোৱে সিটোক কৰা পেংলাই, ঠাত্তা, মস্কৰাবোৰৰ মাজেদি নিষ্কলুষ বন্ধুত্বৰ বান্ধোন স্বতঃস্ফুৰ্ত হৈ জিলিকি উঠে।
মীৰাই বুজি উঠিব বিচাৰিছিল তাৰ ভিতৰৰ মানুহটোক,এবাৰলৈ 'লেও ভুমুকি মাৰি চাব বিচাৰিছিল তাৰ বিশৃংখল জীৱনৰ অন্তৰভাগ। বুজি পাব পাৰিছিল বুলিলেও মিছা কোৱা নহ'ব। বুজি পাইছিল বাবেই সি নিজস্বতা হেৰুৱাই পেলোৱাটো তাই বিচৰা নাছিল। কিন্তু অধিক আগবাঢ়িবলৈ যে সংকোচ। কথাৰ পাকত কেনেবাকৈ জিভা পিছলে বুলিও বহুত সাৱধানতা অৱলম্বন কৰি তাৰ খবৰ ৰাখি নিৰ্দোষ ধেমালিবোৰ সহজভাৱে আগুৱাই লৈ গৈছিল।
নিজৰ কৰিব বিচাৰিও কৰিব নোৱাৰাৰ, কাষতে পায়ো কাষত নোপোৱাৰ যি যন্ত্ৰণা সেয়া মীৰায়ে যদি বুজি নুঠে কোনে বুজিব? কিন্তু আনৰ ভাগৰ সম্পদ আঁজুৰি অনা ছোৱালী তাই নহয়, লাগিলে নিজেই যন্ত্ৰণাদগ্ধ হৈ বিনিদ্ৰ ৰজনী কটাব। এই যে আমাৰ যন্ত্ৰণাবোৰ..তাৰ অনুধাৱন নিজৰ বাহিৰে আন কোনেও কৰিব নোৱাৰাতেইটো আমাৰ সমস্ত অহংকাৰ।
যি নহ'লেও সি ভাগি পৰাটো নিবিচাৰে মীৰাই। অন্ততঃ সুনিপুণ কথাশিল্পী হ' পৰাকৈ যি পাৰদৰ্শিতা সি একালত প্ৰদৰ্শন কৰি থৈছে সেই প্ৰতিভা ম্লান পৰি ৰোৱাটো মীৰাই কোনোপধ‍্যেই সহ‍্য কৰিব নোৱাৰিব। ভগ্নপ্ৰায়, মুমূৰ্ষ মানুহটোক তাই পাৰেমানে উৎসাহ যোগাবলৈ চায়।
মাজে মাজে তাই তালৈ উপহাৰ স্বৰূপে কিবা কিবি লিখি পঠিয়ায়। সিদিনাও তাই হুৱাটছএপ বাৰ্তাত লিখি পঠিয়াইছে;
".....জীয়াই থকাৰ চেষ্টা পুৰণি, কৌশল নিত‍্য নতুন। তোমাৰ বাবে মই, মোৰ বাবে তুমি, আমাৰ বাবে বাকী সকলোবোৰ অথবা বাকী সকলোবোৰ সুচাৰুৰূপে চলিছে বাবেহে আমি এক..হাৰি হাৰি জিকিছো, জিকিও জানোঁ হৰা নাই? মনৰ গভীৰতালৈ জুমি চাব কেইজনে পাৰিছে, শুনি যদিও ভাল পাওঁ বাষ্প হৈয়েতো উৰি গৈছে বেকত কৰা বহুতো কথা, আৰু কোনোদিনাই কব নোৱাৰা কথাবোৰ একা? মদ খালেও যি ওলাই আহিব নোখোজে! সেইবোৰ তো গিলি থোৱাতেই থাকিব, যুগৰ পুৰণি বিষ এটা হৈ। সমস‍্যাৰে জৰ্জৰিত এই পৃথিৱীক তথাপি সাৱটি থাকিম, বাৰে বাৰে ভাল পাম, প্ৰেমত পৰিম, বন্ধুত্বৰ প্ৰতিশ্ৰুতিৰে ভেদিম নিঃসংগতাৰ অৰণ‍্য। নিৰ্জন আন্ধাৰ চাৰিচুকীয়া সৰু কোঠা এটাত বহি জগত জিনাৰ সপোন দেখিম...আৰু ছেগা চোৰোকা পাগলামিবোৰত নিজকে খুঁচৰি চাম -- আছোঁ, তেজ মঙহৰ মানুহ হৈয়ে আছোঁ, যন্ত্ৰ হোৱাগৈ নাই এথোন।"
প্ৰত‍্যুত্তৰত সি হাঁহি থকা স্মাইলী এটা আগবঢ়াই। এৰা, ইয়াতকৈ অধিক কিবা আশাওতো কৰিব নোৱাৰে মীৰাই। কথাখিনি সি অনুধাৱন কৰিব নোৱাৰাৰ কথা নাই। কিয় কৈ থকা হ'ল কোনোবা এদিন সি বুজি পাব -- মীৰাই ভাৱে।
মীৰাৰ বিয়া ঠিক হৈ আছে। অনামিকা আঙুলীত পিন্ধি থকা সোণৰ আঙুঠিটো লিৰিকি বিদাৰি তাই ভাৱে; সদায় ৰাতি তালৈ ফোন কৰা অভ‍্যাসটো কমাব লাগিব। অভ‍্যাসটো থাকি লে তাইৰ হবলগীয়া সংসাৰখনত আউল লাগিব পাৰে। সংবেদনশীল মনটোৱে তাইৰ নামানে হে নামানে। ডায়েলপেডত তাৰ নাম সদায় জিলিকে।
প্ৰেয়সীয়ে এৰি গুচি যোৱাৰ পিছতো তাই তাক ফোনযোগে কথা পাতি সঁকাহ দিছিল। প্ৰস্তৰতাৰ দিশে ধাৱমান মানুহ এটাক আৱেগ অনুভূতিৰে পুনৰোজ্জীৱিত কৰাৰ বিফল প্ৰচেষ্টাত খোজে প্ৰতি হামখুৰি খাইছিল তাই, বাঢ়ি অহা বুকুৰ বিষত নিজৰেই কণ্ঠৰুদ্ধ হৈছিল। তথাপি তালৈ দৈনিক ফোন লগাইছিল। ভাল বেয়া খবৰ লোৱাৰ ওপৰিও সামান‍্য ধেমালিৰে দিনটোৰ অৱসাদ দূৰ কৰিছিল।
ফোনত সি প্ৰায়েই কয়;
--
বুজিছ, প্ৰেমত পৰিলেও প্ৰেম কৰা নহ'ব মোৰ দ্বাৰা। কম্প্ৰমাইজ, কমিটমেণ্ট, এডজাষ্টমেণ্ট একোৱেই কৰিব নোৱাৰোঁ। মন থাকিলেও নোৱাৰোঁ। আচলতে কি জান, কমিটমেণ্ট বোলা বস্তুটো আহি পৰিলেই প্ৰেম কৰাৰ মজা নস্ত হয় যায়। যদি স্বাধীনতাই নাথাকিল সেয়া কি প্ৰেম হ'ল।
একো নকয় তাই, কেৱল শুনি থাকে। অবাধে স্বাধীনতা লাভৰ নামত কমিটমেণ্ট এটা কৰিব নোৱাৰা প্ৰেমৰ পক্ষপাতিত্ব তাই নকৰে যদিও মুখেৰে একো নামাতি শুনি থাকে তাৰ কথাবোৰ। এবাৰমান হ'লেও তাক বুকুৰ উম দি সাৱটি লবলৈ মন যায়, মৰমেৰে উপচাবলৈ মন যায় তাৰ চফল শৰীৰ। কিন্তু নোৱাৰে, মনৰ হেঁপাহ এদিন নিজে নিজেই মৰহিবগৈ বুলি মনতে সাঁচি থোৱা থাকে।
সেইদিনা তাই নিজৰ ফেচবুক ৱালত লিখি পেলাইছিল -- "আমি আৰু ভালপোৱাৰ কথা নাপাতো দেই, পোৱা লোৱাৰ হিচাপ নিকাচো একাষৰীয়া কৰি থওঁ আহ। কম্প্ৰমাইজ, কমিটমেণ্ট, এডজাষ্টমেণ্টৰ পৃথিৱীয়ে আমাৰ গাৱঁৰ পদুলিয়েদি সোমাই অহা বহাগৰ আগত পাত্তা নাপায়। মই যিদিনা উভটি যাম, তই মাথোঁ সেই পথৰুৱা আলিটোৰ আঁহতজোপাৰ তলত মোৰ বাবে ৰৈ থাকিবি, নসজা ঘৰখনৰ সপোনখিনিৰ জোখাৰে আমি বন‍্যোন্মাদ কথাবোৰ পাতিম..."
অলপ সময়ৰ পিছতে তাইৰ ফোনটো বাজিছিল, ফোনৰ পৰ্দাত তাৰ নম্বৰ। থোকা থুকি হৈ অহা তাৰ মাতটোক কোনোমতে স্থিৰ কৰি ৰখাৰ বৃথা প্ৰচেষ্টাত ফোনটো ধৰি থকা তাইৰ হাতৰ মুঠিটো কঁপি উঠিছিল। কিবা 'ব খুজিছে নেকি সি? নেলাগেচোন কব একো। যেনে দৰে চলি আছে সেইদৰেই সম্পৰ্কটো চলি থাকক।
সি কিন্তু বিশেষ একো ক'ব পৰা নাছিল।
--- তোক মোৰ..তোক মোৰ নিচেই আপোন যেন লাগে অ'। এবাৰ তোৰ কঁপালত চুমা এটা খাবলৈ দিবিনে?
চুম্বনৰ দুটা শব্দ ফোনৰ ইটো মূৰৰ পৰা তাইৰ কাণত আহি পৰিছিল। ধাৰাষাৰে বৈ আহিব খোজা দুধাৰি লোতক সামৰি ৰখাটো অসম্ভৱ। হুকহুকাই কান্দি উঠিছিল তাই। অপ্ৰস্তুত যেন হৈ অহা পৰিৱেশটোক নিয়ন্ত্ৰণাধীন কৰিবলৈকে সি কৈছিল;
--- এস্ পেনেৰী। কঁপালত দুটা চুমা পাওঁতেই তোৰ এই অৱস্থা। দুমাহৰ পিছত গিৰিয়েৰে দিবলৈ লওঁতে চাগৈ মূৰ আফালি কান্দিবি। অহ্ তেতিয়া আৰু ক' কান্দোন, তেতিয়া জানো তই এইজনী মীৰা হৈ থাকিবি?
---
ধুৰ (অবাইচ), কথা নাই তোৰ কবলে'
ক্ষীপ্ৰগতিত চকু মোহাৰি, কান্দোন সামৰি তাই কৈ উঠিছিল।
ৰাতি যেতিয়া বাকীবোৰ মানুহ শুই নিঃপালি দিয়ে সিহঁতৰ কথাই তেতিয়া ভৰপক দিয়ে। সেইসময়খিনিত যেন চৌপাশৰ অৱস্থিতি শূণ‍্য, ইটোৱে সিটোত ইমানেই নিমগ্ন হৈ আলাপ কৰে। বাধা দিয়া মানুহো কোনো নাথাকে, যিহেতু ভাবী স্বামীৰ সৈতে মীৰাৰ বাৰ্তালাপো দিনতেই কৰি থোৱা হয়। কথাও নো কি -- কি কৰিছা, কি খালা, এতিয়া কি কৰিবা। মীৰাই আক্ষেপ কৰে; মুঠেও ৰোমাণ্টিক নহয় মানুহটো। একদম শিল যেন, আৱেগ অনুভূতি কি বস্তু নুবুজিবই কিজানি। সি খুক খুক কৰি হাঁহে আৰু কয়;
-- "
'ব দে, ভাল ল'ৰা সি। ভিতৰি মৰমীয়াল যদিও প্ৰকাশ কৰিব নাজানে। মৰম কৰিবি তাক, বাহিৰত শিল যেন কঠিন মানুহবোৰ অলপমান মৰমতে গলে।"
--
ইমান জান' তই? তোৰ চেক্সুৱেল প্ৰিফাৰেন্স মহিলা নহয় নেকি?
--
চুপ এইজনী। মুখত যি আহে তাকেই কৱ।
---
আৰে' গে' হোৱাটোনো কি বেয়া কথা। আমি যি বস্তু যেনেদৰে বিচাৰোঁ সেইখিনি পোৱাটো আমাৰ অধিকাৰ।
সুখ দুখৰ কথাবোৰ পাতি থকাৰ মাজতে তাই তাক গান এটা গাই শুনাবলৈ কয়, তাৰ মাতটো বৰ শুৱলা, কণ্ঠ সুৰীয়া--- সি গান গাওঁতে তাই চকুহাল মুদি দিয়ে, সেমেকা বতাহ এছাটিয়ে চুই যায় শৰীৰ, মন।
সি কেতিয়াবা তাইক বৰগীত এটা গাই শুনায়। পাৱে পৰি হৰি কৰোহোঁ কাতৰিটো তাৰ কণ্ঠৰে বৰ সুৰীয়াকৈ নিগৰে। বাকী সকলো আৱাজ এফলীয়া কৰি ইথাৰেদি সাঁতুৰি অহা তাৰ মাতটোৰ ৰাগী যেন তাই উৰে ৰাতি পান কৰি থাকিব। দৰদভৰা তাৰ মাতটোৱে ক'ত সুৰসুৰণি তুলে? মনত, তেজত নে শৰীৰত? হয়তো সকলোতে, সেইবাবেই আমনি নলগাকৈ শুনি থাকিব পাৰে তাই। বুকুখন মোচৰ মাৰি ধৰাৰ সমান্তৰালভাৱে এক অহেতুক প্ৰশান্তিয়ে বিৰাজ কৰে তাইৰ চৌপাশ। কি এক অদ্ভূত মায়া, বুকুৰ মাজত সহস্ৰ জোৱাৰ ভাটা আনিব পৰাকৈ দৰদী অথচ স্থিতপ্ৰজ্ঞতাৰ সকলো উপাদানেৰে সমৃদ্ধ সেই কণ্ঠ।
---
মোক বেউলা লক্ষীন্দৰৰ সেই বিলাপটো গাই শুনাচোন।
---
লক্ষীন্দৰৰ বিলাপ?
--
ওঁ।
গলখেকাৰি এটা মাৰি সি সুৰ লগাই -- অ' বেউলা উঠা হে উঠা মোৰ প্ৰিয়া, মোক খাইলে কালী নাগে চকু মেলি চোৱা।
---
তোৰ মাতটো সঁচাই বৰ ধুনীয়া অ'
---
আগতে গাওঁ তো কলেজ ৱিকত।
---
তই বৈদ্দ টেলেণ্টেড বস্তু হয়, কামত লগা এইবোৰ প্ৰতিভা।
---
এহ হব দে। ৰ ঘোষা এটা শুন।
---
ওম, গা।
কথাৰ ফাঁকে ফাঁকে সিহঁতি হাঁহে, হুমুনিয়াহ কাঢ়ে, অবাইচ ভাষাৰে গালি পাৰে, তেতিয়া হেঁচি ৰখা কান্দোনবোৰেও মূৰ পোলোকা দিয়ে। হাৰি যোৱা ৰাতিটোৰ হাতত যেন পুনৰ জিকি যায় দুয়ো..
---
'ব দে শু। তোৰ বিয়ালৈ আৰু কিমানদিন বাকী?
---
মাহৰ হিচাপত গোট চাৰিমাহ।
---
বেলেগ আৰু। মুখৰ পৰা গালি নুগুচেই, গিৰিয়েৰ গ'ল আৰু তোৰ।
---
তাকেই পায়। ঐ মোৰ প্ৰেমত পৰি নাযাবি আকউ।
---
ধুৰ (অবাইচ), তোৰ প্ৰেমত আৰু মানুহ পৰে নেকি!
গভীৰ ৰাতি এটাৰ আঁচলত ধৰি সিহঁতৰ অসংলগ্ন অথচ সংযমিত কথাবোৰ আগবাঢ়ে। কথাবোৰ লাহে লাহে হামিলৈ পৰিণত হয়, ক্ৰমাৎ চকুৰ পটাসমূহ গধুৰ হৈ আহে। ইকাটি সিকাটি কৰি বাগৰি থকা উমাল শেতেলীৰ চেপেটা গাৰুটো সাৱটি দুয়ো দুৰ্ঘোৰ টোপনিত লালকাল দিয়ে।
(সমাপ্ত)
কবি:-
প্ৰতীক্ষা প্ৰিয়ম

No comments:

Post a Comment