Friday, 28 April 2017

আন্ধাৰত একুৰা জুই



আন্ধাৰত একুৰা জুই





মৰনৈৰ সিপাৰৰ
বাঁ‌হনিদৰাৰ পৰা
ওভতে
এজাক কিৰিলি
কমোৱা তুলাৰ দৰে উৰি।
চিনাকি উকিৰ দৰে
যেন বৰশী বোৱা নিজম দুপৰীয়া
গাতে গা লাগি
বঢ়া পানীমেটেকা ।
বুকুখন দহে
শিমলু ফুলাৰ দৰে
এক অচিন বৰষুণত মোৰ দেহ-মন তিতেঁ‌
সৌৱা
আন্ধাৰৰ একুৰা জুই জ্বলে

কবি:-
লাশ কুমাৰ নাথ

No comments:

Post a Comment