Thursday, 20 April 2017

লখেতৰা মোৰ বৰাতমনি ধানঃ



লখেতৰা মোৰ বৰাতমনি ধানঃ

লখেতৰা ও লখেতৰা
তোৰ জুপৰীৰ খেৰৰ চালেদি আজি
কল্-কলে চোন ৰাঙা ধোঁ‌হা* ওলেছি।
লখেতৰা ও লখেতৰা
আজি বুকোৰ ভিত্ৰোত চৌকা জইলছি
না কইলজাৰ কুঁ‌হত জুই ফুইলছি?
পাগ্লী-জুগ্লি আপি
'বা তো ন'ৰু
কেইতে বা জ্বলি উঠে
তোৰ মনৰ ৰাঙা পৰা আঙঠাটু ।
লখেতৰা ও লখেতৰা
মহৰী* টানি মৰান্নহ'* মহ খেইদবি
জুইৰ তাপ জানো পাইৰ্বি খেইদবা?
মূৰোত টোকো পাতোৰ জাপি তুলি বইৰ্হান* ভেইটবি,
মনৰ বইৰ্হানে আউগ্ৰি ধৈৰ্বো
কিংকে পাইৰ্বি নিভিজাকে পলে যাবা?
জানচু ও লখেতৰা,
তোৰ বুকৰ ৰাঙা ব্লাউজ
মান্ধাতা যুগৰ পে খেতৰৰ* হাত
ঢাকি লৌ তই লখে, ঢাকি লৌ
জুই হৈ জ্বল তই, তই তামা হৈ গল।
লখে ও লখেতৰা,
নীলা পাৰিৰ তোৰ চাদৰখান
তেজ লাগা, 'দে পুৰা
পুখৰীৰ পে উঠ লখে,নদী হৈ যা ।
তই নদী হৈ যা।
ভৰিৰ ডিমাত* ইতাও তোৰ
বান ভাইঙবা পাৰা কলপেইতা জোৰ,
উৰাতত* তোৰ লখে
পিত্থিমীখান* চাহ কৰা বল।
লখেতৰা ও লখেতৰা
চাপে আইনচু নাও খান
মোৰো বেৰপেটীত * ভগেনা সপান*
যাং যৌ সিখান দেশত
'ৰে* গেলখান* উৰে য'
চিটাওঁ‌ গে বৰাতমনি মনোৰ ধান !!!
**************************************
টোকাঃ
১) ধোঁ‌হা-ধোঁ‌ৱা ২)মহৰী-আঠুৱা
৩) মৰান্নহ'-মৰণ নোহোৱা, একপ্ৰকাৰৰ চহা গালি
৪) বইৰ্হান-বৰষুণ ৫) খেতৰ-লোকবিশ্বাস মতে একপ্ৰকাৰৰ ভূত। ৬) ভৰিৰ ডিমাত-ভৰিৰ কলাফুলত ৭) উৰাত-উৰু ৮) পিত্থিমীখান-পৃথিৱীখন ৯) বেৰপেটীত-কঁ‌কাল বা পেটত খুচি লোৱা একপ্ৰকাৰৰ ক্ষুদ্ৰ মোনা ১০) ভগেনা সপান-ভগনীয়া সপোন ১১) চ'ৰে-চৰাই ১২) গেলখান-বোৰ (বহুবচন) ১৩) চিটাওঁ‌ গে-ছটিয়াই দিওঁ‌ গৈ, সিঁ‌চি দিওঁ‌ গৈ ১৪) বৰাতমনি মনোৰ ধান- একপ্ৰকাৰ ধানৰ দৰে মন ।
কবি:-
য়ন্ত আকাশ বৰ্মন

No comments:

Post a Comment