Thursday, 20 April 2017

যুগ্ম জীৱন



যুগ্ম জীৱন

অচিন গ্ৰহত জ্বলোৱা
শলিতা ডালৰ
ঢিমিক ঢামাক পোহৰত
কেতিয়াবা নিজকে
চিনিবলৈ টান হৈ পৰে
মই কোন ?
মোৰ হেৰুৱা অধিকাৰ
আৰু নতুন আধিকাৰৰ
সংগতি ক'?
বিহ্বল হৈ পৰে সত্বা !
প্ৰচণ্ড অভিমানত
গুজৰি গুমৰি থাকে
অবুজন মন
যুগ্ম জীৱনৰ নামত
এটোপাল চকুলো
নিয়ন্ত্ৰিত -অনিয়ন্ত্ৰত বিদ্ৰোহ !
সেয়াও এখন ভালপোৱাৰ পৃথিৱী
'ত প্ৰেম এক দুৰ্দান্ত শক্তি
বান্ধি থোৱা হয় এনাজৰীৰে
দুখন হৃদয়ৰ বিশালতা ।
সভ্যতাৰ বুকুত অমৰত্ব বিচাৰি
আজিও দাম্পত্যই
ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই .......
স্নিগ্ধ হৈ থাকক
আমাৰ নিৰ্মল পৃথিৱী ।
কবি:-
লীনা হাজৰিকা

No comments:

Post a Comment