Saturday, 29 April 2017

নীলাবোৰ মোক উভতাই দিয়া



নীলাবোৰ মোক উভতাই দিয়া



নীলাবোৰ মোক উভতাই দিয়া
তুমি লোৱা ৰঙাবোৰ
ইয়াতেই এখন আকাশ থাকিব
আকাশখন তোমাৰ
নীলাবোৰ বিষাদ ৰঙাবোৰ প্ৰেম
হৃদয়ে হৃদয়ে কথাবোৰ বাগৰিল
কালি বৰষুণ অহাৰ কথা আছিল
নাহিল
আমি ৰৈ আছিলো
জোনাকৰ অৰণ্যত
বিশ্বাস কৰা কথাবোৰ এতিয়া আৰু গোপন হৈ থকা নাই
তুমি তোমাক ভাল পালা মই মোক
আমি ৰৈ আছিলো জোনাকৰ অৰণ্যত
ৰঙা নীলাবোৰ গোপনে ৰৈ আছিল
আৰু আমি মৌন হৈ চিঞৰি আছিলো
আৰু কোঙা হৈ পৰা সপোনটো কাণ উনাই ৰৈ আছিল
আমাৰ কাণ চিলনীয়ে থপিয়াই নিলে
আমাৰ সাধুটো চিলনীৰ জীয়েকৰ দৰেই প্ৰায় একে
জোনাকৰ বাৰিষা এতিয়া
দুৰৈত তুমি ইয়াত মই
মাজত সাগৰ
এই সাগৰ মোৰ
তুমি ক'লা তোমাৰ
এই সাগৰ জোনাকৰ
জোনাকৰ ৰঙ ৰঙা
তুমি ক'লা নীলা
এইয়াই লুকাভাকু
তুমি তোমাক ভাল পোৱা
মই মোক
কবি:-
ৱকাশ

No comments:

Post a Comment