বিষাদগদ্য
উঁয়ে খোৱা সপোনটো
সম্পৰ্কৰ ঠেঙুলি এটাত খামুচি ৰৈছে।
যেন এই সৰো এই সৰো ………
যেন এই সৰো এই সৰো ………
টোকোৰা চৰাইৰ
বাহটো ভাঙো নে……… ভাঙো নে?
নাভাঙো দিয়া ……
তুমি মোৰ পৰা
বিষাদ ঢাকি লোৱা আৰু মই তোমাৰ পৰা………
শ্বৱনমী আঁচলত উবুৰি খাই পৰে সাতোৰঙী ঠিকনা ।
শ্বৱনমী আঁচলত উবুৰি খাই পৰে সাতোৰঙী ঠিকনা ।
আধৰুৱা কথাবোৰেই
ভাল জানানে
মাদকতা থাকে ।
পূৰ্ণ হ'লে বৰ ভয়
পপীয়া তৰাৰ দৰে
এই খহে এই খহে ।
মাদকতা থাকে ।
পূৰ্ণ হ'লে বৰ ভয়
পপীয়া তৰাৰ দৰে
এই খহে এই খহে ।
মই হেনো বিচ্ছুৰিত
উল্কাপিণ্ড
আদিমতা যে মোৰ ধৰ্ম ।
উঁয়ে খোৱা সপোন আৰু সম্পৰ্ক
দুয়োৰে মাজত এতিয়া এলানি বিষাদগদ্য ।
আদিমতা যে মোৰ ধৰ্ম ।
উঁয়ে খোৱা সপোন আৰু সম্পৰ্ক
দুয়োৰে মাজত এতিয়া এলানি বিষাদগদ্য ।
কবি:-
ණপাৰবীন চুলতানা ।
No comments:
Post a Comment