মোক পোহৰলৈ
নিনিবাঃ
মোক পোহৰলৈ নিনিবা
মই এন্ধাৰতেই দেখা পাওঁ
মৃত গছজোপাৰ তলত একুৰা জুই !!!
মই এন্ধাৰতেই দেখা পাওঁ
মৃত গছজোপাৰ তলত একুৰা জুই !!!
মোক শব্দলৈ নিনিবা
মই নৈশব্দতেই শুনা পাওঁ
ভঙা আকাশ আৰু মেঘৰ কোৱা-কুই !!!
মই নৈশব্দতেই শুনা পাওঁ
ভঙা আকাশ আৰু মেঘৰ কোৱা-কুই !!!
দুৱাৰ খন জপাই থাক
খোজবোৰ হেৰাই থাক
খোজবোৰ হেৰাই থাক
অ' মোৰ কঁপা ধাননি বুকু
অ' মোৰ শান্ত বৰষুণ চকু
মই টোপনিৰ চহৰতেই থাকিম শুই …
অ' মোৰ শান্ত বৰষুণ চকু
মই টোপনিৰ চহৰতেই থাকিম শুই …
কবি:-
ණজয়ন্ত আকাশ বৰ্মন ।
No comments:
Post a Comment