এটাই বাট
মানুহবোৰ ওভতি নহা
পথৰ দাঁতিত জ্বলি থাকে চকু
অশৰীৰি উচুপনিৰ মিছিল এটা যেন বগাই যায়
কেৰেলুৱাৰ দৰে, বুকুয়েদি
অশৰীৰি উচুপনিৰ মিছিল এটা যেন বগাই যায়
কেৰেলুৱাৰ দৰে, বুকুয়েদি
প্ৰাচীন বৃক্ষৰ
পৰা সৰি আছে সপোন
তেজ হৈ, টোপ-টোপকৈ
তেজ হৈ, টোপ-টোপকৈ
উপভোগৰ বাদে সকলো
বিষয়েই নিষিদ্ধ মৰুৎ পৃথিৱীত
শাণিত নখ, ওঁঠত মদাৰ-পলাশৰ উৎসৱ
অনুৰ্বৰ পথাৰ
শাণিত নখ, ওঁঠত মদাৰ-পলাশৰ উৎসৱ
অনুৰ্বৰ পথাৰ
কমৰেড !
মাটিৰ পৰা মাটিলৈ এটাই বাট, যি বাট আকাশলৈ
জুই নতুবা অশনি ।
মাটিৰ পৰা মাটিলৈ এটাই বাট, যি বাট আকাশলৈ
জুই নতুবা অশনি ।
কবি:-
ණবিশাল অনুৰাগ ।
No comments:
Post a Comment