স্কাইস্ক্রেপাৰ
.
স্কাইস্ক্রেপাৰৰ এই অৰণ্যত
এতিয়া মাজৰাতিৰ মজলিছ
.
শেষবাৰৰ বাবে বাৰু কেতিয়া
টোপনিত ঢলি পৰিছিল
সৌ শেলুৱৈগজা আকাশ
.
আঙুলিৰ পাবত গণি গণি
ক্ষয় যোৱা এই পুৰাতন অন্ধঘোপ
উশাহৰ ছন্দত লিফট্ ৰ সঘন উঠানমা
চেঁপা কান্দোন এটাৰ চেপত পিষ্ট চাইৰেণ
.
ৰহস্যঘণ এই নাটৰ যৱনিকা পৰিব কেতিয়া
মাটিৰ দেহালৈ মানুহবোৰ উভতিবনে তেতিয়া
.
কোনেও নাজানে
ৰেলষ্টেশ্যনৰ চিৰিৰ মাজত
কেঁকাই থকা মুণ্ডহীন দেহটো
পংগু ভিক্ষাৰীজনীৰ নে
পানীকাউৰী এজাকৰ ডেউকাত অঙঠা বান্ধি
উৰি যোৱা এই প্লাষ্টিক প্লাবিত মহানগৰৰ
.
আচৰিত ...আচৰিত
.
থিয় পাহাৰটোৰ ওপৰত তথাপিও
চিফুঙৰ মাতত থৰ লাগি ৰয় জোন
পানীযুঁৱলীত খঁহি পৰা পপীয়া তৰাটো যেন
তোমাৰ আঙুলিত গলি পমি যোৱা মোৰ মুখ
কবি:-অনিতা গগৈ
No comments:
Post a Comment