।। নীলা শিয়ালৰ সাধু ।।
নীলা শিয়ালৰ সাধু
এটাত নিমগ্ন নৈপৰীয়া মানুহ এজাক
কাপোৰ ক’লা হ’লে
শিপা বিচাৰি চলাথ কৰে নৈ খনৰ পুৰাতন ইতিহাস ।
কাপোৰ ক’লা হ’লে
শিপা বিচাৰি চলাথ কৰে নৈ খনৰ পুৰাতন ইতিহাস ।
ইপাৰে ৰজাৰ দেউল
সিপাৰে সময়ৰ ভগ্নাৱশেষ
এনেকৈয়ে ভঙা গঢ়াৰ আখৰাত আচ্ছন্ন সূর্যোদয় সূর্যাস্ত
এনেকৈয়ে ভঙা গঢ়াৰ আখৰাত আচ্ছন্ন সূর্যোদয় সূর্যাস্ত
দোলাভাৰী মানুহৰ
কান্ধত সময়ৰ বোজা
ৰজাঘৰীয়াই হেতালি খেলে সুখ
মন কৰিলেই ওভতাই বোৱাব পাৰে নৈ
মাটিত ছৈদিয়া পানচৈ।
আৰু শিপাবোৰ শিপা হৈয়ে ৰয় অনন্ত সময়
ঠিক যেন আইৰ দুচকুত
দুখৰ দুখন নৈ!!
ৰজাঘৰীয়াই হেতালি খেলে সুখ
মন কৰিলেই ওভতাই বোৱাব পাৰে নৈ
মাটিত ছৈদিয়া পানচৈ।
আৰু শিপাবোৰ শিপা হৈয়ে ৰয় অনন্ত সময়
ঠিক যেন আইৰ দুচকুত
দুখৰ দুখন নৈ!!
-কবি:-
ණউইল চিদ্দিকুৰ ৰহমান।
No comments:
Post a Comment