Friday, 28 April 2017

আইজনীৰ গাত লেঠা



।। আইজনীৰ গাত লেঠা ।।




আইজনীৰ গাত লেঠা।
চাৰিকড়িয়া নৈত গা ধুবলৈ গৈ
লেঠাটো লাগিল।
শোকে বেজাৰে
তিনিদিন চাৰিৰাতি
একেথৰে তাই নৰিয়াত পৰিল
জিলীৰ মাতত নিজান দুপৰীয়া
জাৰণি ভঙা শব্দ এটাত
সাউৎকৰে উৰি গল শৰালি এজাক
উবুৰি খাই পৰিল তাই নৈ গৰা এটাত
লাজত মুখ ঢাকিলে পানী-কাউৰী এহালে।
নখে মাটি লেখা ছোৱালীজনীয়ে
গমকে নাপালে
কোনটো ঊৰুত তাইৰ
কেইটা আঁচুৰ
বনজুই বিয়পাদি বিয়পিলে
গা-ভাৰী আইজনীৰ অশুচি খবৰ!
হাবিতলীয়া বাট এটাৰ
লঠঙা ডালত
ৰূৰুৱাই জ্বলি থকা জুইকুৰা
হঠাৎ নুমাল
সুৰুঙাৰে সাৰকি গল ৰাং-কুকুৰ এপাল
(অসম সাহিত্য সভা উপলক্ষে প্রকাশিত শত কবিতাৰ সংকলন ' জাৰ্ য়োম'ত সন্নিবিষ্ট মোৰ কবিতাৰাজিৰ এটা)
কবি:-
চিদ্দিকুৰ ৰহমান

No comments:

Post a Comment