' উখল-মাখল ৰভাতল '
ইগলৰ পাখি সৰিল শিমলু তলত
ঢাক খোৱা ঋতুত মাহ হালধীৰ মিয়াদ উকলিল
ঋণত পোত খোৱা পথাৰখনত
দামুৰিতোৰ হেম্বেলনি শুনিছনে ?
ঢাক খোৱা ঋতুত মাহ হালধীৰ মিয়াদ উকলিল
ঋণত পোত খোৱা পথাৰখনত
দামুৰিতোৰ হেম্বেলনি শুনিছনে ?
সেই ঢোঁৰা-কাউৰি জনীয়ে
মুধচ কঁপাইছে চা
ভেকুলীবোৰৰ টোৰটোৰণি শুন
ডাক্তৰখানাত বিলাপ পাঠকৰ বিলৈ চা l
ভেকুলীবোৰৰ টোৰটোৰণি শুন
ডাক্তৰখানাত বিলাপ পাঠকৰ বিলৈ চা l
তথাপিও ! পাৰ ভাঙা
বাৰিষাত যৌৱন
পানী কাটি উৰুলি
বাণি সূতাৰে প্ৰসূতিৰ হাত ভৰিল ।
পানী কাটি উৰুলি
বাণি সূতাৰে প্ৰসূতিৰ হাত ভৰিল ।
শলখা খুলিল পূৱ দুৱাৰত
সম্ভোগৰ জপনাৰে পাৰ হৈ ৰিহাৰ লালিত্য
ৰভাতলত সখীৰ কপালত ৰঙা ফুট
আকাশত ঢেৰেকনি , ঘট ধৰা যৌৱন ।
সম্ভোগৰ জপনাৰে পাৰ হৈ ৰিহাৰ লালিত্য
ৰভাতলত সখীৰ কপালত ৰঙা ফুট
আকাশত ঢেৰেকনি , ঘট ধৰা যৌৱন ।
এইবোৰ আখৰা নহয় , আকাশত ঢেৰেকনি
শাওনৰ বোকাত খোপনি ।
সম্ভোগৰ শ'লমাৰিৰ লগত সখী চিলনী
পিতায়ে জোলোঙা ভৰাই জহা চাউল আনিছে
ততাতৈয়াকৈ যুঁৱলি লৈ জলাহ যাবলৈ ।
একাঁঠু বোকাত মেঠনি বান্ধি
আইৰ মুখত এমুকুৰা তামোলৰ লেলাউটি ।
শাওনৰ বোকাত খোপনি ।
সম্ভোগৰ শ'লমাৰিৰ লগত সখী চিলনী
পিতায়ে জোলোঙা ভৰাই জহা চাউল আনিছে
ততাতৈয়াকৈ যুঁৱলি লৈ জলাহ যাবলৈ ।
একাঁঠু বোকাত মেঠনি বান্ধি
আইৰ মুখত এমুকুৰা তামোলৰ লেলাউটি ।
কবি:-
ණপ্ৰশান্ত কলিতা ।
No comments:
Post a Comment