Friday, 21 April 2017

বিহুৱান



বিহুৱান

____________
ৰঙা ফুলৰ আঁচুৰে
মৰমৰ দীঘ দি
চেনেহৰ বাণি বৈ
বিহুৱান খনি ,
মোৰ জাতিৰ সংস্কৃতিৰ ধৰণী
বহ্নিমান হৈ উজলি আছা
যুগ যুগ ধৰি ।
তুমি একতাৰ বন্ধন
সমন্বয়ৰ সেঁতু
পাহুৱাল ডেকাৰ মূৰৰ সৌন্দৰ্য
ককালৰ শক্তি
দেহৰ প্ৰাচুৰ্য
হিয়াৰ আমঠু ।
শ্ৰদ্ধাৰ শ্ৰেষ্ঠতম উপহাৰ
মমতা বিনিময়ৰ বাহ্যিক চিহ্ন
অসমীয়াৰ ঐশ্বৰ্য বিভূতি ।
তোমাৰ অবিহনে অসম্পূৰ্ণ বিহু
বাপতি সাহোন বিহুটিৰ তুমি
অপৰিহাৰ্য্য জাতীয় অলংকাৰ ।
সেয়েহে কওঁ ,
বিহুৱান , বিহুৱান , জয়ধ্বজা উৰুৱাই
সগৌৰৱে চিনাকি দিয়া প্ৰতি অসমীয়াৰ
অনন্তকাললৈ ।
বি:-
বিনু ফুকন , যোৰহাট ।

No comments:

Post a Comment