চোতাল
বুকুখন দুফাল কৰি চোতালখনো দুফাল হ’ল
এতিয়া মাজত এখন জেওৰা
জেওৰাৰ কাষে কাষে গজিল কাঁইটীয়া বন
দিনক দিনে ঠেক হৈ আহিছে চোতালখন
আৰু বতাহ
মাটিৰ ফোঁপনিৰ নিশ্বাসেৰে তপত
বৰ অসহনীয়
বতাহ সলনিহে হয়, ভাগ নহয়
এতিয়াও জেওৰাৰে যাব পাৰে বতাহ
দুয়োখন চোতালতে জুই
যি জুয়ে হৃদয় পুৰি আকাশলৈ বিয়পিছে
চোতালত ঠাই নাই দুবৰিৰ, ঠাই নাই তুলসীৰ
আইতাৰ সাধুবোৰো সাধুকথা হ'ল
বাৰী লুৰুকাবোৰৰ পৰা বচাবলৈ
জেওৰা দিয়া ভাল
পিছে চোতালত দিয়া জেওৰাৰ আছে জানো কাম
জেওৰাখন লাহে লাহে পুৰণি হ’ব,পচিব
বগাব বনৰীয়া লতা
এনেকৈয়ে এদিন বতাহৰ বাট ৰুদ্ধ কৰি
মূৰ দাঙি উঠিব এখন অভেদ্য দেৱাল
ভাবিছোঁ সময় থাকোতেই জেওৰা ভাঙি
চোতালখনক চোতাল কৰি ৰখা ভাল
কবি:-
দুলাল হাজৰিকা
No comments:
Post a Comment