Friday, 28 April 2017

অভিমান



অভিমান



'আজি মন নাই তোমাৰ স'তে কথা পাতিবলৈ পৰিতোষ....'
'
কিয় সু(সুৰঞ্জনা),জীৱনে ন নদীৰ বুকুৰে আগুৱাবলৈ ধাৱবান হৈছে নেকি ? পুৰণি নৈখনিয়ে আমুৱালেই নে তোমাক ?'
'
ওহো,নৈয়ে জানো আমুৱাব পাৰে | কিন্তু নৈৰ বুকু যদি প্ৰদূষিত হয়,সেই নৈত জানো উশাহ জীয়াই থাকে ! ন নদীৰে গ'লেও সেই একেখন সাগৰতে পৰিম একে বাটে গৈ | বিষাক্ত পানীয়ে আকৌ উশাহ কাঢ়িব |'
'
তেন্তে?'
'
অনুভৱ হৈছে | মৰুভূমি এখনেই ভাল জীয়াবলৈ |বালিৰ স্তুপত জীৱন খুচৰি সময় কটাম | পানীৰ বাবে বাটকুৰি বাম অভিযোগহীন ভাবে | অন্ততঃ পানীৰ দুষ্প্ৰাপ্যতাক উপলব্ধি কৰিম মৰুভূমিত আৰু অসুখী নহওঁ |'
কবি:-
নিৰুপমা ডেকা

No comments:

Post a Comment