আমি মেহনতী মানুহ
ভাগে ভাগে ভাগ কৰা
দুখে জুৰুলা
মোৰ দেশৰ জৰৌৰৱা প্রজা ,
কি স’তে সোধো কুশলে আছনে আই
মহাজনৰ মাটিডৰাত নাঙল জুৰিছনে পিতাই
দুখে জুৰুলা
মোৰ দেশৰ জৰৌৰৱা প্রজা ,
কি স’তে সোধো কুশলে আছনে আই
মহাজনৰ মাটিডৰাত নাঙল জুৰিছনে পিতাই
আমি মেহনতী মানুহ
মুঠিধৰা হাতৰ তলুৱা বৰ টান
নির্ঘাত চকুৰ নিচান
গাও বুলিলেই গাব পাৰো
মোৰ দেশ
মোৰ মাটিৰ গান
মুঠিধৰা হাতৰ তলুৱা বৰ টান
নির্ঘাত চকুৰ নিচান
গাও বুলিলেই গাব পাৰো
মোৰ দেশ
মোৰ মাটিৰ গান
আইৰ বুকুত গজিছে
সপোন।
জানইতো !
সপোনে পোখা মেলে যেনি তেনি
নির্ভীক নিৰংকুশ
জানইতো !
সপোনে পোখা মেলে যেনি তেনি
নির্ভীক নিৰংকুশ
সাতসৰী সপোনৰ
শিলিখামণি
ডিঙিত পিন্ধি
ডিঙিত পিন্ধি
বৰদৈ চিলাজনী
মাটিত ভেটিম
দুর্যোগৰ দোপালপিটা ৰাতি
দুর্যোগৰ দোপালপিটা ৰাতি
গাভৰু শিপিনী হাতে
আমালে’ বৈ দে কৱচ
সাতে সোতৰই
মাউখে উটিলে
গুৰি-পৰুৱাৰ মৰণ নাই
আমি মেহনতী মানুহ
মুঠিধৰা হাতৰ তলুৱা বৰ টান
নির্ঘাত চকুৰ নিচান
মুঠিধৰা হাতৰ তলুৱা বৰ টান
নির্ঘাত চকুৰ নিচান
কবি:
উইল চিদ্দিকুৰ
ৰহমান।
No comments:
Post a Comment