Thursday, 27 April 2017

অপৰাজিতা



অপৰাজিতা



অপৰাজিতা হৈ ৰওঁ
জীৱনৰ পিছল বাটত,
যুঁজি যুঁজিভাগৰি পৰো
নতুনৰ সন্ধানত।
নানিবা অাৰু বাৰিষাৰ বান
নুতুলিবা সাগৰৰ ঢৌ
জীবনটোক লৈ নানান গুণাগথা
নিৰব গধুলিত
এপাহি তলসৰা বকুল।
বহু হেৰুৱালো,ক্ষণ গণি গণি
যৌবনতে বুটলি ললো
শূলে বিন্ধি যোৱা তেজৰ বান।
উদিপ্ত সুৰুযক চাই বিচাৰি ফুৰো
নতুন জোনৰ
নতুন আভা।
আজি ভাগৰুৱা
তেওঁলোকৰ কথাত কাঁইটে বিন্ধে
মূৰ্চা যাওঁ
পৰি ৰওঁ
তোমাৰ দুৱাৰ দলিত।
সপোনৰ বাটকটিয়া তুমি.....
সঁচাকৈ আহিবানে নিয়ৰত সৰা
শেৱালি পাহিক আদৰিবলৈ
দুৱৰিৰ দলিচা পাৰি
শুভ্ৰ গোলাপৰ পাহি।

কবি:-
পুতুলী বেজবৰুৱা

No comments:

Post a Comment