Wednesday, 26 April 2017

এলাগিৰ কবিতা



এলাগিৰ কবিতা
_________________




মই লিখিম এলাগিৰ কবিতা
যত মন মাৰি
বহি থাকিবি তই ৷
ৰাতিপুৱা শেৱালী ফুল বুটলিবি তই
বকুল ফুলৰ গুন গাম মই ৷
তই যদি দিয় মোক
কবিতা লিখিব কলম কিনি
হৱ কলমটি কম দামি
ম মই হাতত নুশুৱাই বুলি ৷
যদি তই ৰুৱ পথাৰত ভুই
সোকলোকে জনাম মই
তই নহয় ৰুৱনী
পথাৰলৈ আহি মানুহক দেখাই
এনে মাৰ তই ফুটনি ৷
তোৰ আখলত ব্যঞ্জনৰ
অকনো নাই কিয় জুতি
সেই বাবেই তই মোৰ
আজীৱন এলাগি ৷
তই দেখোন নহয় আকাশ
বতাহো নহয় তই
নহয় তই গোলাপ জোপা
দেখো কেৱল তোৰ চকুত
ধুমুহাৰ জুই !!
কবি:-
ত্পল মেধি

No comments:

Post a Comment