Tuesday, 18 April 2017

আজিয়েই শেষ দিন



আজিয়েই শেষ দিন


আজিয়েই শেষ দিন
কাইলৈৰপৰা একেলগে সূর্য দর্শন কৰিম।
পাৰ হলো বহুদুৰ;
কেতিয়াবে সমদল, কেতিয়াবা দুর্বাদল।
সলনি কৰিছিলো পথ,
নদীবোৰৰ দৰে কেতিয়াবা তৰাং;
কেতিয়াবা জীয়া ভৰলীৰ মন।
মনৰ বাঘে ৰাতি বনত কান্দে,
হাবিৰপৰা ওলাই নাহে,
দিন হলে খিৰীকিৰে জঁপিয়াই পাৰ হয়।
ঋতুৱে জানো সলনি কৰে গছপাতৰ ৰং
ঘনে পতি জানো পিচলি পৰে শিলৰ কঠিন মন
একেই সপোন, একেই আপোন
কি কলা, কি বগা
জিভাত দিলে নিমখেই মিঠা !
সৌ দুৰত, দিগন্তৰ সিপাৰত
চোতাল একেখনেই সাঁজি থোৱা
আজিয়েই শেষ দিন
কাইলৈৰপৰা একেলগে সূর্য দর্শন কৰিম।
কবি:-
ৰৌচন আৰা বেগম

No comments:

Post a Comment