বিহলঙনি : আখৰুৱাৰ
হাস্য-ব্যংগ ৰসৰ শিতান : প্ৰস্তাৱনা খণ্ড :
১ ব'হাগ, ১৯৩৯ শক
১ ব'হাগ, ১৯৩৯ শক
# বিহু নে বৰবিষ#
বিহু বুলি ক'লেইচোন
মনটো ইচাট- বিচাট,
শুনিলেই ঢোল পেঁপাৰ মাত
সৰিয়হ ফুটে গাত --
পাহৰি যাওঁ জাত-পাত
যৌৱনে গজালি মেলে বুঢ়া দেহাত ।
মনটো ইচাট- বিচাট,
শুনিলেই ঢোল পেঁপাৰ মাত
সৰিয়হ ফুটে গাত --
পাহৰি যাওঁ জাত-পাত
যৌৱনে গজালি মেলে বুঢ়া দেহাত ।
পিছে বোপাইহঁত
-----
টেটুলৈকে বৰবিষ সোপা খাই
কাণ তাল মৰা শবদত
কিৰিলি পাৰি জপিয়াই
কিডাল নো সংস্কৃতি
ৰাখিব খুজিছা জীয়াই ?
টেটুলৈকে বৰবিষ সোপা খাই
কাণ তাল মৰা শবদত
কিৰিলি পাৰি জপিয়াই
কিডাল নো সংস্কৃতি
ৰাখিব খুজিছা জীয়াই ?
মাজ নিশাৰ নুপুংসক
গীতে
হৃদয় নেপেলাই জুৰ ,
জপিয়াই জপিয়াই শুনালা যি
সেয়া জানো বিহুৰ সুৰ ?
হেৰৌ অসমীয়া কৃষ্টি আজি
কোন বাটে ল'লে মোৰ ??
হৃদয় নেপেলাই জুৰ ,
জপিয়াই জপিয়াই শুনালা যি
সেয়া জানো বিহুৰ সুৰ ?
হেৰৌ অসমীয়া কৃষ্টি আজি
কোন বাটে ল'লে মোৰ ??
সংস্কৃতিৰ নামত
কেৱল চান্দা
বিহুৰ নামতো বেপৰোৱা ধান্দা
অসমীয়া কৃষ্টি দিনক দিনে মন্দা
সকলো যেন নাচোৰবান্দা ॥
বিহুৰ নামতো বেপৰোৱা ধান্দা
অসমীয়া কৃষ্টি দিনক দিনে মন্দা
সকলো যেন নাচোৰবান্দা ॥
ধনলৈ বুলি তাঁতৰ
শালত
চেনাইৰ গামোচা নাই ,
"ঢেঁকী" নো কি----- ?
আজিৰ চামে বুজিকে নাপায় ,
"হেপী বিহু " বুলি মাথোঁ
মোবাইলত মেচেজ পঠিয়াই
জাতি -মাটি , সংস্কৃতিৰ নাম
আখৈ ফুটে মুখত কথাই কথাই ॥
চেনাইৰ গামোচা নাই ,
"ঢেঁকী" নো কি----- ?
আজিৰ চামে বুজিকে নাপায় ,
"হেপী বিহু " বুলি মাথোঁ
মোবাইলত মেচেজ পঠিয়াই
জাতি -মাটি , সংস্কৃতিৰ নাম
আখৈ ফুটে মুখত কথাই কথাই ॥
বোপাইহঁত কৰিছানে
মন ?
ডিঙিত যে মেৰিয়াইছা সেইখন
নাই দেখোঁ তাতো অসমীয়া গোন্ধ ।
চালানী গামোচা ডিঙিত মেৰিয়াই
ৰাখিবা জানো কৃষ্টি জীয়াই ? ?
ডিঙিত যে মেৰিয়াইছা সেইখন
নাই দেখোঁ তাতো অসমীয়া গোন্ধ ।
চালানী গামোচা ডিঙিত মেৰিয়াই
ৰাখিবা জানো কৃষ্টি জীয়াই ? ?
কাকুতি কৰিছোঁ
বোপাইহঁত
বাপতি সাহোন বিহুটিক
"বৰ বিহ" নাপাতিবা ,
অসমীয়া কৃষ্টিৰ আঁতডাল
কাবৌ কৰিছোঁ ---
হেৰাই যাবলৈ নিদিবা ।
বাপতি সাহোন বিহুটিক
"বৰ বিহ" নাপাতিবা ,
অসমীয়া কৃষ্টিৰ আঁতডাল
কাবৌ কৰিছোঁ ---
হেৰাই যাবলৈ নিদিবা ।
~সুভাষ দাস
সদস্য, আখৰুৱা।
সদস্য, আখৰুৱা।
_____________________________
ব্যাৱস্থাপকৰ
সংযোজন :
ৰঙালী বিহুৰ ওলগ
জনাই- আখৰুৱা পৰিচালনা সমিতিৰ প্ৰস্তাৱ মৰ্মে আৰু ইতিমধ্যে ঘোষণা কৰা অনুসৰি, আখৰুৱাৰ নতুন শিতান 'বিহলঙনি'ৰ প্ৰস্তাৱনা খণ্ডটো আজি ৰাইজলৈ আগবঢ়ালোঁ। মূল আপদীয়া-পদ্যটোৰ কবি
আখৰুৱাৰ নতুন সদস্য সুভাষ দাসলৈ আমাৰ
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে 'বিহলঙনি'ৰ প্ৰতীক-চিত্ৰখন আখৰুৱাৰ প্ৰশাসকবৃন্দৰ অনুৰোধ মৰ্ম আখৰুৱাৰ সদস্য, কবি, চিত্ৰশিল্পী নীলাভ সৌৰভৰ উদ্যোগত, চিত্ৰখন আঁকিছে আখৰুৱাৰ আনগৰাকী নতুন সদস্য, কবি, চিত্ৰশিল্পী অচ্যুত প্ৰবৰ শৰ্মাই।
দুয়োগৰাকীলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
শিতানটোৱে ৰাইজৰ
মৰম পালে, আগলৈ এইদৰে আমি 'বিহলঙনি' শিতানটো নিবেদন
কৰিবলৈ যত্ন কৰিম। এইক্ষেত্ৰত ব্যৱস্থাকৰ পৰা আখৰুৱাৰ সদস্যৰ সৈতে যোগাযোগ কৰা হ'ব। অৱশ্যে কোনো সদস্যই আগ্ৰহ কৰিলে শিতানটোলৈ ব্যৱস্থাপকলৈ তেখেতসকলৰ লিখনি পঠিয়াব
পাৰিব। নতুবা তলত উল্লেখ কৰা, আখৰুৱা পৰিচালনা সমিতিৰ ইমেইল ঠিকনালৈ
প্ৰেৰণ কৰিব পাৰিব।
ধন্যবাদ।
পলাশ বৰা,
ব্যৱস্থাপক, বিহলঙনি শিতান
আখৰুৱা : literati
১ ব'হাগ, ১৯৩৯ শক
১৫ এপ্ৰিল, ২০১৭
__________________________
আখৰুৱা পৰিচালনা সমিতিৰ ইমেইল ঠিকনা
apsamitee@gmail.com
ব্যৱস্থাপক, বিহলঙনি শিতান
আখৰুৱা : literati
১ ব'হাগ, ১৯৩৯ শক
১৫ এপ্ৰিল, ২০১৭
__________________________
আখৰুৱা পৰিচালনা সমিতিৰ ইমেইল ঠিকনা
apsamitee@gmail.com
No comments:
Post a Comment