Saturday, 22 April 2017

মিতভাষ -- ১৮০



মিতভাষ -- ১৮০
খ্যাতিৰ শিখৰত আৰোহণ কৰা
.
খ্যাতিৰ শিখৰত আৰোহণ কৰা মানুহজন এতিয়া ক্লান্ত । ঘূৰি যাব খোজে সেই শূন্যতালৈ ... য'ৰ পৰা এদিন তেওঁ আৰম্ভ কৰিছিল যাত্রা । পোহৰৰ সন্ধানত তিলে তিলে নিজকে হেৰুৱাই তেওঁ বিচাৰি ফুৰিছে নিজৰে মুখ। উভতাৰ বাট যে ৰুদ্ধ --- তেওঁ জানে । সেয়ে অপেক্ষাৰত সেই ব্রহ্মমুহূৰ্তলৈ --- যি মুহূৰ্তই খুলি দিব সকলো শৃৃংখল ... তেওঁ বিলীন হ'ব নিঃসীম অন্ধকাৰত । প্রাপ্তিৰ প্রাচুৰ্যৰে পিষ্ট মানুহজন ! যেন আঁৰকাপোৰৰ আঁৰৰ এটা অৱৰুদ্ধ কান্দোন ।
কবি:-
অনিতা গগৈ

No comments:

Post a Comment